গুলীৰ শব্দত কঁপি উঠিল শীতৰ পুৱা; সমুখ সমৰত নামিল আৰক্ষী আৰু ৰাইজ
ডিব্ৰুগড়ত গৰুচোৰক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ । আৰক্ষী আৰু ৰাইজৰ সংঘাত । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা ।

Published : January 2, 2026 at 12:10 PM IST
ডিব্ৰুগড় : উজনি অসমৰ বিভিন্ন প্ৰান্তত গৰু আৰু ছাগলী চোৰে টোপনি কাঢ়িছে সৰ্বসাধাৰণ ৰাইজৰ । বিলাসী বাহনেৰে আহি নিতৌ গোহালিৰ পৰা চোৰে লৈ যায় গৰু আৰু ছাগলী । চোৰৰ উপদ্ৰৱ দেখি এতিয়া অতিষ্ঠ হৈ পৰিছে ৰাইজ । নৱবৰ্ষ উদযাপনৰ মাজতে এইবাৰ গৰুচোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ডিব্ৰুগড়ত । গৰুচোৰক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত ৰাইজে আবদ্ধ কৰিলে স্থানীয় আৰক্ষীক । আনকি ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় । এই ঘটনা ডিব্ৰুগড়ৰ মাইজান নতুন গাঁৱৰ ।
জানিব পৰা মতে অঞ্চলটোত দীৰ্ঘদিন ধৰি গৰু আৰু ছাগলীচোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে । এই ক্ষেত্ৰত আৰক্ষীৰ কোনো গুৰুত্ব নাই । যাৰ বাবে ৰাইজে বছৰৰ প্ৰথম দিনটোত নিশা পহৰা দিয়াৰ ব্যৱস্থা কৰে । সেই সময়ত ৰাইজে এখন বাহনসহ সন্দেহযুক্ত গৰুচোৰক কৰায়ত্ত কৰে । কিন্তু ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । ৰাইজৰ পৰা সন্দেহযুক্ত গৰুচোৰক উদ্ধাৰ কৰি আৰক্ষীয়ে যাবলৈ দিয়াৰ পিছতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ।
ক্ষোভিত ৰাইজে আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে । পৰিস্থিতিৰ অধিক অৱনতি হোৱাত ঘটনাস্থলীত উপস্থিত হয় অতিৰিক্ত আৰক্ষীৰ দল ।
সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য কৰা নাই যদিও স্থানীয় ৰাইজে কয়, "ডিব্ৰুগড়ৰ মাইজান নতুন গাঁৱত বিগত এটা সপ্তাহৰ পৰা গৰু চুৰি হৈ আছে । বিভিন্ন ধৰণৰ গাড়ী লৈ আহি গোহালিৰ পৰাই গৰু লৈ গৈছে চোৰে । আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱৰাত আমি যুৱকসকলে আলোচনা কৰি চোৰ ধৰাৰ বাবে একত্ৰিত হৈ পুৱতি নিশাৰ পৰা পহৰা দিছিলোঁ । পুৱতি নিশা এখন গাড়ী আহিছিল । বহু সময় গাড়ীখন গাঁৱৰ মাজৰ পথত ৰৈ পুনৰ ঘূৰি যাওঁতে আমি ৰখাবলৈ চেষ্টা কৰিছিলোঁ যদিও তেওঁলোকে পলায়ন কৰিবলৈ চেষ্টা কৰে । পিছত বেৰিকেড দিয়াত গাড়ীখন ৰৈ যায় যদিও লোককেইজন গাড়ীৰ পৰা নামি অহা নাছিল । গাড়ীৰ ভিতৰৰ পৰাই আৰক্ষীক খবৰ দিয়ে । কিছু সময়ৰ পাছত আৰক্ষীৰ দল উপস্থিত হৈ যুৱককেইজনক যাবলৈ দিয়ে । আৰক্ষীয়ে কোনো ধৰণৰ সোধা-পোছা নকৰাকৈ যাবলৈ দিলে । কিয় যাবলৈ দিয়া হ'ল বুলি আৰক্ষীক প্ৰশ্ন কৰাত আৰক্ষীয়ে ৰাইজৰ ওপৰতহে গুলী চলাবলৈ লৈছে ।"

সমগ্ৰ ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনা অব্যাহত আছে । ৰাইজৰ অভিযোগ অনুসৰি আৰক্ষীয়ে গৰুচোৰক ৰক্ষণাবেক্ষণ দিছে । কিন্তু গাড়ীখনত অহা যুৱককেইজন কি উদ্দেশ্যেৰে গাঁওখনলৈ আহিছিল ? সঁচাকৈয়ে সেইকেইটা গৰুচোৰ আছিল নেকি ? আৰক্ষীৰ সঠিক তদন্তত হে সকলো কথা স্পষ্ট হ'ব ।
লগতে পঢ়ক :বিধানসভা নিৰ্বাচনৰ টিকট লাগে ? ৫০ হাজাৰ টকা মাচুল দি প্ৰাৰ্থিত্বৰ বাবে কৰিব লাগিব আবেদন

