সপোনৰ পাছত দৌৰোতে ৰাজপথতে হেৰাই থাকিল মণিকা
মাত্ৰ ২৮ দিনৰ ভিতৰতে মণিকা হৈ পৰিছিল বহুতৰে পৰিচিত ৷

Published : May 29, 2026 at 6:28 PM IST
ধেমাজি: সপোনৰ পম খেদি আনে যোৱা বাটেৰে নোযোৱা ছোৱালীজনীয়ে সৰুকৈ আৰম্ভ কৰিছিল এক ব্যৱসায় ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এখন ফলৰ ছালাডৰ দোকান আৰম্ভ কৰি সপোনক বাস্তৱ কৰিবলৈ চেষ্টা কৰিছিল মণিকা সোণোৱাল নামৰ যুৱতীগৰাকীয়ে ৷ স্বাৱলম্বী আৰু আকাশ চুবলৈ দেখা সপোনটোৰ বাবে পিতৃ-মাতৃহীন মণিকাই মাত্ৰ ২৮ দিনৰ পূৰ্বে আৰম্ভ কৰিছিল ফলৰ সেই ব্যৱসায় ৷ ২৮ দিনৰ ভিতৰতে বহুতৰে পৰিচিত হৈ পৰিছিল মণিকা ৷
সকলো ভালদৰেই চলি আছিল, কিন্তু ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি ৷ ধেমাজি তেলিজানৰ ঘইপথৰ দাঁতিতে ফলৰ ছালাড বিক্ৰী কৰি স্বাৱলম্বী হোৱাৰ চেষ্টা কৰা মণিকা সোণাৱালৰ সৈতেও বৃহস্পতিবাৰে সেয়াই হ'ল ৷ সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা, যিটো কেতিয়াও কোনেও কল্পনা কৰা নাছিল ৷ নিয়তিৰ নিষ্ঠুৰ পৰিহাস, ফলৰ ছালাড বিক্ৰীৰে কম সময়ৰ ভিতৰত জনপ্ৰিয় হোৱা মণিকা পতিত হয় দুৰ্ঘটনাত ৷ সেই দুৰ্ঘটনাৰ পাছত আৰু বাচি নাথাকিল মণিকা ৷
ঘটনা অনুসৰি, বৃহস্পতিবাৰে নিশাৰ ভাগলৈ দোকান সামৰি মণিকা ঘৰলৈ ওভতি গৈছিল ৷ কিন্তু জৰুৰী কামত পুনৰ ঘৰৰ পৰা দোকানৰ ঠাইখনলৈ ওভতাৰ পথতে শিঙিমাৰী অঞ্চলত পথৰ দাঁতিত জমা কৰি ৰখা এটা শিলৰ দ’মত খুন্দা মাৰে মণিকাই চলোৱা বাহনখনে ৷ সেই দুৰ্ঘটনাটোৰ পাছতে মুত্যুক আকোঁৱালি লয় মণিকাই ৷ যিটো কেতিয়াও কোনেও কল্পনা কৰা নাছিল ৷ আধৰুৱা হৈ ৰ'ল মণিকা সোণোৱালৰ আকাশ চোৱাৰ সপোন ৷
ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দি সোণোৱাল কছাৰীৰ ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে কয়,"ধেমাজিৰ-ঢকুৱাখনাৰ দুই লেনযুক্ত পথ নিৰ্মাণৰ বাবে পথৰ দাঁতিত জধেমধে শিল জমা কৰি ৰাখিছে পথ নিৰ্মাণকাৰী সংস্থাই ৷ ফলত মণিকা সোণোৱালৰ দৰে যুৱতীৰ মৃত্যু হৈছে ৷ শীঘ্ৰে মণিকাৰ পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিয়া লাগিব ৷ লগতে পথৰ দাঁতিত জধেমধে জমা কৰি ৰখা শিলসমূহ আঁতৰাব লাগে ৷"
লগতে পঢ়ক:গেছৰ অভাৱত ঘৰত জ্বলা নাই চৌকা, ঠিকাদাৰে ৰাস্তা সাজিছে ঘৰুৱা চিলিণ্ডাৰেৰে: খঙে-ক্ষোভে টিঙিৰিতুলা ৰাইজ

