ETV Bharat / state

কোকৰাঝাৰত সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা : গণপ্ৰহাৰত নিহত ২, ছুইজাৰলেণ্ডৰ পৰা পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে

সোমবাৰৰ ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰেও উত্তপ্ত কোকৰাঝাৰ । বি টি চি বন্ধৰ হুংকাৰ 'বনছু'ৰ ।

Kokrajhar road accident violence
কোকৰাঝাৰ জ্বলিছে: নিহত চিকনা জৌহালৌও বিস্মিত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 20, 2026 at 1:03 PM IST

8 Min Read
Choose ETV Bharat

কোকৰাঝাৰ : সোমবাৰে সন্ধিয়া সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰেও উত্তপ্ত হৈ আছে কোকৰাঝাৰৰ পৰিস্থিতি । উত্তেজিত ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে অগ্নিসংযোগৰ ঘটনাও সংঘটিত কৰে । যাৰ বাবে পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে ।

কোকৰাঝাৰত সংঘটিত ভয়ানক কাণ্ডক লৈ ভিতৰি ভিতৰি চেপা উত্তেজনাই বিৰাজ কৰি আছে । ঘটনাক লৈ কাৰিগাঁও থানাৰ সন্মুখৰ পথত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । কাৰিগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে উত্তেজিত ৰাইজে । আনহাতে, বীৰছা কমাণ্ডো ফ'ৰ্চৰ দুটাকৈ অস্থায়ী শিবিৰ জ্বলাই দিয়ে উত্তেজিত ৰাইজে ।

কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি: দুৰ্ঘটনাক কেন্দ্ৰ কৰি সংঘটিত গণপ্ৰহাৰত নিহত ২ (ETV Bharat Assam)

ইয়াৰ উপৰি চিদু কানহু ভৱন আদিৰ ব্যাপক ক্ষতিসাধন কৰে উত্তেজিত ৰাইজে । একাংশ দোকান-ঘৰ জ্বলোৱা আৰম্ভ কৰিছে উত্তেজিত ৰাইজে । ফলত পৰিস্থিতি অতিকৈ উত্তেজনাপূৰ্ণ হৈ পৰিছে আৰু নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে ।

ইফালে এই ঘটনাৰ প্ৰতিবাদত বুধবাৰে বি টি চি বন্ধৰ হুংকাৰ বনছুৰ । লগতে ন্যায় নোপোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি জনাইছে প্ৰতিবাদকাৰীয়ে । উল্লেখ্য যে সোমবাৰে কাৰিগাঁও আৰক্ষী চকীৰ পৰা মাথোঁ ১-১.৫ কিলোমিটাৰ নিলগৰ গৌৰীনগৰত ঘটনা সংঘটিত হৈছিল ভয়াৱহ ঘটনাটো ।

এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে এদল লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল চিকনা জৌহালৌও বিস্মিত নামৰ এজন যুৱকক । উক্ত ঘটনাত যুগিৰাজ ব্ৰহ্ম, মহেশ মুৰ্মু, সুনীল মুৰ্মুও আহত হয় । তদুপৰি ঘটনাস্থলীত এখন স্কৰপিঅ' বাহনো জ্বলাই দিয়ে । আৰক্ষীয়ে ঘটনাৰে জড়িত থকাৰ অভিযোগত আটক কৰিছে ১৮ গৰাকী ব্যক্তিক ।

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ ৩১ নম্বৰ ঘাইপথৰ কাৰিগাঁৱৰ সমীপৰ গৌৰীনগৰত সোমবাৰে নিশা প্ৰায় ৭ বজাত সংঘটিত এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উক্ত ঘটনাত চিকনা জৌহালৌও বিস্মিত (৩২) নামৰ এজন লোক ঘটনাস্থলীতে নিহত হোৱাৰ লগতে সুনীল মুৰ্মু (৪০) নামৰ লোকজনক চিকিৎসালয়লৈ অনাৰ দুঘণ্টামান পাছত মৃত্যু হয় ৷ আনহাতে, বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ থকা বাকী তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

নিহত চিকনা জৌহালৌও বিস্মিতৰ ঘৰ কোকৰাঝাৰ জিলাৰ কাজিগাঁও থানাৰ অন্তৰ্গত বাশবাৰী প্ৰথম খণ্ড গাঁৱত আৰু সুনীল মুৰ্মুৰ ঘৰ কাৰিগাঁৱৰ ওচৰৰ গুৰুং গাঁৱৰ বুলি জানিব পৰা গৈছে ৷ আনহাতে, ঘটনাত আহতসকল ক্ৰমে কাৰিগাঁৱৰ ওচৰৰ গুৰুং গাঁৱৰ মহেশ মুৰ্মু (৫০), অণ্ঠাইগৗলা গাঁৱৰ পিতা-পুত্ৰ ক্ৰমে প্ৰভাত ব্ৰহ্ম (৫০) আৰু যুগিৰাজ ব্ৰহ্ম (১৭) বুলি জানিব পৰা গৈছে ।

আহতসকলক কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু তিনিওজনৰে অৱস্থা সংকটজনক বুলি চিকিৎসকে জনাইছে ৷ আনহাতে, ঘটনাস্থলীত উত্তেজিত ৰাইজে চিকনা জৌহালৌও বিস্মিতে লৈ যোৱা স্কৰপিঅ' বাহনখন জ্বলাই দিয়ে ।

ইপিনে ঘটনাৰ খবৰ পোৱাৰ পিছত কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰী কোকৰাঝাৰ মেডিকেল কলেজ হস্পিটেলত উপস্থিত হৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয় । মৃতকৰ পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি তেওঁ আহতসকলৰ আশু আৰোগ্য কামনা কৰে ।

সাংবাদিকৰ আগত তেওঁ কয়, "ঘটনাটো শুনি ফালে মই ইয়ালৈ আহিছোঁ চাবৰ কাৰণে । খুব দুৰ্ভাগ্যজনক, খুব নিন্দনীয় বুলি আমি ক'ব লাগিব ঘটনাটোক । আমাৰ চিনাকি এজন কণ্ট্ৰেক্টৰ বৰোন্দা বসুমতাৰী, তেখেতে আওডাং বজাৰলৈ যোৱা ৰাস্তা নিৰ্মাণৰ কাম পাইছিল আৰু তেওঁ সেই কাম কৰি আছে । তেখেতৰ জোঁৱাই আৰু কিছুমান লেবাৰে কামৰ কাৰণে কিছুমান সঁজুলি তাৰ পৰা আনিবলৈ গৈছিল । আঠমান বজাত এই ঘটনাটো হ'ল । আমি শুনিবলৈ পাইছোঁ ৰাস্তাত আহোঁতে এক্সিডেণ্ট হৈছিল । এক্সিডেণ্ট হোৱাৰ পিছত গাড়ীখন বাগৰি গৈছিল । তাতে ক্ষুব্ধ হৈ এই অঞ্চলৰ আমাৰ আদিবাসী লোকসকলে তেওঁলোকৰ গাড়ীখন ঘেৰাও কৰিলে, গাড়ীখন জ্বলাই দিলে । আৰু এই চাৰিজন যি গাড়ীত আছিল তেওঁলোকক খুব বেয়াকৈ প্ৰহাৰ কৰিলে । যাৰ ফলত এজনৰ মৃত্যু হৈ গ'ল ।"

আনহাতে, ঘটনা সন্দৰ্ভত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক অক্ষয় গাৰ্গে কয়, "আমি কালি ৰাতি ১৯ জন মানুহক ধৰিছোঁ । কালি ৰাতিৰে পৰাই ইনভেষ্টিগেচন আৰম্ভ কৰিছোঁ । এতিয়া আমি মানুহবোৰক বুজাই আছোঁ যে পুলিচক আইন মতে কাম কৰিবলৈ দিয়ক । আৰু আমি পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আছোঁ ।"

আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়ে উক্ত ঘটনাটো সংঘটিত হোৱাৰ আশাংকা প্ৰকাশ কৰা হৈছে । ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰে আওডাং বজাৰলৈ যোৱা ৰাস্তাটো নিৰ্মাণৰ বাবে ঠিকা বৰোন্দা বসুমতাৰী নামৰ ঠিকাদাৰজনে লাভ কৰিছিল । সেই সূত্ৰে ঠিকাদাৰগৰাকীৰ জোঁৱায়েক চিকনা জৌহালৌও বিস্মিতে কাম চোৱাচিতা কৰিছিল ৷

বৰোন্দা বসুমতাৰীয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দি কয়, "কালি সন্ধিয়া ছয়মান বজাত জোঁৱায়ে মোক ক’লে কাম কৰা ঠাইত কেইখনমান বেলচা আছে মই আনিবলৈ যাওঁ ৷ মই ক’লোঁ এতিয়া সন্ধিয়া ছয় বাজিছে, এতিয়া নালাগে কালি আনিবা ৷ কিন্তু পুৱাই কাম থকাৰ বাবে আজিয়েই লৈ আনিব যাম বুলি কৈ ওলাই যায় । তাৰ পাছত এনেকুৱা ঘটনা হ’ব বুলি ভবা নাছিলোঁ ৷”

চিখনাই তেওঁৰ লগত ট্ৰেক্টৰ চলোৱা ড্ৰাইভাৰ প্ৰভাত ব্ৰহ্ম আৰু তেওঁৰ পুত্ৰ যুগিৰাজক লৈ ঘটনাস্থলীলৈ গৈছিল । চিখনাই পিতা-পুত্ৰৰ সৈতে কৰ্মস্থলীৰ পৰা সামগ্ৰী লৈ উভতি আহি থাকোতে গৌৰীনগৰত এক পথ দুৰ্ঘটনা সংঘটিত হয় । উক্ত ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে আৰু স্কৰপিঅ' বাহনখনলৈ শিলগুটি নিক্ষেপ কৰাত বাহনখন বাগৰি পৰাৰ পিছত বাহনত থকা আৰোহীসকলক উলিয়াই আনি নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰু বাহনখন জ্বলাই দিয়ে । বাতৰি লিখা পৰলৈকে পৰিস্থিতি উত্তপ্ত হৈ আছে ।

আন এক বিশ্বস্ত সূত্ৰই দাবী কৰা মতে, গৰু চোৰ বুলি সন্দেহ কৰি ঘটনাৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে ৷ জানিব পৰা মতে, অঞ্চলটোত বহুদিনৰে পৰা গৰুচুৰি কাৰ্য সংঘটিত হৈ আছিল ৷

উক্ত ঘটনাত দুখ প্ৰকাশ কৰি বিধায়ক লৰেন্স ইছলাৰী আৰু ই এম প্ৰকাশ বসুমতাৰীয়ে চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ পৰিস্থিতি বুজ লয় আৰু শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে । লগতে তদন্তমৰ্মে দোষীৰ শাস্তিৰ পোষকতা কৰিছে ।

কোকৰাঝাৰত সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

Kokrajhar road accident violence
ইণ্টাৰনেট সেৱা বন্ধৰ নিৰ্দেশনা (ETV Bharat Assam)

কোকৰাঝাৰত হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাময়িকভাৱে বন্ধ ৰখা হৈছে ইণ্টাৰনেট সেৱা । অসম চৰকাৰৰ ৰাজনৈতিক (প্ৰশাসন) বিভাগে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে । জাৰি কৰা নিৰ্দেশনাটোত কোৱা হৈছে যে অসম চৰকাৰে কোকৰাঝাৰ জিলা ন্যায়াধীশৰ জৰিয়তে এক গুৰুতৰ আইন-শৃংখলা জড়িত পৰিস্থিতিৰ বিষয়ে অৱগত হৈছে । সোমবাৰে নিশা সংঘটিত এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি দুজন লোকৰ গণপ্ৰহাৰত মৃত্যু আৰু তিনিজন লোকৰ আঘাতপ্ৰাপ্ত হোৱাৰ ঘটনাৰ পিছত মঙলবাৰে জিলাখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি বড়ো আৰু আদিবাসী সম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টি হৈছে আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে । লগতে পথত টায়াৰ জ্বলোৱা, ঘৰ জ্বলোৱা, কাৰ্যালয় জ্বলোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে ।

গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে জাৰি কৰা নিৰ্দেশনাটোত লগতে কোৱা হৈছে যে এই ঘটনাবোৰ সামাজিক মাধ্যমৰ জৰিয়তে বিয়পি পৰি সামাজিক অস্থিৰতা সৃষ্টিৰ তীহ্ৰ আশংকা আছে । সেয়েহে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি তৎকালীনভাৱে কাৰ্যকৰা হোৱাকৈ জিলাখনত মোবাইল ডাটা ছাৰ্ভিচ আৰু আৰু ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ্য যে সোমবাৰৰ নিশাৰ পৰা উদ্ভৱ হোৱা ঘটনা সন্দৰ্ভত এতিয়ালৈকে ১৯ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ লগতে জিলাখনলৈ অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হৈছে ।

মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

আনহাতে, এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বৰ্তমান ছুইজাৰলেণ্ডৰ ডাভোছত ৱৰ্ল্ড ইকন'মিক ফ'ৰামত অংশগ্ৰহণ কৰি থকা মুখ্যমন্ত্ৰীয়ে এটা X পোষ্টত লিখিছে, "কোকৰাঝাৰৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ অৰ্থে জিলা প্ৰশাসনৰ লগতে ৰাজ্য প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াসকলৰ সৈতে মই সততে যোগাযোগ ৰক্ষা কৰি আছোঁ ।"

তেওঁ লগতে লিখিছে, "শান্তি আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সেনাবাহিনী মোতায়েন কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ Rapid Action Forceক ইতিমধ্যে মোতায়েন কৰা হৈছে ।

আইন শৃঙ্খলা পৰিস্থিতি ৰক্ষাৰ স্বাৰ্থত কোকৰাঝাৰ আৰু চিৰাঙ জিলাত সদ্যহতে ইণ্টাৰনেট সেৱা অস্থায়ীভাবে বন্ধ ৰখা হ'ব। মই সমাজৰ নেতৃস্থানীয় ব্যক্তি আৰু ৰাজনৈতিক নেতাসকলৰ সম্পূৰ্ণ সহযোগিতাৰ বাবে অনুৰোধ জনালোঁ। শান্তি আৰু স্বাভাৱিক অৱস্থা যথাসম্ভৱ সোনকালে ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰক সহায় কৰিবলৈ সকলোকে আহ্বান জনালোঁ ।"

লগতে পঢ়ক :কাজিৰঙাত উদ্ধাৰ ঢেকীয়াপতীয়াৰ মৃতদেহ
লগতে পঢ়ক :শিখা শৰ্মাৰ বিৰুদ্ধে গোচৰ তেজপুৰতো