ETV Bharat / state

বাক্সাত সান্ধ্য আইন, টেলিকম সেৱা বন্ধ; শ্যামকানু-সিদ্ধাৰ্থক লৈ অগ্নিগৰ্ভা পৰিস্থিতি

আৰক্ষীলৈ শিলাবৰ্ষণ । আৰক্ষীৰ লাঠিচালনা, কন্দুৱা গেছ নিক্ষেপ । গাড়ীত অগ্নিসংযোগ । আহত কেইবাজনো সাংবাদিক-প্ৰতিবাদকাৰী-আৰক্ষী ।

tense situation in Baksa
আৰক্ষী-প্ৰশাসনক উদ্দেশ্যি শিলাবৰ্ষণ ক্ষুব্ধ জনতাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 15, 2025 at 7:23 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী/বাক্সা : অগ্নিগৰ্ভা হৈ পৰিল বাক্সাৰ নৱনিৰ্মিত জিলা কাৰাগাৰৰ সন্মুখভাগ । জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ পাঁচগৰাকী অভিযুক্তক কাৰাগাৰলৈ লৈ যোৱাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

একাংশ জুবিন অনুৰাগীৰ ক্ষোভৰ উদগীৰণ হয় কাৰাগাৰৰ সন্মুখত । সেই অঞ্চলৰ প্ৰতিবাদী জুবিন অনুৰাগীসকলৰ দাবী, 'জুবিন গাৰ্গক হত্যা'ৰ দৰে গোচৰত অভিযুক্ত, পাপীসকলক এই কাৰাগাৰত থাকিব নিদিয়ে । এই ক্ষোভ আৰু প্ৰতিবাদে এসময়ত হিংসাত্মক ৰূপ লয় । যাৰ ফলত নিৰাপত্তাত নিয়োজিত আৰক্ষীয়ে লাঠিচালনা আৰু কন্দুৱা গেছ প্ৰয়োগ কৰিবলগা হয় ।

বাক্সাত কাৰ্ফিউ; শ্যামকানু-সিদ্ধাৰ্থক লৈ অগ্নিগৰ্ভা পৰিস্থিতি (ETV Bharat Assam)

ইয়াৰ পিছতে পৰিস্থিতিৰ অধিক অৱনতি ঘটে । একাংশ উত্তেজিত প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে । ইয়াৰ ফলত কেইবাজনো আৰক্ষীৰ লগতে সাংবাদিক তথা সংবাদকৰ্মীও আহত হয় । আনহাতে, একাংশ প্ৰতিবাদকাৰীয়ে কেইবাখনো বাহনত অগ্নিসংযোগো কৰে । এই অগ্নিসংযোগৰ ঘটনাত এটা সংবাদ প্ৰতিষ্ঠানৰ এখন বাহনো সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।

tense situation in Baksa
ভস্মীভূত সংবাদ প্ৰতিষ্ঠানৰ বাহন (ETV Bharat Assam)

এই অগ্নিগৰ্ভা পৰিস্থিতিৰ বাবে বাক্সা জিলাত বলৱৎ কৰা হৈছে কাৰ্ফিউ । বি এন এছ ১৬৩ ধাৰাৰ অধীনত জাৰি কৰা হৈছে বিশেষ নিষেধাজ্ঞা । ইফালে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলাখনলৈ প্ৰেৰণ কৰা হৈছে অতিৰিক্ত বাহিনী । পাৰ্শ্বৱৰ্তী জিলাকেইখনৰ পৰা বাক্সালৈ প্ৰেৰণ কৰা হৈছে আৰক্ষীকে ধৰি অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত বাহিনী ।

tense situation in Baksa
বৃহৎসংখ্যক আৰক্ষী মোতায়েন (ETV Bharat Assam)

উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু দুই ব্যক্তিগত দেহৰক্ষীক বুধবাৰে বাক্সা জিলাৰ নিকাছিস্থিত কাৰাগাৰলৈ লৈ যোৱাৰ সময়তে কাৰাগাৰৰ সন্মুখত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । এই পাঁচোগৰাকীৰে বুধবাৰে আৰক্ষীৰ জিম্মা শেষ হোৱাৰ পিছত আটাইকেইজনকে কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয় । ইয়াৰ পিছতে আদালতে আটাইকেইজন অভিযুক্তকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । কিন্তু গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত নিৰাপত্তাজনিত আশংকাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক বাক্সা জিলাৰ নিকাছিস্থিত নৱনিৰ্মিত কাৰাগাৰলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই কাৰাগাৰখন উদ্বোধন কৰা হৈছিল এইবছৰৰে ২১ জুনত । অৱশ্যে কাৰাগাৰখনত বৰ্তমানলৈ কোনো কয়দী নাই ।

tense situation in Baksa
বাক্সা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

কিন্তু শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ আন অভিযুক্তকেইগৰাকীক বাক্সালৈ লৈ যোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে নলবাৰীৰ পৰা আৰম্ভ কৰি বৰমা আদি অঞ্চলত পথৰ দুয়োকাষে জুবিন গাৰ্গৰ অনুৰাগীসকল একত্ৰিত হ'বলৈ আৰম্ভ কৰে । লগে লগে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শ্লোগান দিবলৈ আৰম্ভ কৰে ।

tense situation in Baksa
কাৰাগাৰৰ সন্মুখত প্ৰতিবাদ (ETV Bharat Assam)

সময় আগবঢ়াৰ লগে লগে এই প্ৰতিবাদ অধিক ব্যাপক হৈ পৰে । ইফালে আটাইকেইগৰাকী অভিযুক্ত কাৰাগাৰত প্ৰৱেশ কৰাৰ লগে লগে কাৰাগাৰৰ সন্মুখত জুবিন গাৰ্গৰ বহু অনুৰাগী উপস্থিত হৈ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে । কিন্তু এই প্ৰতিবাদে এটা সময়ত হিংসাত্মক ৰূপ লয় । প্ৰতিবাদকাৰীৰ শিলগুটি নিক্ষেপ, বাহনত অগ্নিসংযোগৰ পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ লাঠিচালনা আৰু কন্দুৱা গেছ নিক্ষেপ কৰে ।

tense situation in Baksa
বাহনত অগ্নিসংযোগ (ETV Bharat Assam)

জানিব পৰা মতে, এগৰাকী জুবিন অনুৰাগী আঘাতপ্ৰাপ্ত হোৱাৰ লগতে আৰক্ষীৰ কেইবাজনো লোক আৰু বহুকেইগৰাকী সাংবাদিকো আহত হয় । কেইবাটাও চেটেলাইট চেনেলৰ আহত সাংবাদিকসকল হৈছে ক্ৰমে ময়ূৰ বনজিত কলিতা, জয়ন্ত শৰ্মা, ধ্ৰুৱ বৰা, নকুল তালুকদাৰ, ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভ দে', পৰাগ দাস আৰু ৰাজু দাস গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷

tense situation in Baksa
আহত একাংশ সাংবাদিক (ETV Bharat Assam)

ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় দাবী কৰা এগৰাকী জুবিন অনুৰাগী তথা প্ৰতিবাদকাৰীয়ে কয়, "জুবিন গাৰ্গে ন্যায় পাব লাগিব । যিগৰাকী ব্যক্তিয়ে অসমীয়া জাতি সত্তাটোক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিছে, জুবিন গাৰ্গ হেৰাই যোৱাটো এটা সৰু কথা হ'ব নোৱাৰে ।"

tense situation in Baksa
শ্যামকানু-সিদ্ধাৰ্থক লৈ বাক্সা কাৰাগাৰৰ সন্মুখত অগ্নিগৰ্ভা পৰিস্থিতি (ETV Bharat Assam)

টেলিকম সেৱা বাতিল

ইতিমধ্যে পৰিস্থিতি অধিক শোচনীয় নহ’বলৈ বাতিল কৰা হৈছে ইণ্টাৰনেট সেৱা ৷ চৰকাৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাক্সাত বন্ধ থাকিব টেলিকমৰ লগতে ইণ্টাৰনেট সেৱা ৷

লগতে পঢ়ক :জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানু-সিদ্ধাৰ্থসহ ৫ অভিযুক্তৰ নতুন ঠিকনা বাক্সাৰ নিকাছিস্থিত নৱ নিৰ্মিত কেন্দ্ৰীয় কাৰাগাৰ
লগতে পঢ়ক :জুবিনৰ মৃত্যুৰ লেহেমীয়া তদন্তত অতিষ্ঠ হৈ চাকৰি এৰিলে চিকিৎসকে