ETV Bharat / state

ইণ্টাৰনেটত যৌনতাৰ মুক্ত বেহা, কোনে বদনামী কৰিছে যোৰহাটক ?

ইণ্টাৰনেটৰ জৰিয়তে যৌনতাৰ নামত ডিজিটেল ব্লেকমেইলিং চক্ৰই ভয়ংকৰ জাল পেলাইছে অসমত । শেহতীয়াকৈ এই চক্ৰটোৱে যোৰহাটৰ নামত ৱেবচাইট খুলি যৌনতাৰ মুক্ত বেহা চলাইছে ।

online sex racket
যোৰহাটত অনলাইন চেক্স ৰেকেট (প্ৰতিনিধিত্বমূলক ছবি) (IANS)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 4:42 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: অনলাইন প্লেট ফৰ্মত যৌনতাৰ মুক্ত বেহা ৷ ৱেবচাইট, ছ’চিয়েল মিডিয়া পেজ খুলি অসাধু চক্ৰই চলাইছে এই বেহা ৷ ইণ্টাৰনেটত মুকলি কৰা হৈছে একাংশ যুৱতী-মহিলাৰ আবেদনময়ী ছবি আৰু লগতে দিয়া হৈছে ফোন নং ৷ প্ৰতিগৰাকীৰে বিপৰীতে নিৰ্ধাৰিত কৰি দিয়া হৈছে মূল্য ৷ অসমৰ এখন অভিযাত নগৰীৰ নামত চলিছে যৌনতাৰ এই মুক্ত বেহা ৷

ইণ্টাৰনেটৰ জৰিয়তে যৌনতাৰ নামত ডিজিটেল ব্লেকমেইলিং চক্ৰই ভয়ংকৰ জাল পেলাইছে অসমত । শেহতীয়াকৈ এই চক্ৰটোৱে যোৰহাটৰ নামত ৱেবচাইট খুলি অসমৰ বিভিন্ন স্থানৰ যুৱতী-মহিলাৰ ফটো আপলোড কৰি অনলাইন জৰিয়তে যৌনতাৰ মুক্ত বেহা চলাইছে । যোৰহাটৰ নামত ইণ্টাৰনেটত উপলব্ধ হোৱা এই ৱেবচাইটক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

যোৰহাটত অনলাইন যৌনতাৰ বেহা সন্দৰ্ভত প্ৰতিক্ৰিয়া (ETV Bharat)

উল্লেখ্য যে, এই চক্ৰটোৱে যোৰহাটৰ নামত কেইবাটাও ৱেবচাইট খুলি সুন্দৰী যুৱতী-মহিলাৰ ফটো সংলগ্ন কৰিছে আৰু প্ৰতিখন ফটোৰ লগত কিছুমান ফোন নম্বৰ দিয়া হৈছে । তদুপৰি মহিলা-যুৱতীৰ মূল্য চাৰি হাজাৰৰ পৰা ৪৫ হাজাৰলৈ নিৰ্ধাৰণ কৰা হৈছে । এই ফোন নম্বৰৰ জৰিয়তে যুৱতী-মহিলা উপলব্ধতাৰ বিষয়েও উল্লেখ কৰা হৈছে ।

ৱেবচাইটৰ লগতে সামাজিক মাধ্যমত পেজ খুলি বহু যুৱতী-মহিলাৰ আকৰ্ষণীয় ফটো আপলোড কৰি এখন মুক্ত যৌনতাৰ বেহা চলাই থকা এই চক্ৰটোৱে যোৰহাটক বদনাম কৰাৰো এক ষড়যন্ত্ৰত লিপ্ত হৈছে । মাত্ৰ কেইদিনমানৰ পূৰ্বে যোৰহাটৰ বাইপাছৰ অৰ্বিট হোটেলত নাৰী দেহ ব্যৱসায় চক্ৰ উৎখাত হোৱাৰ প্ৰতিক্ৰিয়া মাৰ নৌ যাওঁতেই পুনৰ এই ঘটনাই জিলাখনৰ সৰ্বস্তৰৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ইফালে এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছত যোৰহাটত এগৰাকী যুৱ অধিবক্তা বিজয় শংকৰ বৰবৰাই এই সন্দৰ্ভত যোৰহাট সদৰ আৰক্ষী থানাত চক্ৰটোৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে ।

তেওঁ উল্লেখ কৰিছে, ‘‘যোৱা কিছুদিন ধৰি এচাম দুষ্ট চক্ৰই যোৰহাট নগৰত কিছু অসৎ আৰু অবৈধ কাৰ্যকলাপ চলাই অহা আমাৰ সকলোৰে দৃষ্টিগোচৰ হৈছে । যোৰহাটৰ সুনাম নষ্ট কৰাৰ অসৎ উদ্দেশ্যে চাইবাৰ জালিয়াতি, পৰিচয় চুৰি, নিৰ্দোষী মহিলাসকলৰ মানহানি আৰু ভুৱা অনলাইন এছকৰ্ট - কল গাৰ্ল আদি অসৎ কাৰ্য চলাই আহিছে ৷ বিভিন্ন ইণ্টাৰনেট আৰু বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত (গুগল চাৰ্চ, হোৱাটছএপ, আৰু টেলিগ্ৰামকে ধৰি) চলি থকা এক গুৰুতৰ চাইবাৰ অপৰাধ আৰু সংগঠিত অনলাইন ৰেকেটৰ বিষয়ে জানিব পাৰি ইয়াৰ বিৰুদ্ধে যোৰহাট সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে ।’’

তেওঁ লগতে কয়, ‘‘এই ঘটনাৰ সৈতে জড়িত সকলো ব্যক্তিক আইনৰ আওতালৈ অনাৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত ন্যায়সংগত আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছোঁ । দোষীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ হোৱাটো অত্যন্ত প্ৰয়োজন, যাতে ভৱিষ্যতে এনে অপৰাধ পুনৰ সংঘটিত হ'ব নোৱাৰে ৷’’ লগতে সকলোকে চাইবাৰ অপৰাধৰ বিৰুদ্ধে সজাগ-সচেতন হোৱাৰো আহ্বান জনায় অধিবক্তা বিজয় শংকৰ বৰবৰাই ।

আন এগৰাকী যুৱ অধিবক্তা ধ্ৰুৱ প্ৰসাদ বৰুৱাই কয় যে যোৰহাটক বদনাম কৰি একাংশ অসাধু চক্ৰই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ যুৱতী, মহিলা ফটো ব্যৱহাৰৰ কৰি বেৱছাইট খুলিছে ৷ এই কাৰ্যই অসমৰ মহিলাৰ আত্মসন্মানত আঘাত হানিছে ৷ সেয়েহে যোৰহাটক তথা মহিলাৰ আত্মসন্মানত আঘাত কৰা এই চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ দাবী জনায় । লগতে স্মাৰ্ট আৰক্ষীৰ অধীনত থকা চাইবাৰ কোষে এই অসাধু চক্ৰটোৰ বিৰুদ্ধে যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইদৰে নকৰা অভিযোগ তোলে অধিবক্তাগৰাকীয়ে ।

লগতে পঢ়ক: মাৰ্ঘেৰিটাত ধনেশ পক্ষী হত্যা কৰি ৰঙাঘৰত তিনি চিকাৰী