ETV Bharat / state

ভুৱা চেক দি ৫৮ লাখ টকাৰ সোণ লৈ উধাও: আহমেদাবাদত গ্ৰেপ্তাৰ প্ৰৱঞ্চক মহিলা

তেজপুৰৰ গহনা বিপণিৰ পৰা প্ৰৱঞ্চনাৰে ৫৮ লাখ টকাৰ সোণ লৈ উধাও হৈছিল এগৰাকী মহিলা । আহমেদাবাদত আৰক্ষীয়ে সোণসহ গ্ৰেপ্তাৰ কৰে ।

Tezpur gold scam
প্ৰৱঞ্চনাৰে লৈ যোৱা ৫৮ লাখ টকাৰ সোণ জব্দ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 10, 2026 at 8:10 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: শোণিতপুৰ জিলাৰ তেজপুৰত এক ভয়ংকৰ প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈছে । প্ৰৱঞ্চনাৰে ৫৮ লাখ টকাৰ সোণ চুৰি কৰাৰ অভিযোগত আৰক্ষীয়ে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গুজৰাট আৰক্ষীৰ সহযোগত আহমেদাবাদৰ পৰা তেজপুৰ আৰক্ষীয়ে অভিযুক্ত প্ৰৱঞ্চক মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে সোণখিনিও উদ্ধাৰ কৰিছে ।

আৰক্ষীয়ে জনোৱা মতে যোৱা ৪ জুলাইত তেজপুৰৰ পাৰুল এণ্ড ছন্ছ তথা অঞ্জনা গ'ল্ড শ্বপলৈ সম্পৰ্কীয় মোমায়েকৰ সৈতে আহমেদাবাদ নিবাসী এগৰাকী মহিলা গহনা ক্ৰয় কৰিবলৈ আহিছিল । তেওঁলোকে গহনাৰ মূল্য নগদ বা অনলাইনযোগে পৰিশোধ নকৰি গহনা বিপণিখনত ৩ খন চেক প্ৰদান কৰিছিল ।

ভুৱা চেকেৰে ৫৮ লাখ টকাৰ সোণ লৈ উধাও হোৱা মহিলাক গ্ৰেপ্তাৰ (ETV Bharat)

বিপণিখনৰ নীতি অনুসৰি চেক গ্ৰহণ নকৰাৰ কথা কোৱা হৈছিল যদিও আত্মীয়তাৰ কথা উল্লেখ কৰি অভিযুক্তসকলে বাকী ধন আৰটিজিএছৰ জৰিয়তে পৰিশোধ কৰাৰ আশ্বাস দিছিল । সেই বিশ্বাসতে বিপণিখনৰ পৰা তেওঁলোকে প্ৰায় ৫৮ লাখ টকাৰ সোণৰ গহনা লৈ যায় ।

কিন্তু বেংকত চেককেইখন জমা দিবলৈ যাওতেই সমগ্ৰ প্ৰৱঞ্চনাৰ ঘটনাটো পোহৰলৈ আহে । কাৰণ সেই চেককেইখন ভুৱা আছিল । সেই চেকৰ সৈতে সংযুক্ত বেংক একাউণ্ট ২০২৪ চনৰ পৰাই নিষ্ক্ৰিয় হৈ আছিল । লগে লগে বিপণিখনৰ কৰ্তৃপক্ষই তেজপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । তাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । কিন্তু আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে যে মহিলাগৰাকী ইতিমধ্যে আহমেদাবাদলৈ ৰাওনা হৈছে । ইফালে মহিলাগৰাকীয়ে আহমেদাবাদৰ এখন গহনা বিপণিত সোণখিনি বিক্ৰী কৰিবলৈ যায় ।

এই তথ্য অসম আৰক্ষীয়ে লাভ কৰাৰ পিছতে গুজৰাট আৰক্ষীৰ সৈতে যোগাযোগ কৰে আৰু অৱশেষত মহিলাগৰাকীক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত উপ-আৰক্ষী অধীক্ষক অংকিতা শৰ্মাই কয়, "অনুসন্ধানৰ সময়ত আমি গম পালো যে মহিলাগৰাকী ৫ তাৰিখে আহমেদাবাদলৈ ৰে'লত ৰাওনা হ'ল । মহিলাগৰাকী বিশ্বনাথৰ যদিও গুজৰাটত থাকে । গোপন সূত্ৰৰ পৰা গম পালো যে মহিলাগৰাকী ৰে'লৰ পৰা নামি এখন গহনা বিপণিলৈ যায় আৰু তাত ইয়াৰ পৰা লৈ যোৱা গহনাখিনি বিক্ৰী কৰিব বিচাৰে । আমি লগে লগে আহমেদাবাদৰ ক্ৰাইম ব্ৰাঞ্চৰ সৈতে যোগাযোগ কৰিলোঁ । ক্ৰাইম ব্ৰাঞ্চৰ এটা দল আৰু আমাৰ তেজপুৰ সদৰ থানাৰ এটা দলো তালৈ ৰাওনা হয় । গুজৰাট আৰক্ষীৰ সহযোগত আমি মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হওঁ । তেওঁ ইয়ালৈ লৈ অনা হৈছে ।"

আৰক্ষীয়ে জনোৱা মতে মহিলাগৰাকীয়ে প্ৰৱঞ্চনাৰে লৈ যোৱা সকলোখিনি সোণৰ গহনা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । ইফালে ঘটনাটোক লৈ তেজপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :

লখিমপুৰত আৰক্ষীৰ এনকাউণ্টাৰ; আৰক্ষীৰ গুলীত ধৰাশায়ী দুই অভিযুক্ত