ETV Bharat / state

বন, বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষাৰ বাবে সমৰ্পিত এগৰাকী শিক্ষক, নিজৰ মাটিত গঢ়িছে অৰণ্য

এগৰাকী ব্যতিক্ৰমী শিক্ষক । সাংবাদিকতাৰ লগতো জড়িত । তেওঁ এগৰাকী প্ৰকৃতিপ্ৰেমীও । তেওঁৰ প্ৰচেষ্টাতে প্ৰায় ৫০ বিঘা ভূমিত গঢ় লৈ উঠিছে এখন জৈৱ-বৈচিত্ৰ্য উদ্যান ।

Human generated forest in Udalguri
বন, বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষাৰ বাবে সমৰ্পিত এগৰাকী শিক্ষক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 22, 2025 at 2:40 PM IST

6 Min Read
Choose ETV Bharat

ওদালগুৰি : ওদালগুৰি জিলাৰ এগৰাকী ব্যতিক্ৰমী শিক্ষক তথা সাংসদকৰ্মী । লগতে তেওঁ এগৰাকী বৈজ্ঞানিক চিন্তাধাৰা আগবঢ়াই নিয়াৰ বাবে নিৰলসভাৱে কাম কৰা কৰ্মীও । ইয়াৰ উপৰি এইগৰাকী ব্যক্তিয়ে তেওঁৰ জীৱনটো প্ৰকৃতি সুৰক্ষাৰ নামত অতিবাহিত কৰি আহিছে । নীৰৱে কৰি গৈছে প্ৰকৃতিৰ হকে কাম ।

তেওঁ হৈছে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ জয়ন্ত কুমাৰ দাস । জয়ন্ত কুমাৰ দাসে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সেৱাৰ বাবে অসম চৰকাৰৰ 'পৰিৱেশ মিত্ৰ-২০২৪' বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে । এইগৰাকী ব্যক্তিৰ জীৱন আৰু কৰ্ম সামৰি এক বিশেষ প্ৰতিবেদন ।

বন, বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষাৰ বাবে সমৰ্পিত এগৰাকী শিক্ষক (১) (ETV Bharat Assam)

পিতৃৰ পদাংক অনুসৰণেৰে কৰি গৈছে সামাজিক কাম

জয়ন্ত কুমাৰ দাসে ছাত্ৰাৱস্থাতে স্বাধীনতা সংগ্ৰামী পিতৃ প্ৰয়াত পানীৰাম দাস আৰু আদৰ্শৱান মাতৃ কনকলতা দাসৰ অনুপ্ৰেৰণাত বন্যপ্ৰাণী সংৰক্ষণ আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰতি আকৰ্ষিত হৈছিল । সেয়াই আৰম্ভণি । তাৰ পিছত প্ৰকৃতি সুৰক্ষাৰ হকে তেওঁৰ এক দীঘলীয়া যাত্ৰা । জয়ন্ত কুমাৰ দাসে বহু বছৰ ধৰি জলবায়ু আৰু প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াই আহিছে ।

বন, বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষাৰ বাবে সমৰ্পিত এগৰাকী শিক্ষক (২) (ETV Bharat Assam)

ওদালগুৰি জিলাৰ কলাইগাঁৱৰ সেৱাশ্ৰমত বিভিন্ন প্ৰজাতিৰ মূল্যৱান ফল-মূল আৰু ঔষধিজাতীয় গছ-গছনি ৰোপণ কৰাৰ লগতে বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰি সামাজিক দায়বদ্ধতাৰ নিৰ্দশন দাঙি ধৰিছে ।

বিজ্ঞান মনস্ক ব্যক্তি জয়ন্ত কুমাৰ দাস

ছাত্ৰাৱস্থাৰ পৰাই গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত অনুষ্ঠিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশিষ্ট পৰিৱেশ কৰ্মী আৰু বিশেষজ্ঞৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছে জয়ন্ত কুমাৰ দাসে । মনত প্ৰবল ইচ্ছাশক্তি আৰু হাবিয়াস থকাৰ পৰিপ্ৰেক্ষিতত প্ৰকৃতিপ্ৰেমী জয়ন্ত দাসে ৰাজ্যখনৰ লগতে দেশৰ বহুকেইখন বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যানৰ উচ্চস্তৰীয় সজাগতা সভা আৰু ছেমিনাৰত অংশগ্ৰহণ কৰি প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত অভিজ্ঞতা সঞ্চয় কৰিবলৈ সক্ষম হৈছে ।

Human generated forest in Udalguri
বন, বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষাৰ বাবে সমৰ্পিত এগৰাকী শিক্ষক (ETV Bharat Assam)

প্ৰকৃতি সংৰক্ষণৰ অভিজ্ঞতা লাভৰ বাবে বিদেশ ভ্ৰমণ

তেওঁ আনকি পূব আফ্ৰিকাৰ তাঞ্জানিয়া, কেনিয়া, উগাণ্ডা, পৃথিৱীৰ বৃহত্তম দ্বিতীয় ক্ৰান্তীয় হ্ৰদ ভিক্টোৰিয়াৰ লগতে থাইলেণ্ড,মালয়েছিয়া, শ্ৰীলংকা প্ৰভৃতি বহুকেইখন বিদেশী ৰাষ্ট্ৰ পৰিভ্ৰমণ কৰি বন্যপ্ৰাণী, প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছে ।

কাজিৰঙা ৱাইল্ড লাইভ ছ'চাইটীৰ যুটীয়া সম্পাদক, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনস্থ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ওদালগুৰি জিলাৰ সমন্বয়ক তথা জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসে ২০০৭ চনৰ পৰা ওদালগুৰি, গোলাঘাট, বাক্সা, শোণিতপুৰ, কাজিৰঙা, মানস আদি বিভিন্ন ঠাইত হাতী-মানুহৰ সংঘাত নিৰাময়ৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে ।

Human generated forest in Udalguri
বন, বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষাৰ বাবে সমৰ্পিত এগৰাকী শিক্ষক (ETV Bharat Assam)

প্ৰকৃতি আৰু বন সংৰক্ষণৰ বাবে নিজক সমৰ্পণ

তেওঁ প্ৰখ্যাত হস্তীকন্যা পাৰ্বতী বৰুৱা আৰু ভাৰতৰ বিখ্যাত বিশেষজ্ঞ চিকিৎসক পদ্মশ্ৰী ডাঃ কুশল কুমাৰ শৰ্মাৰ সান্নিধ্য লাভ কৰি বিভিন্ন বনাঞ্চলত প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে কাম কৰিছে । ২০১৩ চনত আমেৰিকা, ভূটান আৰু ভাৰতৰ প্ৰতিনিধিৰ অংশগ্ৰহণত ওদালগুৰিত অনুষ্ঠিত হাতী-মানুহৰ সংঘাত বিষয়ত আন্তঃৰাষ্ট্ৰীয় ছেমিনাৰত ভাগ লৈ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে ।

সম্প্ৰতি বিশেষভাৱে ওদালগুৰি জিলাত সঘনাই সংঘটিত হাতী-মানুহৰ সংঘাত আৰু জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি প্ৰবল ভাবুকিৰ সৃষ্টি হোৱা সত্ত্বেও কেৱল ধনৰ অভাৱৰ বাবে নিৰাময়ৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হোৱাৰ কথা দোহাৰি প্ৰকৃতি সুৰক্ষা কৰ্মীগৰাকীয়ে কেৱল ২০২৫ চনতে জিলাখনত ১৪ টাকৈ হাতী আৰু ১২ জনকৈ লোকৰ প্ৰাণহানি হোৱাৰ হৃদয়বিদাৰক তথ্য দাঙি ধৰে ।

Human generated forest in Udalguri
বন, বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষাৰ বাবে সমৰ্পিত এগৰাকী শিক্ষক (ETV Bharat Assam)

হস্তী-মানুহৰ সংঘাত : কাৰণ আৰু নিৰাময়ৰ ব্যৱস্থা

আনহাতে, জিলাখনত অক্টোবৰ-নৱেম্বৰ মাহৰ ভিতৰতে হাতী-মানুহৰ সংঘাতৰ বাবে তিনিজনকৈ লোক আৰু চাৰিটাকৈ হাতীৰ প্ৰাণহানি হোৱাৰ কথা তেওঁ সদৰী কৰে । বনাঞ্চলসমূহত বেদখল কৰি বসতি স্থাপন কৰাত ভূমি সংকুচিত হোৱাত বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত হাতী নামি অহাত মানুহৰ লগত হাতীৰ সংঘাতৰ সৃষ্টি হয় ।

ইফালে চৰকাৰে আৱণ্টন দিয়া ধনৰ সঠিক ব্যৱহাৰ নোহোৱাৰ লগতে বন বিভাগৰ উপযুক্ত প্ৰশিক্ষণ আৰু কৰ্মদক্ষ বাহিনীৰ অভাৱত এনে জ্বলন্ত সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হোৱা বুলি জয়ন্ত দাসে মন্তব্য কৰে ।

Human generated forest in Udalguri
বন, বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষাৰ বাবে সমৰ্পিত এগৰাকী শিক্ষক (ETV Bharat Assam)

নিজৰ ৫০ বিঘা ভূমিত বনাঞ্চল গঢ়িছে জয়ন্ত দাসে

পিতৃ পানীৰাম দাসৰ পৰামৰ্শ আৰু অনুপ্ৰেৰণাত নিজৰ প্ৰায় ৫০ বিঘা ভূমিত তেওঁ ২০০৯ চনত স্থাপন কৰা মানৱসৃষ্ট অৰণ্য কনকলতা জৈৱ-বৈচিত্ৰ্য উদ্যানত বিভিন্ন প্ৰজাতিৰ গছ-বিৰিখ, জীৱ-জন্তুৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দৰে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে । উদ্যানখনত বিলুপ্তপ্ৰায় সাপ, ভেকুলী, কেৰ্কেটুৱা, নেউল, গুঁই, কুকুহা, বতা চৰাই, জহামাল ইত্যাদি সংৰক্ষণ কৰিছে ।

Human generated forest in Udalguri
বন, বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষাৰ বাবে সমৰ্পিত এগৰাকী শিক্ষক (ETV Bharat Assam)

বি টি আৰত পৰ্যটনৰ সম্ভাৱনা

তেওঁৰ কৃত্ৰিম জলাশয়ৰ প্ৰাণী পৰ্যবেক্ষণ কৰিবলৈ দৰং আৰু ওদালগুৰি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল অহাৰ কথাও ব্যক্ত কৰে জয়ন্ত দাসে । আনহাতে, প্ৰচুৰ সম্ভাৱনা থকা ভাৰত-ভূটান সীমান্তৱৰ্তী বিটিআৰত চৰকাৰে পৰিকল্পিতভাৱে পৰ্যটকৰ আকৰ্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন বুলিও তেওঁ কয় ।

Human generated forest in Udalguri
বন, বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষাৰ বাবে সমৰ্পিত এগৰাকী শিক্ষক (ETV Bharat Assam)

অৰণ্য সৃষ্টিৰ ধাৰণা কেনেদৰে আহিল

এই সন্দৰ্ভত জয়ন্ত কুমাৰ দাসে কয়, "২০০৯ চন, তেতিয়া আমাৰ দেউতা ঢুকাইছে, স্বাধীনতা সংগ্ৰামী পানীৰাম দাস । তেখেত উৎসাহিত কৰিছিল যে ইয়াত এখন মানৱসৃষ্ট অৰণ্য গঢ়ি তুলিব লাগে । কাৰণ কলাইগাঁও যিহেতু এখন আগবঢ়া ঠাই, কিন্তু জংঘল বা অৰণ্য নাই । গতিকে ইয়াত কোনো বাঘ, হাতী সংৰক্ষণ হ'ব নোৱাৰে । কিন্তু এটা কথা কৈছিল বা আমিও অনুভৱ কৰিলোঁ যে আমাৰ হাতী, বাঘ, গঁড় এইবিলাকৰ সংৰক্ষণৰ বহুত আঁচনি আছে, চৰকাৰো জড়িত আছে ।"

তেওঁ লগতে কয়, "কিছুমান বস্তু আমাৰ সমাজৰ পৰা হেৰাই গৈছে । যেনে কুকুহা, এই কুকুহা চৰাই এতিয়া খুব কম দেখিব । কাউৰীৰ নিচিনা মুগা বৰণৰ । বতা চৰাই দেখিবলৈ নাই । এই আমাৰ নেউলবিলাক, জহামাল, অজগৰ বা যিকোনো প্ৰজাতিৰ সাপ বা বান্দৰ এইবিলাক সংৰক্ষণৰ বাবে সজাগতা হৈছে । ৰাইজৰ সহযোগত গছৰ পৰা পৰা জহামালৰ দুটা পোৱালি শুশ্ৰূষা কৰি সিহঁতৰ মাকক গতাই দিছোঁ । দুটা পোৱালি গ্ৰহণ নকৰাত মই মোৰ পৰিবাৰ বিজুলী ডেকাৰ সৈতে ছমাহ শুশ্ৰূষা কৰি ডাঙৰ হোৱাত বন বিভাগক গতাই দিছোঁ ।"

বন, বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত দেশ-বিদেশ ভ্ৰমণ কৰি সঞ্চয় কৰা অভিজ্ঞতাৰ ভিত্তিত চৰকাৰক পৰামৰ্শ আগবঢ়াবলৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ আশাও প্ৰকাশ কৰে । সম্প্ৰতি জয়ন্ত কুমাৰ দাসে অত্যন্ত নিষ্ঠা আৰু দক্ষতাৰে আগবঢ়োৱা এই সেৱা নৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হিচাপে চিহ্নিত হৈ ৰ'ব ।

লগতে পঢ়ক :সাঁচিগছে কোটিপতি কৰিলে বঙাইগাঁৱৰ কৃষকক: আপুনিও কৰিব পাৰে এই লাভৱান খেতি
লগতে পঢ়ক :আপদ নহয় সম্পদ: পানীমেটেকাও হ'ব পাৰে অৰ্থনীতিৰ সমল