ETV Bharat / state

জনজাতিকৰণৰ দাবী : নিৰ্বাচনৰ পূৰ্বে সঠিক উত্তৰ লাগে টাই আহোম সংগঠনক, অন্যথা…

বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ বিষয়টো আগবঢ়াবলৈ চৰকাৰক দাবী জনাইছে টাই আহোম সংগঠনে । ৩ মাৰ্চত এক বৈঠকত লোৱা হ'ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

ST demands
নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ বিষয়টো আগবঢ়াবলৈ চৰকাৰক দাবী টাই আহোম সংগঠনৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 28, 2026 at 9:31 PM IST

4 Min Read
Choose ETV Bharat

মৰাণ: প্ৰতিখন চৰকাৰে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নহ'ল । শেহতীয়াকৈ অসম বিধানসভাত জনজাতিকৰণক লৈ প্ৰতিবেদন দাখিল কৰিছিল অসম চৰকাৰে ।

৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰিলে যদিও সেই প্ৰতিবেদন কি পৰ্যায়ত আছে, সেই কথা ৰাজহুৱা হোৱা নাই । ফলত বিধানসভা নিৰ্বাচনলৈ মাজত কেইদিনমান থকা সময়ত জনজাতিকৰণক লৈ পুনৰ একত্ৰিত হৈছে আহোম জনগোষ্ঠীৰ ৮ টাকৈ সংগঠন ।

নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ বিষয়টো আগবঢ়াবলৈ চৰকাৰক দাবী টাই আহোম সংগঠনৰ (ETV Bharat)

মৰাণত শনিবাৰে আহোম জনগোষ্ঠীৰ ৮ টাকৈ সংগঠন একত্ৰিত হৈ এক আলোচনাত মিলিত হয় । ইয়াৰ পিছতে এক সংবাদমেল আয়োজন কৰি জনজাতিকৰণৰ ক্ষেত্ৰত মন্ত্ৰী গোটৰ প্ৰতিবেদন শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণৰ দাবী জনালে সংগঠনকেইটাই । সংবাদমেলত উল্লেখ কৰা অনুসৰি জনজাতিকৰণৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে আহোম জনগোষ্ঠীয়ে । পূৰ্বে যি স্থিতিত আছিল আজিও সেই স্থিতিতে আছে আহোম জনগোষ্ঠীৰ লোকসকল ।

আগন্তুক নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আহোম জনগোষ্ঠীৰ মাজত ত্ৰিপাক্ষিক আলোচনা নহ'লে যিকোনো পৰিস্থিতিৰ সৃষ্টি হোৱাৰ হুংকাৰ দিছে আহোম সংগঠনকেইটাই । জনজাতিকৰণৰ বিষয়টোক লৈ‌ ৩ মাৰ্চত শিৱসাগৰত আহোম জনগোষ্ঠীৰ এখন সভা অনুষ্ঠিত হ'ব । এই সভাতে আহোম জনগোষ্ঠীৰ ৰাইজৰ মতামত গ্ৰহণ কৰি পৰৱৰ্তী কাৰ্যসূচী লোৱাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনকেইটাই ।

সংবাদমেলত উপস্থিত থাকে টাইপা, আটাছু, আহোম সভা, আহোম জাতীয় মঞ্চ, ফুৰা লুং সংঘ, মহন দেউধাই বাইলুং সন্মিলন অসম, সাহিত্য সভা, মহন দেউধাই বাইলুং পণ্ডিত পৰিষদৰ বিষয়ববীয়াসকল । সংবাদমেলত সংগঠনকেইটাৰ নেতৃত্বই কয়, "আমি টাই আহোম জনগোষ্ঠীৰ যিকেইটা সংগঠনে প্ৰবল সংগ্ৰামৰ নেতৃত্ব বহন কৰিছিলোঁ, সেই গোটেই সংগঠনসমূহে আৰু জনগোষ্ঠীটোৱে এটা কথা কৈ আহিছিলোঁ যে যিকোনো প্ৰকাৰে ২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমাক জনজাতিকৰণ লাগিব । কেইটামান দিনৰ ভিতৰত অসম বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ সম্ভাৱনা আছে । গতিকে চৰকাৰে যদি পাহৰি গৈছে চৰকাৰক মনত পেলাই দিবৰ বাবে আজি এই সংবাদমেল সম্বোধন কৰা হৈছে । আজি বহু কেইটা দিশত আমি আলোচনা কৰিছোঁ । জনজাতিকৰণ যদি আমি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাপাওঁ তেতিয়া আমাৰ কি স্থিতি হ'ব, পোৱাৰ নিশ্চিতি পালে আমি কেনেধৰণে আগবাঢ়িম এইসমূহ কথা আজি আলোচনা হৈছে ।"

তেওঁলোকে লগতে কয়, "আমি বাৰম্বাৰ দাবী কৰি অহাৰ পিছত ২০১৯ চনত ৰাজ্যসভাত যিখন বিল উত্থাপন হৈছিল ৬ জনগোষ্ঠীক জনজাতিকৰণৰ‌ ক্ষেত্ৰত তাৰ আটাইতকৈ প্ৰয়োজনীয় দিশটো আছিল যে অসমৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন কেন্দ্ৰলৈ পঠিওৱাটো । বহু কাৰণত এইটো পিছুৱাই আছিল । ধাৰাবাহিকভাৱে কৰা আন্দোলনৰ ফলত শেহতীয়াকৈ যিখন অসম বিধানসভাত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰিলে আমি সকলোৱে উৎফুল্লিত হ'লো আৰু আদৰণি জনালোঁ । কাৰণ দীৰ্ঘদিনীয়া যিটো বিষয়লৈ ৰৈ‌ আছিলোঁ, সেয়া সমাধানৰ দিশলৈ আগবাঢ়ি গৈছিল । বৰ্তমানৰ সংসদৰ যি অধিৱেশন চলি আছে তাত আমি জনজাতিকৰণৰ বিধেয়কখন উত্থাপন হোৱাৰ প্ৰবল সম্ভাৱনা দেখা পাইছোঁ ।"

চৰকাৰী সকীয়নি প্ৰদান কৰি তেওঁলোকে কয়, "অসম বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হ'বলৈ‌ যিহেতু ১৫‌ দিনমানহে আছে, গতিকে এই সময়তে যাতে এই প্ৰতিবেদনখন কেন্দ্ৰ চৰকাৰলৈ যায়, সংসদত যাতে বিলখন উত্থাপন হয় তাৰ কাৰণে আজিৰ সভাই দাবী উত্থাপন কৰিছোঁ । এইক্ষেত্ৰত অসম চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ সৈতে টাই আহোম সংগঠনসমূহৰ এক ত্ৰিপাক্ষিক বৈঠক লাগে যাতে জনজাতিকৰণৰ বিষয়টোৰ আমি নিশ্চিতি লাভ কৰিব পাৰোঁ । টাই আহোম জনগোষ্ঠীৰ সমূহ সংগঠনৰ লগতে সৰ্বস্তৰৰ মানুহক প্ৰতিনিধিত্ব কৰি অহা ৩ মাৰ্চত শিৱসাগৰৰ‌ তলাতল ঘৰত ঘূৰণীয়া মেজমেল আয়োজন কৰিম । তাতেই পৰৱৰ্তী ৰণকৌশল তৈয়াৰ কৰিম ।"

লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবীৰে মটক ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ