ETV Bharat / state

সোণাৰিত ভয়াবহ বান, নিমিষতে বুৰ গ'ল শতাধিক পৰিয়ালৰ বাসগৃহ

সোণাৰিৰ ভিন্ন স্থানত ভয়ংকৰ বান, চৰাইদেউৰ টিঙালীবাম, বাঁহবাৰী, লেকাম পথাৰ, চফ্ৰাই, বৈৰাগীহাবি, টকলিমৰা, ৰাইদঙীয়া, লালতিপথাৰ বানত প্লাবিত ৷

Flood in Sonari
সোণাৰিত ভয়াবহ বান, নিমিষতে বুৰ গ'ল শতাধিক পৰিয়ালৰ বাসগৃহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 19, 2026 at 8:16 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে হাহাকাৰ লাগিছে অসমত । নাগালেণ্ডৰ বৰষুণৰ পানীয়ে বুৰাই পেলালে ঐতিহাসিক চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চল । বিশেষকৈ চৰাইদেউ জিলাৰ সদৰ সোণাৰিত ভয়ংকৰ ৰূপ লৈছে বান পৰিস্থিতিয়ে । নাগালেণ্ডৰ লগতে চৰাইদেউ জিলাখনতো শনিবাৰৰ পৰা হোৱা বৰষুণৰ ফলত টাউকাক নদীৰ জলস্তৰ হঠাৎ উফন্দি উঠিছে ৷

যাৰ বাবে চৰাইদেউৰ টিঙালীবাম, বাঁহবাৰী, লেকাম পথাৰ, চফ্ৰাই, বৈৰাগীহাবি, টকলিমৰা, ৰাইদঙীয়া, লালতিপথাৰ, বেকাদলং, নকছাৰি অঞ্চলত বানে বুৰাই পেলাইছে । ইয়াৰ উপৰিও লেকামজানৰ পানী বাগৰি টিয়কঘাট টিঙালীবাম পথৰ বিভিন্ন অংশ ডুব যোৱাত যাতায়ত ব্যাহত হৈ পৰিছে । ইতিমধ্যে বহু পৰিয়ালৰ বাসগৃহ পানীয়ে বুৰাই পেলোৱাত আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিব লগীয়া হৈছে ।

সোণাৰিত ভয়াবহ বান, নিমিষতে বুৰ গ'ল শতাধিক পৰিয়ালৰ বাসগৃহ (ETV Bharat Assam)

বানপানীত বিস্তীৰ্ণ কৃষিভূমি ডুব যোৱাৰ ফলত কৃষক ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ । হোৰাহোৰে নদীৰ জলস্তৰ বৃদ্ধি পাই থকাত পশুধন আৰু ঘৰৰ সামগ্ৰী সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ বাধ্য হৈছে বহু পৰিয়ালে । ইতিমধ্যে জিলা প্ৰশাসনে কেইবাটাও আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰাৰ লগতে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগেও চেষ্টা অব্যাহত ৰাখিছে ৷ ইফালে বৰ্তমানেও বৰষুণ অব্যাহত থকাত পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে ।

Sonari Flood
সোণাৰিৰ ভিন্ন স্থানত ভয়ংকৰ বান (ETV Bharat Assam)

আনহাতে বান‌ পৰিস্থিতি বুজ লোৱাৰ পাছতে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয়, "পাহাৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰত হোৱা বৰষুণৰ বাবে বানপানীৰ কৱলত পৰিছে সোণাৰি সমষ্টি । বৰষুণ দি থাকিলে বানপানীৰ ভয়াবহতা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । বানৰ ফলত বহু লোকৰ ক্ষয়-ক্ষতি হ'ব । পূৰ্বে দহ বছৰৰ আগতে এনেকুৱা বান হৈছিল । ইতিমধ্যে প্ৰশাসনে কেইবাটাও আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে ।"

Sonari Flood
সোণাৰিৰ ভিন্ন স্থানত ভয়ংকৰ বান (ETV Bharat Assam)

বান পৰিস্থিতিক লৈ সোণাৰি আঞ্চলিক পঞ্চায়তৰ সভাপতি কমলজ্যোতি হাজৰিকাই কয়, "তীব্ৰ গতিত বৃদ্ধি পাইছে বান । এইদৰে পানী বৃদ্ধি পাই থাকিলে ডাঙৰ সমস্যা সৃষ্টি হ'ব । যি বিলাক ঠাইত বানপানী হোৱা নাছিল সেই ঠাইত তাৎক্ষণিকভাৱে পানী হৈছে । এই পানী নাগালেণ্ডৰ পৰা আহিছে ৷ বৰ্তমানো নাগালেণ্ডৰ নৈসমূহ বিপদ সীমাৰ ১০ ফুট উচ্চতাত পানী বৈ আছে বুলি জানিব পৰা গৈছে । এনে পৰিস্থিতিত সোণাৰি সমষ্টিত বানৰ ভয়াবহতা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।"

লগতে পঢ়ক: চিমেন নদীত অবৈধ শিল-বালি খননৰ নিৰপেক্ষ তদন্তৰ দাবী আছুৰ