ETV Bharat / state

দেৰগাঁৱৰ আৰক্ষী একাডেমীত জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ষষ্ঠ সন্মিলন, অপৰাধীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ হুংকাৰ

দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ষষ্ঠ সন্মিলনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

lachit barphukan police academy
দেৰগাঁৱৰ আৰক্ষী একাডেমীত জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ষষ্ঠ সন্মিলন (ASSAM POLICE X)
author img

By ETV Bharat Assamese Team

Published : September 2, 2026 at 11:00 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বুধবাৰে দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ষষ্ঠ সন্মিলনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই সন্মিলনত জ্যেষ্ঠ বিষয়াসকলক একত্ৰিত কৰি আইন আৰু শৃংখলা, ড্ৰাগছৰ বিৰুদ্ধে যুঁজ, মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে ৷

মুখ্যমন্ত্ৰী শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ৰাইজৰ আইন আৰু শৃংখলা, ড্ৰাগছৰ বিৰুদ্ধে যুঁজ, মহিলা আৰু শিশুৰ সুৰক্ষা বিষয়ত আলোচনা কৰাৰ লগতে আধুনিক স্মাৰ্ট আৰক্ষী, নতুন প্ৰযুক্তিৰ অধিক ব্যৱহাৰ আৰু অধিক সঁহাৰি জনোৱা, জনসাধাৰণমুখী আৰক্ষী গঢ়ি তোলাৰ সন্দৰ্ভত আলোচনা হয় বুলি জানিবে পৰা গৈছে ৷

এই সন্দৰ্ভত অসম আৰক্ষীয়ে এক্স যোগে উল্লেখ কৰে,"লাচিত বৰফুকন আৰক্ষী একাডেমীত অনুষ্ঠিত ৰাজ্যৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ষষ্ঠ সন্মিলনত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হয় এক বিশেষ বৈঠক ৷ ৰাজ্যৰ আইন আৰু শৃংখলা, ড্ৰাগছৰ বিৰুদ্ধে যুঁজ, মহিলা আৰু শিশুৰ অপৰাধমূলক কাৰ্য প্ৰতিৰোধ আদি বিষয়ত আলোচনা কৰা হয় ৷"

উল্লেখ্য যে, ৰাজ্যত প্ৰতিদিনে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷

অসম আৰক্ষী কাৰ্যালয়ে কয়,"অসম আৰক্ষীক আধুনিক তথা স্মাৰ্ট আৰক্ষী ৰূপে গঢ়ি তোলা, নতুন প্ৰযুক্তিৰ অধিক ব্যৱহাৰ আৰু তাৎক্ষণিকভাবে সঁহাৰি জনোৱা, জনসাধাৰণমুখী আৰক্ষী গঢ়ি তোলাৰ ব্যৱস্থাৰ সন্দৰ্ভত আলোচনা হয় ৷ কেনেকৈ অপৰাধ নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ বাবে অসম আৰক্ষীৰ আধুনিকীকৰণৰ বাবে চেষ্টা কৰা হ'ব ৷"

লগত পঢ়ক:১২৬টা বিধানসভা সমষ্টিৰ বাবে ১২৬ গৰাকী অৰুণোদয় সাৰথি নিযুক্তি