ক্ষেত্ৰীত ভয়ংকৰ দুৰ্ঘটনা: ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা বলেৰ'ৰ, নিমিষতে প্ৰাণ গ'ল চাৰিজনৰ
দুৰ্ঘটনাত নিহত আটাইকেইজন অৰুণাচল প্ৰদেশৰ বুলি জানিব পৰা গৈছে ৷

Published : May 29, 2026 at 3:30 PM IST
সোণাপুৰ: শুকুৰবাৰে মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত ২২ মাইলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ফলত এগৰাকী মহিলাসহ চাৰিগৰাকীকৈ লোকৰ মৃত্য ঘটে ৷ ঘটনা অনুসৰি, শুকুৰবাৰে তেতেলীয়াৰ ২২ মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰৈ থকা এ এছ ০১ ইউচি ১৬৩৩ নম্বৰৰ এখন ট্ৰাকত তীব্ৰবেগী এআৰ ০১ কিউ ০০৪২ নম্বৰৰ এখন বলেৰ' বাহনখনে ট্ৰাকখনৰ পিছফালে খুন্দা মাৰে । ফলত বলেৰ'খনৰ চাৰিজন যাত্ৰীৰে থিতাতে নিহত হয় ৷
নিহতসকল হৈছে ডাঃ লিগি বাৰাছা, তেওঁ পত্নী কুনগা দৈমা, ডাঃ লিগি আৰু কুনগাৰ পুত্ৰ গিমিৰা বাৰাছা আৰু গিমিৰা বাৰাছাৰ বন্ধু কৰ্মা চেৰাপ খিৰি ৷ গিমিৰা ত্ৰিপুৰাৰ শান্তিনিকেতন মেডিকেল কলেজৰ এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছিল ৷ আনহাতে কৰ্মা চেৰাপ খিৰিমে অৰুণাচলৰে বাসিন্দা, গিমিৰা বাৰাছাৰ বন্ধু আৰু ত্ৰিপুৰাৰ শান্তিনিকেতন মেডিকেল কলেজৰে ছাত্ৰ আছিল ৷ বৰ্তমান আটাইকেইটা মৃতদেহ সোণাপুৰ জিলা চিকিৎসালয়ৰ ৰখা হৈছে ৷
আৰক্ষীয়ে জনোৱা অনুসৰি, বলেৰ’ বাহনখনেৰে শুকুৰবাৰে পুৱা প্ৰায় ৬ বজাতে অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল ৷ গুৱাহাটীৰ অৰুণাচল ভৱনত তেওঁলোকৰ বাবে এটা কোঠা বুকিং কৰা আছিল ৷ কিন্তু ক্ষেত্ৰীৰ ২২ মাইল পোৱাৰ পিছতেই বলেৰ’ বাহনখনে পথৰ কাষত ৰৈ থকা এখন ট্ৰাকৰ পিছফালে তীব্ৰ বেগেৰে খুন্দা মাৰে আৰু চাৰিজন মৃত্যু হৈছে ৷
ঘটনাৰ খবৰ পোৱা পাছতে মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন, মহানগৰ যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত (ডিচিপি) আৰু অন্যান্য উচ্চপদস্থ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় ৷
দুৰ্ঘটনাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে কয়, "ক্ষেত্ৰী থানা এলেকাত এক অত্যন্ত দুখজনক ঘটনা সংঘটিত হৈছে ৷ পথত ৰৈ থকা এখন ট্ৰাকত তীব্ৰ বেগত বলেৰ’ বাহনখনে খুন্দা মাৰে, যাৰ ফলত বাহনখনত থকা চাৰিজন লোকৰে মৃত্যু হৈছে ৷ আমি দুৰ্ঘটনাস্থলী পৰীক্ষা কৰি দেখিলো যে ৰাষ্ট্ৰীয় ঘাইপথত কোনো ব্ৰেক মৰাৰ চিন নাই ৷ যিহেতু চালকগৰাকীয়ে পুৱাৰে পৰা ক্ৰমাগতভাৱে গাড়ী চলাই আহিছিল, সম্ভৱতঃ টোপনিৰ জালত পৰাৰ বাবেই এই ভয়াবহ দুৰ্ঘটনাটো সংঘটিত হ’ল ৷ আমি সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছো ৷"
এই সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, শুকুৰবাৰে দিনৰ প্ৰায় ১১ বজাত তেতেলীয়াৰ ২২ মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এএছ ০১ ইউচি ১৬৩৩ নম্বৰৰ এখন ট্ৰাক ৰৈ আছিল । সেই সময়তে গুৱাহাটী অভিমুখী তীব্ৰবেগী এআৰ ০১ কিউ ০০৪২ নম্বৰৰ এখন বলেৰ' বাহনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই আৰু পথৰ কাষত ৰৈ থকা ট্ৰাকখনৰ পিছফালে খুন্দা মাৰে ।
স্থানীয় ৰাইজে কয়, "দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, এটা প্ৰচণ্ড শব্দ হৈছিল ৷ ট্ৰাকখনৰ পিছফালে সোমাই গৈছে তীব্ৰবেগী বলেৰ' বাহনখন ৷ দুজন লোক থিতাতে মৃত্যু হৈছিল যদিও দুজন লোক কিছু সময় জীৱিত হৈ আছিল ৷ কিন্তু উদ্ধাৰ কৰা হয় মানে তেওঁলোকৰো মৃত্যু হয় ৷"
লগতে পঢ়ক:লোকপিয়ল ২০২৭: স্বাধীনতাৰ পাছৰ অষ্টমটো লোকপিয়লৰ কাম আৰম্ভ

