তেজপুৰ বিশ্ববিদ্যালয়ৰ বিতৰ্ক : কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ পলম সিদ্ধান্তৰ বিৰুদ্ধে অসন্তুষ্ট ছাত্র সমাজ
আজিও ঠিক হোৱা নাই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে অসন্তুষ্ট প্ৰকাশ ছাত্র সমাজৰ ।

Published : December 12, 2025 at 8:55 PM IST
তেজপুৰ : তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত চলি থকা সংকতক লৈ বিশ্ববিদ্যালয়ৰ অংশীদাৰসকলে শিক্ষা মন্ত্ৰালয়ৰ “অগ্ৰাহ্যযোগ্য পলম”ক তীব্ৰ সমালোচনা কৰিছে । বিশ্ববিদ্যালয়খনত 85 দিনতকৈও অধিক সময় ধৰি চলি থকা আন্দোলনৰ সত্ত্বেও, মন্ত্ৰালয়ে এতিয়াও কোনো আনুষ্ঠানিক সঁহাৰি প্ৰকাশ নকৰাত ছাত্ৰ-ছাত্রী, শিক্ষক, কৰ্মচাৰীসহ সমগ্ৰ বিশ্ববিদ্যালয় সমাজত গুৰুতৰ উদ্বেগ সৃষ্টি হৈছে ।
ছাত্র-ছাত্ৰীসকলে শুকুবাৰে প্ৰতিবাদথলীত এক সংবাদমেল আয়োজন কৰি কয়, "শিক্ষা মন্ত্ৰালয়ে উপাচাৰ্য শম্ভু নাথ সিঙৰ বিৰুদ্ধে তদন্ত আৰম্ভ হ'ব বুলি অনানুষ্ঠানিক লিখিত আশ্বাস দিলেও, এতিয়ালৈকে বিশ্ববিদ্যালয়ৰ ওচৰলৈ কোনো নিৰ্দেশনা অহা নাই ।"
ছাত্র-ছাত্ৰীৰ হৈ অনন্যা দেৱী, দ্বীপনীল ৰয়, অশুতোষ যাদৱে কয়, "এই দীৰ্ঘ মৌনতাৰ ফলত কেম্পাছত অস্থিৰতা আৰু অনিশ্চয়তা বৃদ্ধি পাইছে ।"

উল্লেখযোগ্য যে, যোৱা ৬ ডিচেম্বৰ শনিবাৰে বিয়লি বিশ্ববিদ্যালয়ত উপস্থিত হৈছিল ভাৰত চৰকাৰৰ উচ্চ শিক্ষা মন্ত্ৰণালয়ৰ সচিব তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ ডঃ বিনীত যোশী আৰু উচ্চ শিক্ষা মন্ত্ৰণালয়ৰ যুটীয়া সচিব সৌম্য গুপ্তা সহিতে এটা প্ৰতিনিধি দল । ছাত্ৰ, শিক্ষক সন্থা আৰু অনা শৈক্ষিক কৰ্মচাৰীৰ প্ৰতিনিধিৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হয় । আলোচনাৰ অন্তত সচিব বিনীত যোশীয়ে মন্তব্য কৰিছিল যে সকলোৰে লগত আলোচনা কৰা হ'ল, ৭ ডিচেম্বৰত ৰাজ্যপালৰ লগত এই বিষয়ে আলোচনা কৰা হ'ব ।

কিন্তু আলোচনাৰ সিদ্ধান্তকলৈ সন্তুষ্ট নহৈছিল ছাত্ৰ শিক্ষক সমাজ । তাৰ পিছত ছাত্র-ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি পথ অৱৰোধ কৰি প্ৰতিনিধি দলটোক ৩ ঘণ্টা আবদ্ধ কৰি ৰাখিছিল । পৰৱৰ্তী সময়ত এখন কাগজত হাতে লিখা প্ৰতিশ্ৰুতি দিয়াত ছাত্রসকলে পথ মুকলি কৰি দিছিল ।

