শিশুসকলক গ্ৰন্থৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে তেজপুৰ সাহিত্য সভাৰ ব্যতিক্ৰমী পদক্ষেপ
তেজপুৰ সাহিত্য সভাৰ ব্যতিক্ৰমী প্ৰয়াস, 'আমাৰ কিতাপ আমি পঢ়িম' অনুষ্ঠানত কিতাপৰ প্ৰতি আকৃষ্ট শতাধিক শিশু ।

Published : June 14, 2026 at 10:40 AM IST
তেজপুৰ: যিসময়ত শিশুসকলক ব্যাপকভাৱে ম'বাইল ফোনে গ্ৰাস কৰিছে, একে সময়তে একাংশ ছাত্ৰ-ছাত্ৰীয়ে গ্ৰন্থ অধ্যয়ন অব্যাহত ৰাখিছে । ফলস্বৰূপে নতুন নতুন গ্ৰন্থৰ প্ৰতি আগ্ৰহী হৈ পৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ।
শিশুসকলক কিতাপৰ সৈতে নিবিড়ভাৱে সংযুক্ত কৰাৰ লক্ষ্যৰে তেজপুৰ সাহিত্য সভাই গ্ৰহণ কৰা ব্যতিক্ৰমী পদক্ষেপ 'আমাৰ কিতাপ আমি পঢ়িম–শিশু পুথিভঁৰাল আৰু শিশু, এটি অন্তৰংগ আলাপ' শীৰ্ষক অনুষ্ঠানটোৱে শনিবাৰে ব্যাপক সঁহাৰি লাভ কৰে ।
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৬০ গৰাকী আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ ৩৭ গৰাকী ছাত্ৰীসহ মুঠ ৯৭ গৰাকী শিক্ষাৰ্থীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ পচন্দৰ কিতাপ বিচাৰি পুথিভঁৰাল মুখৰিত কৰি তোলে ।
তেজপুৰ সাহিত্য সভাৰ সদ্য উন্মোচিত শিশু পুথিভঁৰালত অনুষ্ঠিত এই কাৰ্যসূচীত শিশুসকলৰ সৈতে অন্তৰংগ আলাপত মিলিত হয় সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস, সমাজকৰ্মী মীনাক্ষী শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা শিশু মনস্তত্ত্বৰ সৈতে জড়িত লিপিকা চহৰীয়া, নমিতা ডেকা লহকৰকে আদি কৰি অনেক গণ্যমান্য ব্যক্তি । তেওঁলোকে বিভিন্ন প্ৰশ্ন আৰু আলোচনাৰ জৰিয়তে শিশুসকলক কিতাপ পঢ়াৰ প্ৰতি উৎসাহিত কৰে ।
অনুষ্ঠানত উপস্থিত শিশুসকলে আগ্ৰহেৰে 'বুঢ়ী আইৰ সাধু', 'অমৰ চিত্ৰ কথা', ৰুবুল মাউতৰ 'মোৰো এটা সপোন আছে', সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ গীতৰ কিতাপ, জুবিন গাৰ্গৰ গীতৰ কিতাপ, বিভিন্ন সাধুকথা আৰু জ্ঞানমূলক গ্ৰন্থ হাতত তুলি লয় । একাংশ শিক্ষাৰ্থীয়ে কিতাপ পঢ়াৰ প্ৰতি নিজৰ আগ্ৰহ প্ৰকাশ কৰি কয় যে ম'বাইল ফোনৰ ব্যৱহাৰতকৈ কিতাপ পঢ়াত তেওঁলোকৰ অধিক ভাল লাগে ।
মীনাক্ষী শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত লিপিকা চহৰীয়াই শিশু আৰু কিতাপৰ সম্পৰ্কৰ গুৰুত্ব ব্যাখ্যা কৰে । তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মঞ্জু বাঢ়ৈ আৰু বহুমুখী কন্যা বিদ্যালয়ৰ শিক্ষয়িত্ৰী ভাগ্যশ্ৰী পৌড়েল আৰু পৰিস্মিতা দ’লেই শিক্ষাৰ্থীসকলক তত্বাৱধান কৰে ।
উল্লেখযোগ্য যে, উপ-সভাপতি তথা শিশু নাট্যকাৰ দ্বীজেন নাথৰ বিশেষ তৎপৰতাত শিশু পুথিভঁৰালৰ সদস্যপদ গ্ৰহণৰ বাবে একেদিনাই অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে নাম পঞ্জীয়ন কৰে । পুথিভঁৰালৰ পৰা ঘৰলৈ একোখনকৈ কিতাপ লৈ যোৱাৰ আগ্ৰহে উপস্থিত সকলোকে আপ্লুত কৰি তোলে ।
কিছুদিন পূৰ্বে উদ্বোধন কৰা এই শিশু পুথিভঁৰালত বৰ্তমান অসমীয়া, ইংৰাজী, বঙালী, হিন্দী আৰু বড়ো ভাষাৰ দুই সহস্ৰাধিক শিশু-কিশোৰ উপযোগী গ্ৰন্থ সন্নিবিষ্ট আছে । এনবিটি, শিশু সাহিত্য ন্যাস, অসম বিজ্ঞান সমিতি আদি প্ৰতিষ্ঠানৰ প্ৰকাশিত গ্ৰন্থৰ লগতে বহু শুভাকাংক্ষীয়েও পুথিভঁৰাললৈ গ্ৰন্থ আগবঢ়ায় ।
তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাসে কয়,"শিশুসকলৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলা আৰু পুথিভঁৰালৰ সৈতে সম্পৰ্ক স্থাপন কৰাই আমাৰ মূল লক্ষ্য । ভৱিষ্যতে এই গ্ৰন্থসমূহ গ্ৰামাঞ্চলৰ বিদ্যালয় আৰু গ্ৰাম্য পুথিভঁৰাললৈও লৈ যোৱা হ’ব আৰু তাতো একেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ।"
আনহাতে, দ্বীজেন নাথে জনায় যে আগন্তুক গ্ৰীষ্মকালীন বিদ্যালয় বন্ধৰ সময়চোৱাত শিশু পুথিভঁৰালটো প্ৰতিদিনে শিশুসকলৰ বাবে খোলা ৰখা হ’ব যাতে তেওঁলোকে অধিক সময় কিতাপৰ সৈতে কটাব পাৰে । অনুষ্ঠানত শিশুসকলৰ বাবে শিশু উপযোগী চুটি ছবি প্ৰদৰ্শন কৰা হয় । লগতে যুৱ ব্যৱসায়ী সুজিৎ ঘোষে অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক ফল-মূল আৰু ফলৰ ৰসেৰে আপ্যায়িত কৰে । সুন্দৰকৈ সজাই তোলা শিশু পুথিভঁৰালটোৱে ইতিমধ্যে তেজপুৰৰ কণ কণ শিশুৰ বাবে জ্ঞান, কল্পনা আৰু সৃষ্টিশীলতাৰ এক নতুন ঠিকনা হিচাপে আত্মপ্ৰকাশ কৰিছে ।

