জনজাতিকৰণৰ দাবীত অটল টাইপা; চ্যুকাফা দিৱসত দিলে হুংকাৰ
৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ অসমৰ মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদনক লৈ সন্তুষ্ট নহয় টাই আহোম যুৱ পৰিষদ ।

Published : November 30, 2025 at 7:36 PM IST
মৰাণ : অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণক লৈ হোৱা ধাৰাবাহিক প্ৰতিবাদৰ পাছতে শনিবাৰে অসম বিধানসভাৰ অধিৱেশনৰ অন্তিম দিনত দাখিল কৰা হ'ল বিশেষ প্ৰতিবেদন । ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সদনত দাখিল কৰা হয় বহুচৰ্চিত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন । কিন্তু অসমৰ ৰাইজে বুজি পোৱাকৈ প্ৰতিবেদনখনক লৈ কোনো আলোচনা নহ'ল । যাক লৈ ৬ জনগোষ্ঠীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে ।
দীঘলীয়া এটা বিষয়ত অসমৰ মন্ত্ৰীগোটে কি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দিছে সেই বিষয়ে আলোচনা কৰাৰ প্ৰয়োজন আছিল বুলি বহুতে দাবী কৰাৰ সমান্তৰালভাৱে বহুতে চৰকাৰৰ এই পদক্ষেপক আদৰণিও জনাইছে । কিন্তু এই সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ সন্তুষ্ট নহয় টাই আহোম যুৱ পৰিষদ ।
ডিব্ৰুগড় জিলাৰ তিলৈৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় চ্যুকাফা দিৱসত অংশগ্ৰহণ কৰি টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰুদ্ৰসাগৰ বুঢ়াগোহাঁয়ে কয়, "৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোটে প্ৰতিবেদন দাখিলৰ পাছত বহুতে আনন্দ উল্লাস কৰিছে । এই প্ৰতিবেদনৰ জৰিয়তে ৬ জনগোষ্ঠীক বিভাজন কৰিবলৈ চেষ্টা কৰিছে । ৬ জনগোষ্ঠীক বিভাজন নকৰাকৈ জনজাতিকৰণ কৰিব লাগিব নহ'লে ২৬ৰ বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম । নিৰ্বাচনৰ আগত যদি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নহয় তেতিয়া হ'লে 'NO ST, NO Vote'ৰ পণ লোৱাৰ সিদ্ধান্ত লৈছোঁ । আন্দোলন চলি থাকিব । কিন্তু ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে কেইজনমান মন্ত্ৰীৰ উচটনিত একাংশই প্ৰতিবাদ সাব্যস্ত কৰিছে । ই অসমত অশান্ত পৰিৱেশৰ সৃষ্টি কৰিব । তাৰ বাবে কেবিনেট মন্ত্ৰীসকলেই জগৰীয়া হ'ব ।"

টাইপাৰ উদ্যোগত কেন্দ্ৰীয় চ্যুকাফা দিৱস :
বৰ অসমৰ ভেঁটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ শৌৰ্য-বীৰ্য পৰাক্ৰমক সুঁৱৰি ডিব্ৰুগড় জিলাৰ মৰাণত প্ৰতিবছৰৰ দৰে এইবাৰো টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ উদ্যোগত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় চ্যুকাফা দিৱস । টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত তথা মৰাণ মহকুমা আৰু মৰাণ আঞ্চলিকৰ উদ্যোগত দেওবাৰৰ পৰা ২ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এই চ্যুকাফা দিৱসৰ ।

৩ দিনীয়াকৈ অনুষ্ঠিত এই দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে পুৱা পতাকা উত্তোলন কৰা হয় । সন্ধিয়ালৈ ডাম চাও ভীমকান্ত বুঢ়াগোহাঁই (মামা) আৰু ডাম চাও মৌচম গগৈৰ সোঁৱৰণত দেহশ্ৰী প্ৰতিযোগিতা 'মিষ্টাৰ মৰাণ' আৰু অসম ভিত্তিত মুকলি দেহশ্ৰী প্ৰতিযোগিতা মিষ্টাৰ চুপাতফা (গদাধৰ সিংহ) অনুষ্ঠিত হয় । এই অনুষ্ঠানত টাই আহোম যুৱ পৰিষদে এইবাৰ শেষৰ দিনা অৰ্থাৎ ২ ডিচেম্বৰৰ দিনা ত্ৰিপুৰাৰ ১৮৬ সংখ্যক ৰজা প্ৰদ্যুৎ বিক্ৰম মাণিক্য দেৱ বৰ্মাক চাওল্যুং চ্যুকাফা বৰঅসম সমন্বয় বঁটা প্ৰদান কৰিব ।
লগতে পঢ়ক :ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : সদনত দাখিল হ'ল বহুচৰ্চিত মন্ত্রীগোটৰ প্ৰতিবেদন, নতুনকৈ আহিল এছ টি (ভেলী)

