ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে দিয়া চাউল, দাইল, মিঠাতেল, চেনি নালাগে চাহ শ্ৰমিক ৰাইজক; জিলা আয়ুক্তক দিলে স্মাৰকপত্ৰ

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাহ শ্ৰমিকৰ প্ৰতিবাদ । বদলি কাম দিয়া, স্থায়ী শ্ৰমিক বাহাল ৰখাকে ধৰি বিভিন্ন দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে ।

Tea workers protest
আমাক চাউল, দাইল, চেনী নালাগে, বদলি কাম লাগে: চাহ শ্ৰমিক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 9:29 AM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : অসম চৰকাৰে ৰেচন কাৰ্ড থকাসকলক চাউলৰ লগতে সুলভ মূল্যত মচুৰ দাইল, চেনি আৰু নিমখ দিয়াৰ ব্যৱস্থা কৰিছে । কিন্তু সেই সুলভ মূল্যৰ সামগ্ৰী নালাগে চাহ শ্ৰমিকক । প্ৰাপ্য অধিকাৰহে লাগে শ্ৰমিকসকলক । এই দাবীৰে যোৰহাটত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে শ শ চাহ শ্ৰমিকে । অসম চাহ মজদুৰ সংঘ যোৰহাট শাখা আৰু আটছাৰ চিনামৰা উপ শাখা সমিতিৰ উদ্যোগত সহস্ৰাধিক চাহ শ্ৰমিকে চিনামৰা চাহ বাগিচাৰ পৰা ৭ কিলোমিটাৰ পথ প্ৰতিবাদী সমদলেৰে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হয় ।

প্ৰতিবাদত অংশ লৈ এগৰাকী চাহ শ্ৰমিকে কয়, "আমাক চাউল, দাইল নালাগে বা চেনি মিঠাতেল নালাগে । আমাক চাকৰি লাগিব, বদলি কাম লাগিব । আমাৰ শ্ৰমিকৰ যিকেইটা বদলি কাম সেইকেইটাহে লাগে । আমাৰ শ্ৰমিকক ঠগিব খুজিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ বদলি কামবিলাক কাঢ়ি লৈ গৈছে আৰু চাউল, দাইল দিছে । আমাক মগনীয়া বুলি ভাবিছে । সেইকাৰণে দাইল, চাউল দিছে । আমি দাবী জনাইছে অতি সোনকালে বদলি কাম দিব লাগে । নহ'লে আমি জংগী আন্দোলন কৰিম ।"

যোৰহাটত চাহ শ্ৰমিকৰ প্ৰতিবাদ (ETV Bharat)

ইফালে প্ৰতিবাদী সমদলৰ অন্তত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম চাহ নিগমৰ অধীনৰ শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ বিচাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । তেওঁলোকৰ অভিযোগ অসম চাহ নিগমৰ অধীনৰ চিনামৰা চাহ বাগিচাকে আদি কৰি বিভিন্ন চাহ বাগিচাত বদলি কাম বন্ধ কৰি চাহ শ্ৰমিকসকলক পেটে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে চৰকাৰ । তেওঁলোকৰ মতে পূৰ্বৰে পৰা চাহ শ্ৰমিকসকলে মাটিপট্টা আৰু মজুৰি বৃদ্ধিৰ দাবীত সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে । সেয়েহে চৰকাৰে দিয়া বিনামূলীয়া চাউল, চেনি, মিঠাতেল আদি তেওঁলোকক নালাগে ।

ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিব লাগে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী শ্ৰমিকসকলে । অহা ১৫ দিনৰ ভিতৰত শ্ৰমিক ৰাইজৰ সমস্যা সমাধান নহ'লে পৰৱৰ্তী আন্দোলনৰো হুংকাৰ দিছে শ্ৰমিকসকলে ।

Tea workers protest
যোৰহাটত চাহ শ্ৰমিকৰ প্ৰতিবাদ (ETV Bharat)

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম চাহ মজদুৰ সংঘৰ যোৰহাট জিলা সমিতিৰ নেতা দীনেশ টংলাই কয়, "অসম চাহ নিগমৰ অধীনস্থ চিনামৰা, মুৰমুৰীয়া, হাতীগড় আদি কৰি বিভিন্ন চাহ বাগিচাত স্থায়ী শ্ৰমিকৰ সংখ্যা হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে, যদি শ্ৰমিকৰ সংখ্যা হ্ৰাস কৰে তেনেহ'লে সেইসকল চাহ শ্ৰমিক ক'ত যাব ? সেয়েহে শ্ৰমিক আইন অনুসৰি পূৰ্বৰ পৰা থকা শ্ৰমিকৰ সংখ্যা বাহাল ৰাখিব লাগিব । লগতে যিসকল শ্ৰমিকে অৱসৰ ল'লে বা মৃত্যু হ'ল তেওঁলোকৰ স্থানত পৰিয়ালৰ আন সদস্যক কামত মকৰল কৰিব লাগিব । কাৰণ এইসমূহ চৰকাৰৰ বাগান, যদি এইসমূহ কাম চৰকাৰে নকৰে কোনে কৰিব ? এই কাম কৰাৰ ক্ষেত্ৰত চৰকাৰ আগবাঢ়ি নাহিলে তেতিয়া কোম্পানীসমূহে সুবিধা পাব ।"

ইফালে প্ৰতিবাদৰ অন্তত জিলা আয়ুক্তৰ যোগেদি শ্ৰম মন্ত্ৰী, কাজিৰঙা আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদলৈ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে চাহ শ্ৰমিকসকলে ।

লগতে পঢ়ক :এন এইচ এম কৰ্মচাৰীৰ প্ৰতিবাদ সাময়িকভাৱে স্থগিত