ETV Bharat / state

বিগত ৫ বছৰত চাহ বাগিচা অঞ্চলত উন্নয়ন হৈছে নে, কি কয় ডুৰুং চাহ বাগিচাৰ ভোটাৰে ?

যোৱা ৫ বছৰত চৰকাৰে গ্ৰহণ কৰা আঁচনি গৈ পাইছে নে চাহ বাগিচা অঞ্চলত ? অহা নিৰ্বাচনক লৈ কি আকাংক্ষা ভোটাৰৰ ?

Assam Assembly Elections 2026
ৰঙাপাৰাৰ ডুৰুং চাহ বাগিচাৰ ভোটাৰৰ মনৰ কথা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 26, 2026 at 11:56 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ : সমাগত বিধানসভা নিৰ্বাচন । শাসক-বিৰোধী উভয়ে নিৰ্বাচনৰ বাবে প্ৰস্তুতি জোৰদাৰ কৰিছে । নিৰ্বাচনৰ দিন ঘোষণা হ'বলৈ মাজত মাথোঁ কেইটামান দিন আছে । এই সময়তে চাহ বাগিচাৰ ভোটাৰসকলে বিগত সময়ছোৱাত চৰকাৰৰ পৰা কেনেধৰণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে কি কি আশা কৰিছিল ?

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অৰ্থাৎ ২০২৫ চনৰ শেষৰফালে অসমৰ ২০০ বছৰীয়া ঐতিহ্যৰ চাহ বাগিচাৰ শ্ৰমিকৰ বাবে আহিল এক আশাৰ খবৰ । অসম চৰকাৰে ঘোষণা কৰিলে চাহ শ্ৰমিকৰ বাবে ভূমিৰ পট্টা প্ৰদানৰ কাৰ্যসূচী । ইয়াৰ লগে লগে যেন চৰকাৰে সম্পূৰ্ণ কৰিলে নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকক দিয়া প্ৰতিশ্ৰুতি । কাৰণ চৰকাৰে অহা ১৩ মাৰ্চত প্ৰদান কৰিব ৮০০ খন চাহ বাগিচাৰ প্ৰায় ৩.৫ লাখ শ্ৰমিকক ভূমিৰ পট্টা ।

ৰঙাপাৰাৰ ডুৰুং চাহ বাগিচাৰ ভোটাৰৰ মনৰ কথা (ETV Bharat)

শোণিতপুৰ জিলাৰ ৰঙাপাৰা বিধানসভা সমষ্টিৰ ডুৰুং চাহ বাগিচাৰ ভোটাৰে জনালে তেওঁলোকৰ মনৰ কথা । চৰকাৰৰ পদক্ষেপক লৈ সুখী নে চাহ বাগিচাৰ শ্ৰমিকসকল ? আগন্তুক নিৰ্বাচনক লৈ কি আশা চাহ বাগিচাৰ ভোটাৰৰ ? এই সন্দৰ্ভত চাহ বাগিচাৰ একাংশ ভোটাৰে কয় যে বিগত ২০০ বছৰে নোহোৱা এটা কাম বিজেপি চৰকাৰে কৰি দিলে । সেইটো হৈছে শ্ৰমিকৰ ভূমিৰ পট্টা প্ৰদান । ইতিমধ্যে এই বিষয়ে নাম সন্নিবিষ্ট কৰি আছে । সেয়ে এগৰাকী শ্ৰমিকে চৰকাৰৰ এই পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰিছে ।

Durrung Tea Estate
ৰঙাপাৰাৰ ডুৰুং চাহ বাগিচাৰ শ্ৰমিক (ETV Bharat)

এগৰাকী শ্ৰমিকে কয়, "বিগত ৫ বছৰত চৰকাৰে যথেষ্ট কাম কৰিছে । বিশেষকৈ বাগিচাৰ ভিতৰুৱা পথৰ যোগাযোগ ব্যৱস্থা, বিজুলী সংযোগ সম্পূৰ্ণ হৈছে । লগতে ৰেচন কাৰ্ডৰ ব্যৱস্থা । ইয়াৰ ভিতৰত বহুতে লাভ কৰা নাই যদিও সেয়া পৰৱৰ্তী সময়ত নিশ্চয় সম্পূৰ্ণ হ'ব ।" অৰুণোদয় আঁচনিৰ অধীনত ধন লাভ কৰাৰ বাবেও সুখী একাংশ ভোটাৰ ।

Durrung Tea Estate
ৰঙাপাৰাৰ ডুৰুং চাহ বাগিচা (ETV Bharat)

এগৰাকী ভোটাৰে কয়, "মাটিৰ পট্টাৰ বাবে প্ৰপত্ৰ পূৰণ কৰা হৈছে । সেয়া পোৱা নাই যদিও পাম কিন্তু ইয়াৰ সমান্তৰালভাৱে আমাৰ যি বিশেষ অধিকাৰ সেয়া হৈছে চাহ বাগিচাৰ লোকে সম্পূৰ্ণৰূপে জনজাতীয় লোকৰ মৰ্যাদা লাভ কৰা নাই । সেয়া সম্পূৰ্ণ হ'লে আমি অতি সুখী হম । ৰেচন কাৰ্ডৰ লগতে পথৰ কাম যিসমূহ হোৱা নাই সেয়া পৰৱৰ্তী সময়ত সম্পূৰ্ণ কৰাৰ চৰকাৰে আশ্বাস প্ৰদান কৰিছে ।"

Durrung Tea Estate
ৰঙাপাৰাৰ ডুৰুং চাহ বাগিচা (ETV Bharat)

একাংশ মহিলা ভোটাৰে কয়, "চাহ বাগিচাৰ মাজত শ্ৰমিকৰ বাবে নাই কোনো শৌচাগাৰ । যাৰ বাবে মহিলাসকলৰ বাবে সমস্যাৰ সৃষ্টি হয় । বহুত লোকে আজিও অৰুণোদয় আঁচনি লাভ কৰা নাই । এখন গাঁৱত ৫ গৰাকীৰ নামত ৰেচন কাৰ্ড আহিছে যদিও দুজনৰ নাম কাটি দিছে । এই সমূহ হৈছে এটা ডাঙৰ সমস্যা ।" আনগৰাকী মহিলাই কয়, "প্ৰসূতি মহিলাই যথেষ্ট সুবিধা লাভ কৰিছে ।"

Durrung Tea Estate
ৰঙাপাৰাৰ ডুৰুং চাহ বাগিচা (ETV Bharat)

ভোটাৰসকলৰ মতে তেওঁলোকৰ যথেষ্ট সংখ্যকে বিজেপি চৰকাৰক লৈ সুখী । বিশেষকৈ বাগিচা অঞ্চলৰ বাট-পথ উন্নত হৈছে । বিভিন্ন আঁচনিৰ সুবিধা পাইছে । চৰকাৰী ঘৰ লাভ কৰিছে । ৰেচন কাৰ্ড পাইছে । কিন্তু এতিয়াও তেওঁলোকৰ মাজৰ একাংশই লাভ কৰা চৰকাৰী সুবিধা । আনকি স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতীক বিভিন্ন অসুবিধাৰ কথা জনাইও কোনো সুফল পোৱা নাই বুলি অভিযোগ কৰিছে । এতিয়া সময়েহে ক'ব চাহ বাগিচাৰ ভোটাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰঙাপাৰা সমষ্টিত কোনে মাৰিব শেষ হাঁহি ।

লগতে পঢ়ক :ভোটাৰে কি কয় : ৫ বছৰত ধেমাজি সমষ্টিত উন্নয়ন হৈছে নে ?