চাহৰ জুতি লৈ চিনেমাৰ কায়দাৰে চোৰে কাটি নিলে সাঁচি গছ
প্ৰায় ১০-১২ লাখ টকা মূল্য়ৰ গছ কাটি নিলে চোৰে ।

Published : February 20, 2026 at 2:57 PM IST
গোলাঘাট: চিনেমাৰ কায়দাৰে চোৰে কাটি নিলে সাঁচি গছ । চোৰে চাহ খাই চুৰি কৰি নিলে এই মূল্য়বান বৃক্ষ ৷ এই ঘটনাটো সংঘটিত হৈছে গোলাঘাটৰ কমাৰবন্ধা নামচনীয়া গাঁৱত ।
গাঁওখনৰ ডিম্বেশ্বৰ বৰুৱা নামৰ লোকজনৰ বাৰীৰ পৰা বৃহস্পতিবাৰে নিশা চোৰে কাটি নিলে ১৩ জোপা মূল্যবান সাঁচি গছ ৷ প্ৰায় দহ লক্ষাধিক টকাৰ মূল্যৰ সাঁচি গছ চোৰে চুৰি কৰি নিয়াত এতিয়া হাহাকাৰ লাগিছে পৰিয়ালটোত ৷ এই সম্পৰ্কে ভুক্তভোগী পৰিয়ালটোৰ মহিলাগৰাকীয়ে কান্দি কান্দি শীঘ্ৰেই চোৰকেইটা কৰায়ত্ব কৰি সাঁচি গছ কেইজোপা উদ্ধাৰ কৰিবলৈ আহ্বান জনায় ৷
মহিলাগৰাকীয়ে কয়, "মই বহু কষ্ট কৰি ছোৱালীক মাতৃৰ গৃহত থৈ আহি সাঁচি পুলি ৰোপণ কৰিছো । সাঁচি গছ কেইজোপা নিবিকো বুলি থৈ দিছো যাতে বৃদ্ধকালত চলিবলৈ সুবিধা হ'ব । মোৰ কোনো পুত্ৰ নাই । একমাত্ৰ কন্যা এজনী আছে । কষ্ট কৰি ৰোৰা সাঁচি গছ কাটি লৈ গ'ল । প্ৰায় ১০-১২ লাখ টকা মূল্য়ৰ গছ কাটি লৈ যায় ।"

এই সম্পৰ্কে ডিম্বেশ্বৰ বৰুৱাই কয়, "মই আহি গছৰ ডাল পৰি থকা দেখা পাই ভিতৰত সোমাই দেখিলো ১৩ জোপা সাঁচি গছ কাটি লৈ গৈছে । মাজত দুজনমান বেপাৰী আহিছিল, তেতিয়া মোৰ ঘৰতে থকা দুজোপা সাঁচি গছ দিলো; কিন্তু তেওঁলোকে ইয়ালৈ আহি এই গছ কেইজোপা চাই ইয়াৰ পৰা দুটা বিচাৰিছিল, তেতিয়া মই নিদিও বুলি কলো । তেওঁলোকে যোৱাৰ পাছত আজি ঘটনা সংঘটিত হৈছে । এই সম্পৰ্কে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছো । এই অঞ্চলত পূৰ্বৰ পৰাই সাঁচি গছ চুৰি হৈ আহিছে । শিয়ালেখাটীৰ এজন লোকে মোৰ দোকানৰ পৰা কিছুদিন পূৰ্বে তাৰ কিনিবলৈ আহিছিল আৰু তেতিয়া মোৰ সন্দেহ উপজিছিল যে ইমান দূৰৰ পৰা মোৰ দোকানৰ পৰা সামগ্ৰী কিনিবলৈ আহিছে । "


ইতিমধ্যে পৰিয়ালটোৱে কমাৰবন্ধা আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে । উল্লেখ্য যে কমাৰবন্ধা অঞ্চলত দীৰ্ঘদিন ধৰি সাঁচি চোৰে নিদ্ৰা হৰণ কৰি আহিছে অঞ্চলবাসীৰ ৷

