ETV Bharat / state

কলিয়াবৰ আৰু বঢ়মপুৰত নিৰ্ণায়ক ভূমিকা ল'ব চাহ বাগিচাৰ ভোটাৰে

চাহ বাগিচা অধ্যুষিত কলিয়াবৰ আৰু বঢ়মপুৰ সমষ্টিৰ ভোটাৰে বিজেপি মিত্ৰজোঁট প্ৰাৰ্থীক মুকলি সমৰ্থনৰ ইংগিত দিছে ।

Assam Assembly Elections 2026
কলিয়াবৰ আৰু বঢ়মপুৰত নিৰ্ণায়ক ভূমিকা ল'ব চাহ বাগিচাৰ ভোটাৰে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 16, 2026 at 6:22 PM IST

3 Min Read
Choose ETV Bharat

কলিয়াবৰ : অহা ৯ এপ্ৰিলত অসমত এটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে ইতিমধ্যে ৰাজ্যত নিৰ্বাচনী আচৰণ বিধিও বলৱৎ হৈছে । সমান্তৰালকৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে নিৰ্বাচনী বতাহ বলিছে । ভোটাৰসকলো পছন্দৰ প্ৰাৰ্থীক নিৰ্বাচিত কৰিবলৈ সাজু হৈছে ।

ইফালে বছৰ বছৰ ধৰি অসমৰ নিৰ্বাচনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰি অহা চাহ বাগিচাৰ ভোটাৰসকলেও সংকল্প লৈছে । চাহ মজদুৰসকলৰ সৰ্ববৃহৎ সংস্থা অসম চাহ মজদুৰ সংঘৰ তৰফৰ পৰাও আগন্তুক বিধানসভা নিৰ্বাচনত কোন দলৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াব তাৰ সংকল্প লোৱাৰ কথা ঘোষণা কৰিছে ।

বিজেপি মিত্ৰজোঁট মুকলি সমৰ্থন চাহ মজদুৰ সংঘৰ নগাঁও জিলা সমিতিৰ (ETV Bharat)

চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় উপ-সভাপতি তথা নগাঁও জিলা শাখাৰ সভাপতি বিন্দু গঞ্জুয়ে (ganju) বিধানসভা নিৰ্বাচনত চাহ মজদুৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ কথা উল্লেখ কৰি কয়, "অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ মূল সমিতিৰ লগতে নগাঁও জিলাৰ ৪৪ খন চাহ বাগিচাৰ বিষয়-ববীয়া, চাহ শ্ৰমিক সকলোৱে বৰ্তমান চৰকাৰে চাহ জনগোষ্ঠী, আদিবাসীসকলৰ উন্নয়নৰ বাবে যি কাৰ্যপন্থা হাতত লৈছে, সেই পদক্ষেপত সকলো সুখী । আমাৰ অসম চাহ মজদুৰ সংঘৰ নগাঁও কাৰ্যালয়ৰ ভূমিৰ পট্টা নাছিল । সৌ সিদিনা অসম চৰকাৰ আৰু স্থানীয় বিধায়কৰ তৎপৰতাত আমি পট্টা পালোঁ । আমাৰ চাহ শ্ৰমিকসকলৰ আপদ-বিপদৰ খবৰ ল'বলৈ এখন বাহন নাছিল । সেই অসুবিধা দূৰ কৰি ১৪ লাখ টকা মূল্যৰ এখন বাহন দিয়াৰ ব্যৱস্থা কৰিছে ।"

Assam Assembly Elections 2026
কলিয়াবৰ আৰু বঢ়মপুৰত নিৰ্ণায়ক ভূমিকা ল'ব চাহ বাগিচাৰ ভোটাৰে (ETV Bharat)

তেওঁ লগতে কয়, "আমাৰ জৰাজীৰ্ণ কাৰ্যালয়টো মেৰামতি কৰিবলৈ বিধায়ক কেশৱ মহন্তই ১৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিছে । তদুপৰি 'এটি কলি দুটি পাত' আঁচনিৰ জৰিয়তে অসমৰ লগতে নগাঁও জিলাৰ প্ৰতিটো চাহ শ্ৰমিকৰ পৰিয়ালে ৫ হাজাৰকৈ টকা লাভ কৰিছে । অৰুণোদয়ৰ লগতে বিভিন্ন আঁচনিৰ সুবিধাও লাভ কৰিছে । শ্ৰমিকে প্ৰতি সপ্তাহত মাত্ৰ ১,৩০০ টকা পাওঁ । এতিয়া মুখ্যমন্ত্ৰীয়ে দৈনিক মজুৰি ৩০ টকাকৈ বৃদ্ধি কৰি ২৮০ টকা কৰিলে, তাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ ।"

Assam Assembly Elections 2026
কলিয়াবৰ আৰু বঢ়মপুৰত নিৰ্ণায়ক ভূমিকা ল'ব চাহ বাগিচাৰ ভোটাৰে (ETV Bharat)

বিন্দু গঞ্জুয়ে লগতে কয়, "নগাঁও জিলাৰ ৪৪ খন চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ সহযোগত অহা দেওবাৰে আমলখি চাহ বাগিচাত এক বিশাল সভা আয়োজন কৰা হৈছে । সেই সভাতেই আমি অহা নিৰ্বাচনত আমাৰ পদক্ষেপৰ বিষয়ে আলোচনা কৰিম । যাতে কেশৱ মহন্ত আৰু জিতু গোস্বামীক বিজয়ী কৰাব পাৰোঁ তাৰ আলোচনা কৰিম ।"

শেহতীয়াকৈ অসম চৰকাৰে চাহ বাগিচাসমূহত কৰ্মৰত চাহ শ্ৰমিকৰ বা বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে । তাৰ বহিঃপ্ৰকাশ ঘটাৰ ইংগিত দিলে চাহ মজদুৰ সংঘৰ নেতাজনে । অৱশ্যে তাৰ মাজতো একাংশ চাহ শ্ৰমিকে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰদৰ্শন কৰা দেখা গৈছে । কিন্তু সময়ে ক'ব কলিয়াবৰ আৰু বঢ়মপুৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা চাহ বাগিচাৰ ভোটাৰ কাৰ পক্ষত ভোট প্ৰদান কৰে !

লগতে পঢ়ক :

প্ৰাৰ্থীক জানো আহক : নাওবৈচা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ডাঃ হৰিকান্ত দাসৰ মনৰ কথা...