ETV Bharat / state

তেজপুৰত কনচেণ্ট্ৰেটিং ছ'লাৰ থাৰ্মেল প্ৰযুক্তি সম্পৰ্কীয় কাৰিকৰী কৰ্মশালা

ভাৰতৰ উদ্যোগ ক্ষেত্ৰত প্ৰায় ৭০ শতাংশ শক্তিৰ প্ৰয়োজন ৷

technical workshop on concentrating solar thermal technology
তেজপুৰত সেউজ সৌৰ তাপ প্ৰযুক্তি সম্পৰ্কীয় কাৰিকৰী কৰ্মশালা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 27, 2026 at 8:42 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: অতি সম্প্ৰতি বিশ্বৰ প্ৰায়ভাগ দেশতেই উদ্যোগ খণ্ডত সেউজ শক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । অসমৰ ক্ষুদ্ৰ, সৰু আৰু মধ্যম উদ্যোগ(MSME) সমূহৰ মাজত সেউজ শক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে চলোৱা হৈছে প্ৰচেষ্টা । এই উদ্দেশ্য় আগত ৰাখিয়েই প্ৰযুক্তি সম্পৰ্কীয় এখন কাৰিকৰী কৰ্মশালা অনুষ্ঠিত হয় তেজপুৰত ।

অসমৰ ক্ষুদ্ৰ, সৰু আৰু মধ্যম উদ্যোগ(MSME) সমূহৰ মাজত সেউজ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে তেজপুৰস্থিত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত কনচেণ্ট্ৰেটিং ছ'লাৰ থাৰ্মেল(CST) প্ৰযুক্তি সম্পৰ্কীয় এখন কাৰিকৰী কৰ্মশালা অনুষ্ঠিত হয় ।

technical workshop on concentrating solar thermal technology
তেজপুৰত সেউজ সৌৰ তাপ প্ৰযুক্তি সম্পৰ্কীয় কাৰিকৰী কৰ্মশালা (ETV Bharat Assam)

কৰ্মশালাখন ৰাষ্ট্ৰসংঘৰ ঔদ্যোগিক উন্নয়ন সংস্থা(UNIDO), গ্ল'বেল এনভাৰনমেণ্ট ফেচিলিটি(GEF) আৰু ভাৰত চৰকাৰৰ MSME মন্ত্ৰালয়ৰ যৌথ প্ৰচেষ্টাত ৰূপায়িত ভাৰতৰ ‘এম এছ এমই সমূহৰ মাজত সৌৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি আৰু বিস্তাৰৰ বাবে ব্যৱসায়িক আৰ্হি প্ৰচাৰ’ শীৰ্ষক প্ৰকল্পৰ অধীনত অনুষ্ঠিত হয় । উত্তৰ-পূৰ্বাঞ্চলৰ কাৰিকৰী অংশীদাৰ হিচাপে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটী(IIT)ই দায়িত্ব পালন কৰি আহিছে ।

উদ্বোধনী অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডি চি বৰুৱাই মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি কয় যে উদ্যোগ খণ্ডত সেউজ শক্তিৰ ব্যৱহাৰ সময়ৰ দাবী । ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটীৰ ড৹ পংকজ কলিতাই আদৰণি ভাষণত কয়, "উত্তৰ-পূৰ্বাঞ্চলত সৌৰ তাপ প্ৰযুক্তিৰ যথেষ্ট সম্ভাৱনা আছে ।"

technical workshop on concentrating solar thermal technology
তেজপুৰত সেউজ সৌৰ তাপ প্ৰযুক্তি সম্পৰ্কীয় কাৰিকৰী কৰ্মশালা (ETV Bharat Assam)

UNIDO ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰকল্প সমন্বয়ক দেৱজিত দাসে কয়, “ভাৰতৰ উদ্যোগ ক্ষেত্ৰত প্ৰায় ৭০ শতাংশ শক্তিৰ প্ৰয়োজন । তাপ শক্তি আৰু ইয়াৰ অধিকাংশ জীৱাশ্ম ইন্ধনৰ জৰিয়তে উৎপাদিত । যদি MSME সমূহে CST প্ৰযুক্তি গ্ৰহণ কৰে, তেন্তে ৩০ৰ পৰা ৬০ শতাংশলৈকে শক্তি ব্যয় হ্ৰাস কৰিব পাৰিব ।” তেওঁ লগতে উল্লেখ কৰে যে উদ্যোগ খণ্ডই বিশ্বব্যাপী এক-তৃতীয়াংশ গ্ৰীণ হাউছ গেছ নিঃসৰণৰ বাবে দায়ী আৰু ২০৩০ চনৰ ভিতৰত নিঃসৰণ তীব্ৰতা হ্ৰাস কৰাৰ বাবে MSME খণ্ডৰ সেউজ ৰূপান্তৰ অতি প্ৰয়োজনীয় ।

কাৰিকৰী অধিৱেশনত গুৱাহাটীৰ বিশেষজ্ঞসকলে আগ্ৰহী উদ্যোগসমূহক বিনামূলীয়াকৈ সম্ভাৱ্যতা অধ্যয়ন সুবিধা প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে । ছানৰাইচ CSP-ৰ পৰিচালক দীপক গাধিয়াই বিভিন্ন ৰাজ্যত সফলভাৱে ৰূপায়িত CST প্ৰকল্পসমূহৰ উদাহৰণ দাঙি ধৰি কয় যে এই প্ৰযুক্তি ব্যৱসায়িকভাৱে সম্পূৰ্ণ সাজু ।

লগতে পঢ়ক:কৃষিৰে স্বাৱলম্বিতাৰ অনন্য় নিদৰ্শন: মনালিছা ৰাজবংশীৰ সেউজ বিপ্লৱ

ঐতিহ্যমণ্ডিত কলিয়াবৰ হাজাৰী ভাওনা উৎসৱ ২০২৬: প্ৰস্তুতি এতিয়া তুংগত