ETV Bharat / state

প্ৰকৃতিৰ শীতল কোলাত আপোনাক আদৰিবলৈ সাজু হৈ আছে টেঘেৰীয়া জলপ্ৰপাত

প্ৰচণ্ড গৰম আৰু কৰ্মব্যস্ততাৰ মাজতে সকাহৰ অন্য এক ঠিকনা ।

Tegheria Waterfall in Dimeria has become one of the major attractions for tourists
জিলিকি উঠিছে ডিমৰীয়াৰ টেঘেৰীয়া জলপ্ৰপাত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2026 at 2:10 PM IST

5 Min Read
Choose ETV Bharat

দেবেন বৰুৱা

সোণাপুৰ: ৰাজ্যজুৰি এতিয়া প্ৰচণ্ড গৰমৰ প্ৰকোপ । ৩৭-৩৮ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত বৃদ্ধি পোৱা উত্তাপ, অসহ্যকৰ গৰমে অতিষ্ঠ কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক । ঘৰৰ পৰা ওলালেই যেন গাত জুই লাগিব, এনে এক পৰিৱেশৰ মাজতো কিন্তু স্তব্ধ হোৱা নাই মানুহৰ জীৱন যাত্ৰা ।

এফালে যদি বন্ধ কোঠাৰ এ চি বা ফেনৰ বতাহে মানুহক সাময়িক আৰাম দিছে, আনফালে আকৌ গৰমক নেওচি চলিছে জীৱন সংগ্ৰাম । মূৰৰ ঘাম মাটিত পেলাই খেতিয়কে অনাগত দিনত ভঁৰাল ভৰ্তি কৰাৰ আশাত পথাৰৰ তপত বোকা-পানীত নামিছে ।

ঠিক একেদৰেই গাঁৱৰ মহিলাসকলেও গৰমক কেৰেপ নকৰি হাতত জাকৈ-পল' লৈ মাছ ধৰাত ব্যস্ত হৈ পৰিছে । এয়াই হৈছে অসমীয়া গ্ৰাম্য জীৱনৰ আচল ছবি, য’ত সংগ্ৰাম আৰু প্ৰত্যাহ্বান খোজে খোজে সাঙোৰ খাই থাকে ।

জিলিকি উঠিছে ডিমৰীয়াৰ টেঘেৰীয়া জলপ্ৰপাত (ETV Bharat Assam)

কিন্তু এই তীব্ৰ গৰম আৰু কৰ্মৰ ভাগৰুৱা তাগিদাৰ মাজতো মানুহক অলপ শান্তি, শীতলতা আৰু মানসিক প্ৰশান্তিৰ প্ৰয়োজন হয় । তাৰেই সন্ধানত এতিয়া একাংশ প্ৰকৃতিপ্ৰেমী তথা গৰমত অতিষ্ঠ লোকে ঢাপলি মেলিছে মহানগৰী গুৱাহাটীৰ গাতে লাগি থকা ডিমৰীয়াৰ বুকুলৈ । য’ত নৈসৰ্গিক সৌন্দৰ্যৰে জিলিকি উঠিছে প্ৰকৃতিৰ এক অনুপম সৃষ্টি টেঘেৰীয়া জলপ্ৰপাত ।

সেউজীয়াৰ বুকুত শীতল পানীৰ স্পৰ্শ

ডিমৰীয়াৰ ক্ষেত্ৰী অঞ্চলত অৱস্থিত এই টেঘেৰীয়া জলপ্ৰপাতটো বৰ্তমান সময়ত এক অন্যতম প্ৰধান আকৰ্ষণ কেন্দ্ৰ হৈ পৰিছে । ঘন সেউজীয়া পাহাৰ আৰু অৰণ্যৰ গভীৰতাৰ মাজেৰে বৈ অহা এই প্ৰাকৃতিক জলপ্ৰপাতটোৰ দুগ্ধফেনিল শীতল পানীয়ে চুই গৈছে প্ৰতিজন দৰ্শনাৰ্থীৰ মন আৰু প্ৰাণ । চহৰৰ কৃত্ৰিম এচিৰ বতাহতকৈ এই প্ৰাকৃতিক জলপ্ৰপাতৰ শীতলতা বহু বেছি সতেজ আৰু আৰামদায়ক ।

প্ৰতিদিনে, বিশেষকৈ সপ্তাহান্তিক বন্ধৰ দিনবোৰত ইয়াত অসংখ্য লোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে । কোনোবাই যদি পৰিয়ালৰ সৈতে আহিছে, কোনোবাই আকৌ বন্ধু-বান্ধৱীৰ দল লৈ দিনটোৰ বাবে ব্যস্ততাপূৰ্ণ জীৱনৰ ভাগৰ পলুৱাবলৈ আৰু গৰমৰ পৰা পৰিত্ৰাণ অলপ নিৰিবিলি স্থানত বহি আলাপ কৰিছে আন একাংশই ইয়াত জলকেলি কৰি আনন্দ বুটলিছে ।

দৰ্শনাৰ্থীৰ মুখত প্ৰশংসাৰ খলকনি

জলপ্ৰপাতটোলৈ ফুৰিবলৈ অহা এদল যুৱতীৰ মাজৰ এগৰাকীয়ে আনন্দৰে নিজৰ অনুভৱ ব্যক্ত কৰি কয়,"আজিকালি চহৰত ইমান বেছি গৰম আৰু প্ৰদূষণ হৈছে যে ঘৰৰ ভিতৰত থকাটোও অসম্ভৱ হৈ পৰিছে । সেইকাৰণে আজি আমি কেইজনীমান বান্ধৱী মিলি ইয়ালৈ গুচি আহিলোঁ । ইয়াত আহি জলপ্ৰপাতৰ ইমান ঠাণ্ডা পানীত গা ধুই বৰ ভাল লাগিল, পলকতে যেন গোটেই ভাগৰ নোহোৱা হৈ গ’ল । মহানগৰীৰ ইমান ওচৰতে যে ইমান সুন্দৰ এখন ঠাই আছে, সেয়া সঁচাকৈয়ে আশ্বৰ্যজনক । বিশেষকৈ এই গৰমৰ সময়খিনিত সকলোৱে ইয়ালৈ এবাৰ হ’লেও অহা উচিত ।"

ঠিক একেদৰেই এজন স্থানীয় ব্যক্তিয়ে জানিবলৈ দিয়ে,"আন দিনতকৈ গৰমৰ দিনকেইটাত ইয়ালৈ স্বাভাৱিকতকৈ বহু বেছি মানুহৰ আগমন ঘটে । ঠাইখন কেৱল চাবলৈকে সুন্দৰ নহয়, ইয়াৰ গছ-লতাৰ মাজেৰে বৈ অহা নিৰ্মল বতাহজাকে মানুহৰ ক্লান্তি মুহূৰ্ততে দূৰ কৰি সতেজতা আনি দিয়ে ।"

পৰিচালনা সমিতিৰ আহ্বান: ‘প্লাষ্টিকমুক্ত কৰি ৰাখক পৰিৱেশ’

পৰ্যটকৰ ভিৰ বৃদ্ধি পোৱাৰ লগে লগে এই পৰ্যটনস্থলীটো সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে স্থানীয় উদ্যোগত এখন জলপ্ৰপাত উন্নয়ন সমিতি গঠন কৰা হৈছে । সমিতিয়ে সমগ্ৰ ঠাই টুকুৰাৰ পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু উন্নয়নমূলক কাম-কাজ চোৱাচিতা কৰাৰ বাবে অহা দৰ্শনাৰ্থীসকলৰ পৰা নামমাত্ৰ এক প্ৰৱেশ অৰিহণা সংগ্ৰহ কৰে ।

সমিতিৰ বিষয়ববীয়াসকলে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজ তথা পৰ্যটকসকললৈ এক গুৰুত্বপূৰ্ণ তথা কাতৰ আহ্বান জনাই কয়,"ক্ষেত্ৰীৰ এই টেঘেৰীয়া অঞ্চলটো প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ । মানুহ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অলপ শান্তি বিচাৰি ইয়ালৈ আহে, তেওঁলোক আহিলে আমি স্থানীয় ৰাইজে নথৈ আনন্দিত হওঁ । কিন্তু ইয়াৰ মাজতে আমাৰ এটাই সৰু অনুৰোধ কোনেও যেন এই পবিত্ৰ আৰু ধুনীয়া প্ৰাকৃতিক পৰিৱেশটো আৱৰ্জনা পেলাই লেতেৰা নকৰে ।"

তেওঁ লগতে কয়,"বিশেষকৈ প্লাষ্টিকৰ খালী বটল, পলিথিন, চিপচৰ পেকেট আদি জাৱৰ-জোথৰ য’তে-ত’তে পেলাই জলপ্ৰপাতটোৰ সৌন্দৰ্য নষ্ট নকৰিব । আমি আমাৰ তৰফৰ পৰা দিনটোত কেইবাবাৰো চাফ-চিকুণ কৰিবলৈ অহৰহ চেষ্টা কৰিছোঁ, কিন্তু ইয়াত ৰাইজৰো সজাগতা আৰু সহযোগিতাৰ অত্যন্ত প্ৰয়োজন ।"

পৰ্যটনৰ এক বিপুল সম্ভাৱনীয়তা: চৰকাৰী দৃষ্টিৰ প্ৰয়োজন

সচেতন মহলৰ মতে, প্ৰকৃতিৰ এক অপূৰ্ব উপহাৰ এই টেঘেৰীয়া জলপ্ৰপাত । বৰ্তমান সময়ত ই কেৱল থলুৱা লোকৰ মাজতে সীমাবদ্ধ থকা নাই, ক্ৰমান্বয়ে ইয়াৰ জনপ্ৰিয়তা সমগ্ৰ অসমতে বিয়পি পৰিছে । যদিহে অসম চৰকাৰ তথা পৰ্যটন বিভাগে এই জলপ্ৰপাতটোক আৰু অলপ পৰিকল্পিতভাৱে সজাই পৰাই তোলে তেন্তে পৰ্যটকৰ সুবিধা হ'ব ।

প্ৰাথমিক আন্তঃগাঁথনি, যেনে- জিৰণি কোঠা, শৌচাগাৰ, খোৱাপানীৰ ব্যৱস্থা উন্নত কৰে, তেন্তে অনাগত দিনত ই অসমৰ পৰ্যটন মানচিত্ৰত এক উল্লেখনীয় আৰু অন্যতম সৰ্বাধিক আকৰ্ষণীয় স্থান হিচাপে জিলিকি উঠিব সেয়া নিশ্চিত । ইয়াৰ দ্বাৰা স্থানীয় যুৱক-যুৱতীসকলৰ বাবেও কৰ্মসংস্থাপনৰ এক নতুন পথ মুকলি হ’ব ।

লগতে পঢ়ক: ছিণ্ডিকেট কোনে চলায় ? বিধানসভাত মন্ত্ৰী জয়ন্ত-বিধায়ক অখিলৰ মাজত তুমুল বাকযুদ্ধ

বৰপানী বনাঞ্চলত বিধায়কৰ চৰজমিন তদন্ত: নগাঁও-কাৰ্বি আংলং সীমা বিবাদ তুংগত