ETV Bharat / state

বেঁকী নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম কলগাছিয়াৰ ১নং ৰছুলপুৰ গাঁও, শংকিত গাঁওবাসী

কলগাছিয়াত বেঁকী নদীৰ উগ্ৰমূৰ্তি, বেঁকী নদীৰ বুকুত জাহ গৈছে শ শ বিঘা কৃষি ভূমি ৷

KALGACHIA EROSION
বেঁকী নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম কলগাছিয়াৰ ১ নং ৰছুলপুৰ গাঁও (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 14, 2026 at 5:07 PM IST

2 Min Read
Choose ETV Bharat

জনীয়া : বৰপেটা জিলাৰ কলগাছিয়াৰ ১ নং ৰছুলপুৰ গাঁৱত বেঁকী নৈৰ বিধ্বংসী ৰূপ ৷ এমাহৰ ভিতৰত নৈৰ বুকুত জাহ গ'ল প্ৰায় ১৫ টাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ । লগতে আন কেইবাটাও পৰিয়াললৈ সৃষ্টি কৰিছে তীব্ৰ ভাবুকি । সমান্তৰালকৈ শ শ বিঘা কৃষিভূমি বেঁকী নদীৰ বুকুত জাহ যোৱাত উপায়হীন হৈ পৰিছে নৈ পৰীয়া ৰাইজ ।

গৰাখহনীয়াৰ কৱলত পৰি ভুক্তভোগী নৈ পৰীয়া ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা ৷ কিন্তু খহনীয়াত ক্ষতিগ্ৰস্ত লোকৰ খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধি অথবা প্ৰশাসনৰ ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ তৰিছে গাঁওবাসী ৰাইজে ৷

বেঁকী নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম কলগাছিয়াৰ ১ নং ৰছুলপুৰ গাঁও (ETV Bharat Assam)

ইফালে বেঁকী নদীৰ গৰাখহনীয়াই ৰুদ্ৰ মূৰ্তি ধাৰণ কৰাত নৈ বুকুত জাহ গৈছে ধান, মৰাপাট, মাকৈ, কল খেতি আদিৰ লগতে কেইবাটাও পৰিয়ালৰ ভেঁটি । বেঁকী নদীয়ে ভেঁটিটো খহাই নিয়াৰ পূৰ্বে নিজৰ ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে নৈপৰীয়া ৰাইজে ৷ ইতিমধ্যে কেইবাবাৰো খহনীয়াৰ কবলত পৰা লোকসকলে শেষ আশ্ৰয়স্থলী নিজৰ মাটি ডৰা হেৰুৱাই পথৰ ভিক্ষাৰীত পৰিণত হোৱাৰ লগতে অঘৰী জীৱন কটাবলগীয়া হৈছে বুলি মন্তব্য কৰিছে ৰাইজে ৷

ভুক্তভোগী ৰাইজে কয়, "খৰালিৰ সময়ত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ৷ নিৰ্বাচনৰ সময়ত কেৱল প্ৰতিশ্ৰুতি দিয়ে সাংসদ, বিধায়কে ৷ কিন্তু নিৰ্বাচন শেষ হোৱাৰ পাছতে সকলো প্ৰতিশ্ৰুতি ধোঁৱা চাঙত উঠে ৷ সম্প্ৰতি ছয় মাহ ধৰি অব্যাহত থকা গৰাখহনীয়া খৰালিৰ সময়তো শীঘ্ৰেই প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ১ নং ৰছুলপুৰ গাঁও সম্পূৰ্ণৰূপে নৈ বুকুত জাহ যাব ৷"

ইফালে গৰাখহনীয়াৰ কৱলত পৰাৰ আশংকা কৰি চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । সেয়ে অতি শীঘ্ৰেই গৰাখহনীয়া প্ৰতিৰোধ কৰি ভূক্তভোগী ৰাইজক ৰক্ষা কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক:টুলুঙা নাৱেৰে বেঁকী নৈৰ সুঁতি পাৰাপাৰ শিক্ষাৰ্থীৰ