উচ্চস্তৰীয় তদন্ত সমিতি গঠন,উপাচাৰ্যক অপসাৰণৰ দাবী তেজপুৰ বিশ্ববিদ্যালয় ঐক্যমঞ্চৰ
উচ্চতম ন্যায়ালয়ে অযোগ্য ঘোষণা কৰা ব্যক্তিক তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য নিযুক্তি !

Published : November 26, 2025 at 3:27 PM IST
তেজপুৰ: তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভূনাথ সিঙৰ বিৰুদ্ধে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতেই আৰম্ভ হয় প্ৰতিবাদী কাৰ্যসূচী । এই আন্দোলন আৰু প্ৰতিবাদ অব্য়াহত থকাৰ মাজতেই উপাচাৰ্যৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষক, কৰ্মচাৰী একত্ৰিত হৈ গঠন কৰিছে তেজপুৰ বিশ্ববিদ্যালয় ঐক্যমঞ্চ । এই ঐক্যমঞ্চই বিশ্ববিদ্যালয়ৰ কাউন্সিল হলত সংবাদমেল অনুষ্ঠিত কৰি তথ্যসহ বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰে ।
বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যই বিশ্ববিদ্যালয় অনুদান আয়োগৰ বহু নীতি-নিয়ম উলংঘা কৰি ৰামকৃষ্ণ মাথে নামৰ এজন ব্যক্তিক অতি উচ্চ দৰমহাত বিশ্ববিদ্যালয় কম্পিউটাৰ চেণ্টাৰৰ সঞ্চালক পদত নিযুক্তি দিছিল । বৰ্তমান তেওঁক এই দুৰ্নীতি বিষয়ত প্ৰশ্ন কৰাত তেওঁ পলায়ন কৰে । যোৱা ডেৰ মাহেই তেওঁ বিশ্ববিদ্যালয়ত হোৱা নাই উপস্থিত । বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ ই-মেইল, আৰু ছাত্ৰী নিবাসৰ চিচি টিভি ফুটেজৰ সম্পূৰ্ণ ব্যৱস্থা নীতি বৰ্হিভূতভাৱে তেওঁৰ ওচৰত ৰাখি মৌলিক অধিকাৰ খৰ্ব কৰিছে বুলি অভিযোগ উত্থাপন কৰে ঐক্যমঞ্চই ।
বিশ্ববিদ্যালয়ৰ বিত্তীয় বিষয়াজনৰ চাকৰিৰ ম্যাদ বয়সৰ ফালৰ পৰা উকলিল যদিও উপাচাৰ্যই নিজৰ খেয়াল খুচি মতে তেওঁৰ চাকৰিৰ ম্যাদ বাৰে বাৰে বৃদ্ধি কৰি আহিছে বুলিও ঐক্যমঞ্চই অভিযোগ কৰে । বিশ্ববিদ্যালয়ত শেহতীয়াকৈ মুকলি কৰা এটা ছাত্ৰী নিবাস আৰু এটা ছাত্ৰাবাসত হোৱা আন্ত:গাঁথনিমূলক কামকাজৰ চূড়ান্ত গাফিলতিৰ কথা ফটো ভিডিঅ'সহ ফাদিল কৰে ছাত্ৰ সমাজৰ প্ৰতিনিধিয়ে । ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰিৰ দৰমহা আৰু ছুটিৰ নামত মানসিক নিৰ্যাতন চলোৱাৰ কথাও ৰাজহুৱা কৰে শিক্ষক আৰু কৰ্মচাৰী সমাজৰ প্ৰতিনিধিয়ে ।
অসমৰ ইতিহাসৰ প্ৰতি ন্য়ূনতম সন্মান প্ৰদৰ্শন নকৰা উপাচাৰ্যগৰাকীয়ে লাচিত বৰফুকনৰ নামত বিশ্ববিদ্যালয়ত প্ৰতিৰক্ষা কেন্দ্ৰ স্থাপনৰ ঘোষণা কৰি আজিকোপতি একো কৰিবলৈ সক্ষম নহ'ল । সাঁচিপাত আৰু সাঁচিস্তূপৰ পাৰ্থক্য নজনা, বিগত ২০১৩ বৰ্ষত উচ্চতম ন্যায়ালয়ে অযোগ্য ঘোষণা কৰা ব্যক্তিগৰাকীক পুনৰ তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য হিচাপে নিযুক্তি দিয়াত ক্ষোভ প্ৰকাশ কৰে ।
SAIC পুঁজিৰে নিৰ্মাণ হোৱা কেন্দ্ৰত আন্তঃগাঁথনিৰ কাম-কাজ যোৱা আঢ়ৈ বছৰে স্তব্ধ হৈ পৰিছে । ফলত শিক্ষাৰ্থী সকলৰ শিক্ষা গ্ৰহণত ব্যাঘাত জন্মিছে । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ সচিব বিনীত যোশীৰ সৈতে শিক্ষক গোটৰ হোৱা সাক্ষাৎকাৰত ইতিবাচক সঁহাৰি পোৱা নগ'ল বুলিও শিক্ষক আৰু কৰ্মচাৰী প্ৰতিনিধিয়ে অভিযোগ কৰে ।

সংবাদমেলৰ অন্তত প্ৰতিনিধি সকলে কয় যে অসমৰ ১২৬ গৰাকী বিধায়ক, ১৪ গৰাকী লোকসভাৰ সাংসদ, ৭ গৰাকী ৰাজ্যসভাৰ সাংসদ আছে, তেওঁলোকে সদনত বিষয়টো উত্থাপন কৰক । তেওঁলোকক ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিবলৈও দাবী জনায় মঞ্চই । অসমত ছাত্ৰ সমাজৰ হিতৰ বাবে বিভিন্ন দল-সংগঠন আছে, তেওঁলোককো এই বিষয়ত সৰৱ হ'বলৈও বিশেষভাৱে আহ্বান জনায় ঐক্যমঞ্চই ।
উল্লেখ্য় যে জিলা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত, ৰাজ্যপালৰ তদন্তৰকাৰী সমিতি, কেন্দ্ৰীয় শিক্ষা বিভাগৰ তদন্তকাৰী সমিতিয়ে তদন্ত কৰাৰ পিছতো প্ৰতিবেদন আজিলৈকে ৰাজহুৱা নকৰাত ঐক্যমঞ্চই ক্ষোভ প্ৰকাশ কৰি কয়, "আমি দেশৰ উচ্চতম ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশ বা অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা এখন উচ্চস্তৰীয় তদন্ত সমিতি গঠন হোৱাটো বিচাৰো । তদন্তৰ সময়ত সিঙক নিলম্বন কৰি এজন ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি দিয়াৰো দাবী জনাইছো । অতি সোনকালে সিঙৰ অপসাৰণ বিচাৰিছো যাতে বিশ্ববিদ্যালয়লৈ পুনৰ শৈক্ষিক সুস্থিৰতা ঘূৰি আহে ।" অতিশীঘ্ৰে দাবীসমূহ পূৰণ নহ'লে এই প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰিব বুলি ঐক্যমঞ্চই সকীয়াই দিয়ে ।
এই সন্দৰ্ভত তেজপুৰ বিশ্ববিদ্য়ালয় অনাশিক্ষক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক পাৰ্থ চৌধুৰীয়ে কয়, "এনেকুৱা অৱস্থা কাহানিও হোৱা নাছিল । এগৰাকী প্ৰশাসনিক মূৰব্বী নোহোৱাৰ দুমাহ হ'ল । এই ব্য়ৱস্থাটো ইতিমধ্য়ে তেওঁ ধ্বংস কৰি থৈ গৈছে । প্ৰো উপচাৰ্য দিয়া নাই ।"

