ETV Bharat / state

অসমত আৰম্ভ ‘জন আশীৰ্বাদ যাত্ৰা’, আগন্তুক নিৰ্বাচনক লৈ সক্ৰিয় অসম বিজেপি

ঢেকীয়াজুলিৰ পৰা ৰঙাপাৰালৈ ‘জন আশীৰ্বাদ যাত্ৰা’৷ মুখ্য়মন্ত্ৰীৰ লগতে একাধিক জ্য়েষ্ঠ বিজেপি নেতাৰ যোগদান ৷ ৰাইজৰ সঁহাৰি ৷

BJP ashirwad yatra
ঢেকীয়াজুলিৰ পৰা ৰঙাপাৰালৈ মুখ্যমন্ত্ৰীৰ ‘জন আশীৰ্বাদ যাত্ৰা’ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 28, 2026 at 12:16 PM IST

|

Updated : February 28, 2026 at 12:23 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ : অসমত অনুষ্ঠিত হ'বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত বিজেপিয়ে শোণিতপুৰ জিলাৰ পৰা আৰম্ভ কৰিছে ‘জন আশীৰ্বাদ যাত্ৰা’ । বিজেপিৰ এই ৰাজনৈতিক যাত্ৰাই জিলাখনৰ বিভিন্ন অঞ্চলত ব্যাপক উৎসাহ-উদ্দীপনা সৃষ্টি কৰে। এই যাত্ৰাত ৰাজ্য়ৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্য়িক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় ৰাজ্য়িক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেবিনেট মন্ত্ৰী অশোক সিংহল সমন্বিতে একাধিক নেতা কৰ্মীয়ে যোগদান কৰে ৷

ঢেকীয়াজুলিত স্থানীয় ৰাইজে ওজাপালি তথা হোলী উৎসৱৰ গীত পৰিৱেশন কৰি মুখ্যমন্ত্ৰীক আদৰি নি অনুষ্ঠানৰ আৰম্ভণি কৰে ৷

এই জন আশীৰ্বাদ যাত্ৰাই ঢেকীয়াজুলি, বৰছলা, তেজপুৰ, নদুৱাৰ আৰু ৰঙাপাৰা এই পাঁচটা সমষ্টিৰ কেবাটাও অঞ্চলত উপস্থিত হৈ জনসাধাৰণৰ সৈতে পোনপটীয়া সংযোগ স্থাপন কৰিব ৷

পথসভা আৰু জনসমাগমত মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ উন্নয়নমূলক আঁচনি, আন্তঃগাঁথনি উন্নয়ন, শিক্ষা-স্বাস্থ্য খণ্ডৰ সংস্কাৰ আৰু আত্মনিৰ্ভৰ অসমৰ দৃষ্টিভংগী সন্দৰ্ভত বক্তব্য ৰাখি যাব ।

যাত্ৰাৰ সময়ছোৱাত বিজেপিৰ দলীয় পতাকা আৰু সমৰ্থকৰ ভিৰে একাধিক স্থানত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে । দলীয় সূত্ৰই জনাইছে যে এই ‘জন আশীৰ্বাদ যাত্ৰা’ৰ জৰিয়তে শাসক দলটোৱে ভোটাৰসকলৰ পৰা সমৰ্থন আৰু আশীৰ্বাদ বিচাৰিছে ।

এই যাত্ৰাৰ প্ৰেক্ষাপটত তেজপুৰ–ৰৌতা, বালিপাৰা–তেজপুৰ, ভালুকপুং–বালিপাৰা আদি দিশত নিৰ্দিষ্ট সময়ত বিকল্প পথ ব্যৱহাৰৰ নিৰ্দেশাৱলী দিয়া হৈছে । থেলামৰা তিনিআলিৰ পৰা ৰৌতালৈ নিৰ্দিষ্ট সময়ত ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ চলাচল নিষিদ্ধ থাকিব । লগতে গুৱাহাটী আৰু বাইহাটা চাৰিআলিলৈ যোৱা বাহনসমূহক নগাঁও হৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছে ।

ট্ৰেফিক পৰামৰ্শৰ সংক্ষিপ্ত বিবৰণ :

  • তেজপুৰৰ পৰা ৰৌতালৈ যোৱা বাহনে পুৱা ১০ বজাৰ পৰা বি পি তিনিআলি হৈ মিছন চাৰিআলি–বিন্দুকুৰি–চেঁচা–ৰঙাপাৰা–বৰজুলি–খেৰছাবাৰী–কলাকুছি–ঠেলামৰা–গৰুদুৱা–ধিৰাইমাজুলি আদি বিকল্প পথ ব্যৱহাৰ কৰিব ।
  • বি পি তিনিআলি আৰু ঠেলামৰা মাজৰ বাহনে পুৱা ১০:৩০ বজাৰ পৰা ছাগলী হাট হৈ বিকল্প পথ ল’ব ।
  • ঠেলামৰা তিনিআলিৰ পৰা ৰৌতালৈ ৰাষ্ট্ৰীয় ঘাইপথত পুৱা ১১:৩০ বজাৰ পৰা দুপৰীয়া ২:৩০ বজালৈ বাহনৰ প্ৰৱেশ নিষিদ্ধ ।
  • দুপৰীয়া ১২:৩০ বজাৰ পৰা মিছন চাৰিআলি হৈ গৰৈমাৰী দিশে বিকল্প পথ ব্যৱহাৰ কৰিব পাৰিব ।
  • ৰৌতাৰ পৰা তেজপুৰলৈ সৰু বাহনে জাৰদিয়া পইণ্ট হৈ শিঙৰী–অসম মালা ৰ’ডেৰে চলাচল কৰিব ।
  • বালিপাৰাৰ পৰা তেজপুৰলৈ যোৱা বাহনে দুপৰীয়া ৩ বজাৰ পৰা সোণাবিল পইণ্ট হৈ যাত্ৰা কৰিব ।
  • সোণাবিল আৰু ডেকাৰগাঁও মাজৰ বাহনে মীট চাপ্লাই আৰু বামুনগাঁও পথ ব্যৱহাৰ কৰিব ।
  • মুখ্যমন্ত্ৰীৰ কনভয় শালনিবাৰী পাৰ হোৱাৰ পিছত ভালুকপুঙৰ পৰা বালিপাৰালৈ যোৱা বাহনে গ্ৰীফ কেম্প–ধাৰিকাটি পথ ল’ব ।
  • তেজপুৰ চহৰৰ ভিতৰত তেজপুৰ–মিছন চাৰিআলি দিশে যোৱা বাহনে কেকুৰাপুল–বেচেৰিয়া পথ ব্যৱহাৰ কৰিব ।
  • আনহাতে গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি হৈ যোৱা বাহনসমূহক নাগাঁও হৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছে ৷

লগতে পঢ়ক :

বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ তিনিটাকৈ গীত মুকলি; আজাৰৰ ঘটনাক লৈও প্ৰতিক্ৰিয়া মুখ্যমন্ত্রীৰ

'পিঞ্জৰাত বন্দী অসমীয়া নাৰী': গৌৰৱ গগৈ

Last Updated : February 28, 2026 at 12:23 PM IST