পাকিস্তানৰ সৈতে লিংক থকাৰ সন্দেহত কাৰাগাৰলৈ প্ৰেৰণ তেজপুৰৰ মহিলাক
পাকিস্তানৰ সৈতে কেনেকৈ লিংক হ'ল তেজপুৰৰ মহিলাৰ ? কি কি তথ্য আছে আৰক্ষীৰ হাতত ?

Published : December 11, 2025 at 11:46 PM IST
তেজপুৰ : তেজপুৰৰ এগৰাকী মহিলাই বিদেশত বিদেশী কিছু নাগৰিকৰ বে-আইনী কামত লিপ্ত হৈছে । ইতিমধ্যে এই কথা কিছুদিন পূৰ্বে পোহৰলৈও আহিছে । আমি উল্লেখ কৰা মহিলাগৰাকী হৈছে তেজপুৰৰ কলিতা উপাধিৰ এগৰাকী মহিলাক । যিমানে সময় বাগৰিছে, সিমানে এই ঘটনাই ন ন ৰূপ লোৱা দেখা গৈছে ।
৫ ডিচেম্বৰত ধন লেনদেন কেন্দ্ৰিক এটা গোচৰত ডুবাইৰ পৰা উভতি অহাৰ পাচতে আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰিছিল । তদন্তৰ সময়তেই পাকিস্তানী নাগৰিকৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পৰ্ক আৰু বিবাহৰ কথা সুস্পষ্ট হৈ পৰে ।
শোণিতপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ মতে, তেজপুৰৰ বৰঝাৰ গাঁৱৰ এটা পৰিয়ালৰ বেংক একাউণ্টত বিদেশৰ পৰা প্ৰয়োজনতকৈ বৃহৎ পৰিমাণৰ ধন সোমোৱাৰ তথ্য পোৱাৰ পাচতে আৰক্ষী সক্ৰিয় হৈ পৰে । বেংকৰ অভিযোগৰ আধাৰত আৰম্ভ কৰা হয় তদন্ত । এই তদন্তত বহু গুপ্ত তথ্যই পোহৰলৈ আহে ।
শেহতীয়াকৈ ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬(২)/৩৮০(৪)/৩৪০(২)/৩(৫) ধাৰাটো ব্যৱহাৰ কৰি তেজপুৰ আৰক্ষীয়ে ৭৭০/২৫ নম্বৰত এটা গোচৰ ৰুজু কৰে । এই গোচৰৰ আধাৰতে কলিতা উপাধিৰ এগৰাকী মহিলাগৰাকীৰ লগতে জিতু কলিতা, চিমু দাস আৰু অভিজিৎ দাসক গ্ৰেপ্তাৰ কৰা হয় ।
এই ঘটনাৰ মূল অভিযুক্ত মহিলাগৰাকীক প্ৰথমে আৰক্ষীৰ জিম্মাত ৰাখি জেৰা চলাই আৰু আন ধৃত তিনি লোকক ৫ ডিচেম্বৰৰ দিনাই কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ।
আৰক্ষীৰ জেৰাত কলিতা উপাধিৰ মহিলাগৰাকীয়ে পাকিস্তানৰ নাগৰিক এজনৰ সৈতে সম্পৰ্ক থকাৰ লগতে তেওঁলোকে ২৫ ফেব্ৰুৱাৰীত বিবাহো কৰে, সেই কথা স্বীকাৰ কৰে । এই ঘটনাৰ তদন্ততেই ডুবাই, ইউনাইটেড আৰৱ এমিৰেট আদিকে ধৰি বিদেশ ভ্ৰমণৰ বিৱৰণো আৰক্ষীৰ হাতলৈ আহে ।
সন্দেহজনক লেনদেনৰ অভিযোগতে কলিতা উপাধিৰ মহিলাগৰাকী আৰু তেওঁৰ সহযোগীকেইটাৰ পৰা ৪৪খন এটিএম কাৰ্ড, ১৭টা বেংক পাচবুক, চেকবুক আদি জব্দ কৰা হয় ।

তদন্তকাৰী দলৰ সূত্ৰ মতে, কলিতা উপাধিৰ মহিলাগৰাকীয়ে ফেচবুকৰ জৰিয়তে পাকিস্তানী লোকজনৰ সৈতে প্রথমে পৰিচিত হয় আৰু তাৰ পিছতেই ডুবাইলৈ যায় । জ্যোতিকাই সঘনাই কৰা বিদেশ যাত্ৰা আৰু সন্দেহজনক লেনদেনৰ বাবে এই গোচৰটোক অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে ।
বৃহস্পতিবাৰে (১১/১২/২০২৫) কলিতা উপাধিৰ মহিলাগৰাকীক তেজপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ সমুখত হাজিৰ কৰোৱা হয় । তাৰ পাচতে বিয়লিৰ ভাগত অভিযুক্ত জ্যোতিকাক তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণৰ আদেশ দিয়া হয় । শোণিতপুৰৰ উপ–আৰক্ষী অধীক্ষক অংকুৰ বৰাই জনোৱা মতে আৰক্ষীয়ে এই ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে ।

