সাপ-বেঙৰ বাসস্থানলৈ পৰ্যবসিত এখন চৰকাৰী বিদ্যালয়: পাঠদান এৰি ম’বাইলত ব্যস্ত থাকে শিক্ষক !
ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়খনত তিনিগৰাকী শিক্ষক আছে যদিও নাই শিক্ষাৰ কোনো পৰিৱেশ ৷ দীৰ্ঘদিন ধৰি মধ্যাহ্ন ভোজনো বন্ধ কৰি ৰখাৰ অভিযোগ ৷

Published : July 2, 2026 at 2:05 PM IST
জনীয়া: বৰপেটা জিলাৰ কলগাছিয়াত অৱস্থিত বিলৰটাৰী গাঁৱৰ তালুকদাৰ চুবা প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা দেখিলে চকু কপালত উঠিব আপোনাৰ ৷ বিদ্যালয় নে পৰিত্যক্ত গৃহ সেয়া নিৰ্ধাৰণ কৰিব নোৱাৰিব এদিনীয়া মানুহে ৷ ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়খনত তিনিগৰাকী শিক্ষক আছে যদিও নাই শিক্ষাৰ কোনো পৰিৱেশ ৷ বিদ্যালয়ত উপস্থিত হৈ শিক্ষা সেতু এপত নিজৰ উপস্থিতি দিয়াৰ পিছতেই ছাত্ৰ-ছাত্ৰীক পাঠদান নকৰাকৈ মোবাইল ফোনত ব্যস্ত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে শিক্ষকৰ বিৰুদ্ধে ।
তদুপৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক আহমদ আলীয়ে দীৰ্ঘদিন ধৰি মধ্যাহ্ন ভোজন বন্ধ কৰি ৰখা বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱকে । প্ৰধান শিক্ষক আহমদ আলীয়ে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিকে প্ৰমুখ্য কৰি সমূহ সদস্যক বুঢ়া আঙুলি দেখুৱাই নিজৰ খেয়াল খুচি মতে বিদ্যালয় চলাই অহাৰ অভিযোগ উঠিছে । বিদ্যালয়খনত তিনিজনকৈ শিক্ষকৰ বিপৰীতে আছে ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী । তথাপিও উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰীসকল । একমাত্ৰ শিক্ষকসকলৰ চৰম হেমাহিৰ বাবেই ৩৫ গৰাকীকৈ শিক্ষাৰ্থীৰ মাজত প্ৰথম গোট মূল্যায়ন বা শ্ৰেণী ভিত্তিক মূল্যায়নত ১৫ জনেই বঞ্চিত হোৱা বুলি অভিভাৱকে অভিযোগ কৰে ।
শিক্ষকসকলৰ এনে ব্যৰ্থতাৰ বাবেই অভিভাৱকসকলে নিজৰ সন্তানৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বেলেগ বিদ্যালয়লৈ স্থানান্তৰ কৰিছে বুলি জানিবলৈ দিয়ে । ইফালে বিদ্যালয় চৌহদ জংঘলেৰে আৱৰি ধৰাত ভূত বাংলাত পৰিণত হৈ পৰিছে বিদ্যালয়খন । ছাত্ৰ-ছাত্ৰী নথকাৰ ফলত সাপ, ভেকুলীৰ বাসস্থান হৈ পৰিছে এইখন বিদ্যালয় ।
এগৰাকী অভিভাৱকে কয়, ‘‘বিদ্যালয়ত তিনিজন শিক্ষক আছে ৷ কিন্তু পাঠদান নকৰে, ম’বাইল চাই সময় পাৰ কৰে ৷ প্ৰধান শিক্ষকে মধ্যাহ্ন ভোজনো নিদিয়ে ৷ বিদ্যালয়খন হাবি-জংঘলে আবৰি ভূত বাংলা কৰি পেলাইছে ৷ আমি আমাৰ সন্তানক আন বিদ্যালয়লৈ নিবলৈ বাধ্য হৈছোঁ ৷’’
ইফালে বিদ্যালয়ৰ অৱস্থা সন্দৰ্ভত অভিভাৱকে তোলা অভিযোগ অস্বীকাৰ কৰিছে প্ৰধান শিক্ষক আহমদ আলীয়ে ৷ তেওঁ কয় যে গৰম বন্ধ আৰম্ভ হোৱাৰ সময় তথা পৰীক্ষা হৈ থকাৰ বাবে শিক্ষাৰ্থীৰ উপস্থিতি কমিছে ৷ ইফালে মধ্যাহ্ন ভোজন নিয়মীয়াকৈ দিয়া হয় বুলি উল্লেখ কৰি তেওঁ কয় যে পৰীক্ষা চলি থকাৰ বাবেহে দুদিনমান মধ্যাহ্ন ভোজন দিয়া নাই ৷ এখন শিক্ষানুষ্ঠানক মৃত্যুৰ মুখলৈ ঠেলি দিয়া প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে বিদ্যালয় পৰিদৰ্শক আৰু ৰূপসী শিক্ষাখণ্ডৰ শিক্ষা বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব ।
লগতে পঢ়ক: চপৰা-চপৰে খহিছে বেঁকী নৈৰ গৰা, সাংসদ ৰকিবুলৰ সন্ধান বিচাৰিছে খহনীয়াগ্ৰস্তই

