ETV Bharat / state

‘লিচু উৎসৱ-২০২৬', ডুবাই-ছিংগাপুৰলৈ তেজপুৰৰ লিচু

দুদিনীয়াকৈ ‘তেজপুৰ লিচু উৎসৱ- ২০২৬’ৰ আৰম্ভ ৷ প্ৰধামন্ত্ৰীৰ কাৰ্যালয়লৈ ১০০পেকেট প্ৰেৰণ কৰিব তেজপুৰৰ লিচু ৷

Tezpur litchi festival 2026
শনিবাৰৰ পৰা তেজপুৰত লিচু উৎসৱ আৰম্ভ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 6, 2026 at 6:51 PM IST

|

Updated : June 6, 2026 at 7:28 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : ঊষানগৰী তেজপুৰত শনিবাৰে উৎসৱমুখৰ পৰিৱেশৰ মাজতে আৰম্ভ হ’ল দুদিনীয়া ‘তেজপুৰ লিচু উৎসৱ- ২০২৬’ৰ । বিশ্বজুৰি খ্যাতি অৰ্জন কৰা তেজপুৰৰ লিচুক অধিক বিস্তাৰ, কৃষকক উৎসাহিত কৰা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে অধিক সংযোগ স্থাপনৰ লক্ষ্যৰে আয়োজন কৰা এই উৎসৱত ব্যাপক জনসমাগম পৰিলক্ষিত হয় ।

উল্লেখ্য যে, দেওবাৰে তেজপুৰ লিচু বিদেশলৈও ৰপ্তানি কৰাৰ লগতে দেশৰ প্ৰধামন্ত্ৰীৰ কাৰ্যালয়লৈ ১০০পেকেট প্ৰেৰণ কৰা হ'ব বুলি শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে জানিবলৈ দিছে ৷ লগতে ডুবাই আৰু ছিংগাপুৰলৈ এক টন ভৌগলিক সূচক অৰ্থাৎ জিআই টেগ লাভ কৰা লিচু ৰপ্তানি কৰা হ'ব বুলিও জানিবলৈ দিয়ে জিলা প্ৰশাসনে ।

শনিবাৰৰ পৰা তেজপুৰত লিচু উৎসৱ আৰম্ভ (ETV Bharat Assam)

সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলিৰে তেজপুৰ লিচু উৎসৱ-২০২৬ৰ শুভাৰম্ভ কৰা অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, কৃষি বিজ্ঞানী, কৃষক, উদ্যোগী আৰু দেশ-বিদেশৰ ক্ৰেতাই অংশগ্ৰহণ কৰে । উদ্বোধনী অনুষ্ঠানত শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, তেজপুৰ বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

ভাষণ প্ৰসংগত সাংসদ ৰঞ্জিত দত্তই লিচু খেতিয়কৰ বিভিন্ন সমস্যাৰ বিষয়ে প্ৰত্যক্ষভাৱে মত-বিনিময় কৰি সংশ্লিষ্ট বিভাগক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় ৷ লগতে তেওঁ কয় যে, তেজপুৰৰ লিচুৰ সোৱাদ আৰু গুণগত মানে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সুনাম অৰ্জন কৰিছে ।

Tezpur litchi festival 2026
তেজপুৰৰ লিচুৰ আলোকচিত্ৰ (ETV Bharat Assam)

আনহাতে বিধায়ক পৃথ্বীৰাজ ৰাভাই “ঘৰে ঘৰে লিচু” নামৰ এক বিশেষ অভিযানৰ ঘোষণা কৰি কয় যে, শীঘ্ৰেই ২০ হাজাৰ পৰিয়ালক দুটাকৈ উন্নত মানৰ লিচু পুলি বিতৰণ কৰা হ’ব । এই আঁচনিৰ বাবে প্ৰায় ৫২ লাখ টকা ব্যয় ধৰা হৈছে । তেজপুৰ বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে লিচু চাষত বৈজ্ঞানিক পদ্ধতি, আধুনিক ব্যৱস্থাপনা আৰু মূল্য সংযোজনৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৃষকসকলক বাণিজ্যিকভাৱে অধিক সফল হোৱাৰ আহ্বান জনায়।

Tezpur litchi festival 2026
তেজপুৰ লিচুৰ আলোকচিত্ৰ (ETV Bharat Assam)

উৎসৱৰ প্ৰথম দিনাই কলকাতাৰ এটা ৰপ্তানিকাৰী প্ৰতিষ্ঠানৰ জৰিয়তে ডুবাইলৈ এক টন লিচু প্ৰেৰণ কৰা হয় । ইয়াৰ উপৰিও ছিংগাপুৰলৈ ৫০০ কিলোগ্ৰাম লিচু ৰপ্তানিৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে । জিআই টেগপ্ৰাপ্ত তেজপুৰৰ লিচুক অধিক জনপ্ৰিয় কৰি তোলা, কৃষকক নতুন বজাৰ সংযোগ দিয়া আৰু কৃষি-উদ্যোগৰ নতুন সম্ভাৱনা সৃষ্টি কৰাৰ ক্ষেত্ৰত ‘তেজপুৰ লিচু উৎসৱ ২০২৬’ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব বুলি সংশ্লিষ্ট মহলে মত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:বিশ্বকাপ ফুটবলক লৈ উৎকণ্ঠা বৃদ্ধি: সীমিত সুবিধাৰ মাজতো অসমৰ যুৱপ্ৰজন্মই দেখিছে সপোন

Last Updated : June 6, 2026 at 7:28 PM IST