ETV Bharat / state

জুবিনৰ সপোনৰ ছবিৰ পাইৰেচী; চাইবাৰ আৰক্ষীৰ কাষ চাপিল টীম 'ৰৈ ৰৈ বিনালে'

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পাইৰেচীৰ বিৰুদ্ধে এজাহাৰ দাখিল টীম 'ৰৈ ৰৈ বিনালে'ৰ । চাইবাৰ আৰক্ষী থানাতো গোচৰ ৰুজু ।

Roi Roi Binale team
পাইৰেচীৰ বিৰুদ্ধে চাইবাৰ আৰক্ষীৰ কাষ চাপিল টীম 'ৰৈ ৰৈ বিনালে' (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 10, 2025 at 10:22 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : ভয়ংকৰ পাইৰেচীৰ কবলত জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প 'ৰৈ ৰৈ বিনালে' । ছবিখনৰ মুক্তিৰ পিছৰে পৰা একাংশ দুষ্ট চক্ৰই ভুৱা কিছুমান পেজ, ফেচবুক একাউণ্ট, ইউটিউব চেনেলৰ জৰিয়তে ছবিখনৰ এক, দুই মিনিটৰ ভিডিঅ' আপলোড কৰাৰ লগতে এতিয়া সম্পূৰ্ণ ছবিখনে আপলোড কৰিছে । জুবিন গাৰ্গৰ মিউজিকেল ড্ৰামা ছবিখন মুক্তিৰ ১০ দিন অতিক্ৰম কৰিছে । এতিয়াও ছবিখন ৰাজ্যৰ ছবিগৃহবোৰত সগৌৰৱে চলি আছে । কিন্তু ছবিখন যিধৰণে পাইৰেচীৰ কবলত পৰিছে তাক দেখি সৰৱ হৈ পৰিছে টীম 'ৰৈ ৰৈ বিনালে' ।

ইতিমধ্যে জুবিন অনুৰাগী, জুবিন ফেন ক্লাবৰ সদস্যৰ লগতে সাংস্কৃতিক জগতৰ সকলোৱেই এই কাৰ্যৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনাইছে ৷ কিন্তু দৈনিক পাইৰেচীৰ নতুন নতুন খবৰে ক্ষোভিত কৰি তুলিছে ছবিখনৰ প্ৰযোজক, পৰিচালক তথা কলা-কুশলীসকলক ৷ যাৰ বাবে দেওবাৰে চি আই ডিৰ চাইবাৰ আৰক্ষী থানাত 'ৰৈ ৰৈ বিনালে' টীমে এজাহাৰ দাখিল কৰে । ছবিখনৰ পাইৰেচী ৰোধ কৰাৰ লগতে এই অপৰাধক জড়িতসকলক কঠোৰ শাস্তি দিয়াৰ বাবে টীম 'ৰৈ ৰৈ বিনালে'ৰ তৰফৰ পৰা এই কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে ।

পাইৰেচীৰ বিৰুদ্ধে চাইবাৰ আৰক্ষীৰ কাষ চাপিল টীম 'ৰৈ ৰৈ বিনালে' (ETV Bharat)

সম্প্ৰতি সামাজিক মাধ্যমৰ জৰিয়তে একাংশ দুষ্ট চক্ৰই ছবিখনৰ পাইৰেচী কৰিবলৈ উঠি-পৰি লাগিছে । এই সম্পৰ্কে ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই কয়, "আমি ইতিমধ্যে বিভিন্ন জিলাত ছবিখনৰ পাইৰেচীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছোঁ । এনে কিছুমান ছাইট আছে যিবোৰ দেশৰ বাহিৰৰ পৰাও হৈ আছে, দেশৰ ভিতৰৰ পৰাও হৈ আছে । গতিকে চাইবাৰ ক্ৰাইমত আমি লিখিত এজাহাৰ এখন দাখিল কৰিলোঁ । যিমানেই পাইৰেচী নকৰিবলৈ আহ্বান জনাই আছোঁ সিমানেই পাইৰেচী বাঢ়ি গৈ আছে । ছবিখনৰ পাইৰেচী কৰি জুবিন গাৰ্গৰ সৃষ্টি ধ্বংস কৰিলে । সকলো শেষ হৈ হ'ল, এতিয়া কালপ্ৰিটকেইটাই শাস্তি পাওঁক ।"

Roi Roi Binale team
চাইবাৰ আৰক্ষী থানাত ৰৈ ৰৈ বিনালে টীমৰ এজাহাৰ (ETV Bharat)

ইফালে এজাহাৰ দাখিল কৰাৰ পাছত ছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতমে কয়, "পাইৰেচী যে ইমান বৃহৎ হাৰত চলি আছে তাৰ বাবে আমি আজি ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দিছো । ইউটিউবত সম্পূৰ্ণ ছবিখন আপলোড দি আছে । এতিয়ালৈকে ইউটিউবৰ প্ৰায় ১০০ টা মান লিংক পাইছোঁ । কিছুমানে ফেক একাউণ্ট খুলি আপলোড কৰি আছে । যাৰ বাবে ধৰিব অকণমান অসুবিধা হৈছে । আমি যিমানেই সক্ৰিয় হৈ পাইৰেচী ৰোধ কৰিব বিচাৰি আছোঁ সিমানেই পাইৰেচী কৰাৰ সংখ্যা বৃদ্ধি পাইছে । আমি বিচাৰিছো যাতে চাইবাৰ থানাই অতি সোনকালে পাইৰেচী কৰাসকলৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰক ।"

Roi Roi Binale team
চাইবাৰ আৰক্ষী থানাত ৰৈ ৰৈ বিনালে টীমৰ এজাহাৰ (ETV Bharat)

দেওবাৰে টীম 'ৰৈ ৰৈ বিনালে'ৰ হৈ পৰিচালক-প্ৰযোজকৰ লগতে কণ্ঠশিল্পী তথা ছবিখনৰ সহ অভিনেতা আচুৰ্য বৰপাত্ৰ, সংগীত শিল্পী শশাংক সমীৰসহ টীম 'ৰৈ ৰৈ বিনালে'ৰ কেইবাগৰাকী সদস্য ।

লগতে পঢ়ক :‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেটেড সংস্কৰণ চাই থানা পালেগৈ মহিলা