চৰম পন্থা নে হত্যা ? যোৰহাটৰ দেৱাস্মৃতাৰ হৈছিল কি ?
এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু । স্বামী পৰিয়ালে কয় এয়া চৰম পন্থা, মাতৃৰ অভিযোগ এয়া হত্যা । প্ৰকৃত ঘটনাটো কি ? এক প্ৰতিবেদন ।

Published : May 17, 2026 at 1:10 PM IST
যোৰহাট : যৌতুক নে আন বিষয় ? এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু আৰু যোৰহাটত তীব্ৰ উত্তেজনা । স্বামীগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ বোৱাৰীগৰাকীৰ মৃতদেহ । কিন্তু বোৱাৰীগৰাকীৰ মাতৃৰ অভিযোগ এয়া হত্যাকাণ্ড । পৰিকল্পিতভাৱে স্বামীৰ পৰিয়ালে হত্যা কৰিছে বোৱাৰীগৰাকীক । কিন্তু প্ৰকৃত ঘটনা কি সেয়া এতিয়া সোমাই পৰিছে গভীৰ ৰহস্যৰ আৱৰ্তত ।
ঘটনাৰ বিৱৰণ :
শুকুৰবাৰে যোৰহাট লাহদৈগড় অঞ্চলৰ মইনাপৰীয়াত উদ্ধাৰ হয় এগৰাকী বোৱাৰীৰ মৃতদেহ । মৃত বোৱাৰীগৰাকীৰ নাম দেৱাস্মিতা বৰা । দেৱাস্মিতাৰ বিয়া হৈছিল লাহদৈগড় অঞ্চলৰ মইনাপৰীয়াৰ আকাশ জ্যোতি বৰাৰ সৈতে । শুকুৰবাৰে বিয়লিভাগত স্বামীগৃহৰ এটা কোঠাত দেৱাস্মিতাৰ মৃতদেহ চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা বুলি সদৰী কৰিছিল স্বামীগৃহৰ লোকে । লৰালৰিকৈ দেৱাস্মৃতাক জেএমচিএইছত ভৰ্তি কৰোৱা হৈছিল । কিন্তু চিকিৎসকে মৃত ঘোষণা কৰিছিল ।
শনিবাৰে সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ :
দেৱাস্মৃতাৰ এই মৃত্যুক সহজভাৱে মানি ল'ব পৰা নাই মাতৃয়ে । শনিবাৰে জেএমচিএইছত বোৱাৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ সময়তে গৰজি উঠিল দেৱাস্মৃতাৰ মাতৃ আৰু তেওঁৰ পৰিয়ালৰ একাংশ । সেই সময়তে দেৱাস্মৃতাৰ পৰিয়াল আৰু স্বামীৰ পৰিয়ালৰ একাংশৰ মাজত সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডা । জেএমচিএইছ চৌহদত বিৰাজ কৰে এক উত্তপ্ত পৰিস্থিতি । দেৱাস্মৃতাৰ পৰিয়ালৰ মতে এয়া এক হত্যাকাণ্ড, আনহাতে তেওঁৰ স্বামীৰ পৰিয়ালৰ মতে চৰম পন্থা বাছি লৈছে দেৱাস্মৃতাই ।
দেৱাস্মৃতাৰ মাতৃৰ অভিযোগ :
এই বাক-বিতণ্ডাৰ মাজতে দেৱাস্মৃতাৰ মাতৃয়ে তুলিলে এক গুৰুতৰ অভিযোগ । দীৰ্ঘদিন ধৰি যৌতুকৰ দাবীত স্বামীগৃহত বোৱাৰীগৰাকীক অত্যাচাৰ চলোৱা বুলি অভিযোগ উত্থাপন কৰে মাতৃয়ে । লগতে তেওঁ এইটোও অভিযোগ কৰে যে এনেদৰেই অত্যাচাৰ কৰি দেৱাস্মৃতাক হত্যা কৰি ইয়াক অন্য ৰূপ দিবলৈ চেষ্টা কৰিছে স্বামীৰ পৰিয়ালে । দেৱাস্মৃতাৰ কণমানি সন্তানটি এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি জানিবলৈ দিছে পৰিয়ালে ।
দেৱাস্মৃতাৰ মাতৃয়ে ক্ষোভ উজাৰি সাংবাদিকৰ আগত কয়,"তাইৰ তিনিবছৰীয়া ল'ৰাটোক সুধিলো, মাক কোনে মাৰিলে ? সি কৈছে তিনিটা, নবৌয়েক, ককায়েক, বাপেক । কিন্তু ল'ৰাটোৰ কথাটো কিয় বিশ্বাস নকৰিলে ? সৰু ল'ৰা-ছোৱালীয়ে সদায় সঁচা কথা কয়, কেতিয়াও মিছা কথা নকয় । তেওঁলোক ইমান বুধিয়ক মানুহ, মাৰি লৈ বোৱা চাদৰ এখনে দুৱাৰডলিত ওলমাই থৈছে ।" আৰক্ষীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰে মাতৃয়ে ।
আৰক্ষীয়ে কি কয় :
সমগ্ৰ ঘটনাটোৰ বিষয়ে আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয়, "যিটো ঘটনা ঘটিছে, সেইটো এটা অনাহুত ঘটনা, এটা বেয়া লগা ঘটনা । ইতিমধ্যে আমি কিছু পদক্ষেপ গ্ৰহণ কৰিছোঁ । মৃত মহিলাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা চলি আছে । ঘৰলৈ নিও বুলি, মৃত মহিলাগৰাকীৰ মাতৃয়ে দাবী কৰিছে । স্বামীৰ ওপৰত সন্দেহ থকা বুলি মহিলাগৰাকীৰ মাকে কৈছে, আমি সেই দিশটো চাই আছোঁ । ইতিমধ্যে তেওঁক আটক কৰা হৈছে বাকীখিনি তদন্ত চলি থাকিব ।"
উল্লেখ্য যে, মইনাপৰীয়াস্থিত দেৱাস্মৃতাৰ স্বামীগৃহৰ স্বামী আৰু একাংশ লোকৰ বিৰুদ্ধে দেৱাস্মৃতাক হত্যা কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰিছে দেৱাস্মৃতাৰ পৰিয়ালে । এতিয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ'ব সকলোখিনি ।

