৯৬৮ জন ঠিকাভিত্তিক কৰ্মচাৰীৰে চলিছে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়
কিদৰে চলি আছে কেন্দ্ৰীয় বিশ্ববিদ্যালয় ? প্ৰ’ উপাচাৰ্য অমৰেন্দ্ৰ কুমাৰ দাসৰ সংবাদমেল ৷

Published : April 22, 2026 at 6:58 PM IST
তেজপুৰ: তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰ’ উপাচাৰ্য হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত অমৰেন্দ্ৰ কুমাৰ দাসে বুধবাৰে প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে ।
সংবাদমেলত তেওঁ বিশ্ববিদ্যালয়খনৰ বৰ্তমান পৰিস্থিতি, চলি থকা বিভিন্ন তদন্ত, আউটছ'ৰ্চ মেনপাৱাৰ ব্যৱস্থাৰ অনিয়ম আৰু আগন্তুক উন্নয়নমূলক পৰিকল্পনা সন্দৰ্ভত বিস্তৃতভাৱে বক্তব্য আগবঢ়ায় ।
সাংবাদমেলত তেওঁ জনায় যে বিশ্ববিদ্যালয়খনত পূৰ্বতে চলা অনিয়মসমূহৰ তদন্ত এতিয়াও অব্যাহত আছে । বিষয়টো জটিল হোৱাৰ বাবে তদন্তৰ সময়সীমা বৃদ্ধি কৰা হৈছে আৰু এক সংহত (holistic) দৃষ্টিভংগীৰে বিষয়টো পৰ্যালোচনা কৰা হৈছে । তেওঁ উল্লেখ কৰে যে এই ঘটনাসমূহ কেৱল এজন ব্যক্তিৰ সৈতে সম্পৰ্কিত নহয়, বৰঞ্চ বহুজন জড়িত থকাৰ সম্ভাৱনা আছে। পূৰ্বতে চিবিআই তদন্ত, মন্ত্রালয়ৰ তদন্ত আৰু এক উচ্চ ক্ষমতাসম্পন্ন অনুসন্ধানো হৈছিল যদিও তাত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নোহোৱাৰ কথাও তেওঁ উত্থাপন কৰে ।
অসমৰ সাংস্কৃতিক প্ৰতীক তথা হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পিছত বিশ্ববিদ্যালয়খনত যথেষ্ট অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছিল, যাৰ ফলত সমগ্ৰ ৰাজ্যজুৰি গভীৰ আৱেগিক প্ৰতিক্ৰিয়া দেখা গৈছিল । সেই সময়ছোৱাত প্ৰাক্তন উপাচাৰ্য শম্ভু নাথ সিঙৰ বিৰুদ্ধেও একাধিক প্ৰতিবাদ আৰু আন্দোলন সংঘটিত হৈছিল, যিয়ে বিশ্ববিদ্যালয় সমাজৰ এটা অংশৰ ভিতৰত গভীৰ অসন্তোষ প্ৰতিফলিত কৰিছিল ।
তেওঁ গ্ৰহণ কৰা পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি দাসে কয়, “মানুহৰ মাজত যথেষ্ট অসন্তোষ আছিল । এতিয়া আমি সেই সমূহ দূৰ কৰি ব্যৱস্থা খোলাখুলি কৰি দিছো যাতে যিকোনো লোকেই প্ৰশ্ন উত্থাপন কৰিব পাৰে আৰু নিজৰ সমস্যা প্ৰকাশ কৰিব পাৰে ।”
আনহাতে আউটছ'ৰ্চ মেনপাৱাৰ ব্যৱস্থাক লৈ বিশেষ উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে বিশ্ববিদ্যালয়খনত প্ৰায় ৫০০০ শিক্ষাৰ্থীৰ বিপৰীতে প্ৰায় ৯৬৮ জন বাহিৰৰ পৰা অনা কৰ্মী নিযুক্ত হৈ আছে । এই ব্যৱস্থাৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধনৰ অপব্যৱহাৰ হোৱা বুলি সন্দেহ কৰা হৈছে । ইয়াৰ প্ৰতিকাৰস্বৰূপে বিশ্ববিদ্যালয়খনত ডিজিটেল উপস্থিতিৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে আৰু নতুন ধৰণৰ চুক্তি প্ৰণালী (job-based contract system) ৰূপায়ণ কৰি অধিক জবাবদিহিতা নিশ্চিত কৰাৰ চেষ্টা চলাই থকা হৈছে ।
ছাত্ৰ-ছাত্ৰীসকলৰ আবাসিক সমস্যাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে বহু শিক্ষাৰ্থী এতিয়াও ট্ৰেনজিট হোষ্টেল আৰু ডৰ্মিট'ৰিত থাকিবলৈ বাধ্য হৈছে । ইতিমধ্যে এটা ছাত্ৰী ট্ৰেনজিট হোষ্টেল বন্ধ কৰা হৈছে আৰু আগন্তুক নামভৰ্তিৰ আগতে ছাত্ৰসকলৰ বাবে থকা দুটা ট্ৰেনজিট হোষ্টেলো বন্ধ কৰাৰ পৰিকল্পনা আছে । উন্নত আবাসিক সুবিধা প্ৰদানৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় প্ৰশাসনে অগ্ৰাধিকাৰ দিছে বুলি তেওঁ জানিবলৈ দিয়ে ।
উন্নয়নমূলক পৰিকল্পনাৰ ক্ষেত্ৰত তেওঁ উল্লেখ কৰে যে বিশ্ববিদ্যালয়খনত নতুন কেম্পাছ স্থাপন আৰু আন্তঃগাঠনিমূলক প্ৰকল্পসমূহ ৰূপায়ণৰ বাবে উচ্চ শিক্ষা বিত্তীয় প্ৰাধিকাৰী (Higher Education Financing Agency) ৰ জৰিয়তে প্ৰস্তাৱ দাখিল কৰা হৈছে । এইক্ষেত্ৰত সংস্থাটোৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰা হৈছে আৰু শীঘ্ৰে বিশদ প্ৰকল্প প্ৰতিবেদন (DPR) আপডেট কৰি আগবঢ়োৱা হ’ব । নতুন কেম্পাছৰ বাবে মাটিৰ ব্যৱস্থা আৰু অন্যান্য প্ৰশাসনিক প্ৰক্ৰিয়া সম্পন্ন কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সহায় আশা কৰা হৈছে । তেওঁ লগতে জনায় যে বিশ্ববিদ্যালয়খনৰ প্ৰৱেশ পৰীক্ষা আগন্তুক মে’ মাহত আৰম্ভ হ’ব আৰু জুন মাহত ফলাফল ঘোষণা কৰা হ’ব।
লগতে পঢ়ক: চেন্নাইত সৰ্বভাৰতীয় যুৱ মহোৎসৱত তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ সাফল্য

