ETV Bharat / state

দৈনিক মজুৰি বৃদ্ধি কৰাৰ দাবীত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ, চৰকাৰক সকীয়নি

দুদিন কাম কৰাৰ পৰা বিৰত থাকিব অসম চাহ নিগমৰ অধীনৰ কেইবাখনো বাগিচাৰ শ্ৰমিক ।

Tea workers protest in Jorhat
চিনামৰা চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ আছাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 15, 2025 at 6:15 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : ২০২৬ ৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে নিজৰ প্ৰাপ্য বিচাৰি চাহ জনগোষ্ঠীয়ে আৰম্ভ কৰিছে প্ৰতিবাদ । কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত আজিপৰ্যন্ত কাৰ্যকৰী নোহোৱাত চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ হাজাৰ চাহ শ্ৰমিক ।

দেৰগাঁৱত কেইমাহমান পূৰ্বে অনুষ্ঠিত কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম চাহ নিগমৰ অধীনত থকা চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি ২০৫ টকাৰ পৰা ২৫০ টকালৈ বৃদ্ধি কৰা হ'ব বুলি ঘোষণা গ্ৰহণ কৰিছিল । এই সিদ্ধান্ত ১ অক্টোবৰৰ পৰা কাৰ্যকৰী কৰা হ'ব বুলি কৈছিল যদিও আজি অক্টোবৰৰ ১৫ টা দিন পাৰ হ'ল । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা কেবিনেটৰ সিদ্ধান্ত কাৰ্যকৰী নোহোৱাত ক্ষুদ্ধ হৈ পৰিছে চাহ শ্ৰমিকসকল ।

চিনামৰা চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ আছাৰ (ETV Bharat Assam)

বুধবাৰে অসম চাহ নিগমৰ অধীনৰ কেইবাখনো বাগিচাৰ শ্ৰমিক একত্ৰিত হৈ চিনামৰা চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । আনহাতে এই প্ৰতিবাদৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হয় ।

এই প্ৰতিবাদত অংশগ্ৰহণ কৰি সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা)ৰ যোৰহাট জিলা সমিতিৰ উপ-সভাপতি পশুৰাম তাঁতীয়ে কয়, "দুখৰ বিষয় যে হিমন্ত বিশ্ব শৰ্মাই নিজকে সৰ্বশ্ৰেষ্ঠ শক্তিশালী মুখ্যমন্ত্ৰী বুলি ভাবি থাকে; কিন্তু তেওঁ এজন মিছলীয়া মুখ্যমন্ত্ৰীহে । কাৰণ দেৰগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে অসম চাহ নিগমৰ অধীনৰ চাহ বাগিচাৰ শ্ৰমিক সকলৰ মজুৰি ২৫০ টকালৈ বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰিছিল । ১ অক্টোবৰৰ পৰা কাৰ্যকৰী কৰা হ'ব বুলি কৈছিল; কিন্তু মুখ্যমন্ত্ৰীৰ সেই প্ৰতিশ্ৰুতি যে মিছা সেয়া প্ৰমাণ হ'ল । এইগৰাকী মুখ্যমন্ত্ৰীয়ে অসম চাহ নিগমৰ ইতিহাসো নাজানে । কংগ্ৰেছেই হওক বা বিজেপিই হওক সকলোৱে চাহ শ্ৰমিক সকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে ।"

Tea workers protest in Jorhat
চিনামৰা চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ আছাৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "চাহ শ্ৰমিক সকলক অৰুণোদয় নালাগে, লাগে প্ৰাপ্য মজুৰি । যদি দুই-তিনি দিনৰ ভিতৰত শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি নহয় তেতিয়াহ'লে শ্ৰমিকসকলৰ প্ৰতিবাদ ৰাজপথলৈ পৰ্যবেসিত হ'ব । আনহাতে দৈনিক মজুৰি কাৰ্যকৰী নকৰা বাবে শ্ৰমিকসকলে আজি আৰু কাইলৈ কাম কৰাৰ পৰা বিৰত থাকিব ।"

লগতে পঢ়ক:চাহ শ্ৰমিকক হত্যা সন্দেহযুক্ত নাগৰিকৰ; যোৰহাটত উত্তপ্ত পৰিস্থিতি, আহত আৰক্ষী

কিমান আৰু অভাৱত থাকিব, পুৱাই প্ৰতিবাদ কৰিবলৈ ওলাই আহিল বাগিচাৰ শ্ৰমিক