জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত টাই-আহোমসকলৰ বৃহৎ প্ৰতিবাদ
টাই-আহোম জনগোষ্ঠীৰ দুই সহস্ৰাধিক লোকে তিনিচুকীয়াৰ ৰাজপথত জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।

Published : November 12, 2025 at 7:23 PM IST
তিনিচুকীয়া : জনজাতিকৰণৰ দাবীত উত্তাল উজনি-নামনি । অসমৰ ৬ জনগোষ্ঠী ক্ৰমে টাই-আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীয়ে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে । তাৰ মাজতে পুনৰ ৰাজপথলৈ ওলাই আহিল টাই-আহোমসকল ।
জনজাতিকৰণৰ দাবীত দুই সহস্ৰাধিক লোকে বুধবাৰে তিনিচুকীয়াৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে । "ন' এছ টি ন' ভোট, মৰিলেও মৰি যাম জনজাতি লৈ যাম, টাই আহোম ঐক্য জিন্দাবাদ, জনজাতিকৰণৰ নামত প্ৰতাৰণা নচলিব, অৰুণাচলত বসবাস কৰা আহোমসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰক, বিজেপি হায় হায়" আদি শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ।
টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, আহোম সভা, টাই-আহোম মহিলা পৰিষদ, টাই আহোম কলা-কৃষ্টি কেন্দ্ৰ, আহোম জাতীয় মহাসভাৰ লগতে টাই আহোম জনগোষ্ঠীৰ সকলো সংগঠনৰ উদ্যোগত তামোলবাৰী খেলপথাৰত একত্ৰিত হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে থানা চাৰিআলিলৈ প্ৰতিবাদী সমদলৰ আয়োজন কৰে । এই প্ৰতিবাদৰ জৰিয়তে সংগঠনসমূহে টাই আহোমক জনজাতিকৰণ প্ৰদান কৰা, আহোমসকলক মাটিৰ পট্টা প্ৰদান কৰা, অৰুণাচল প্ৰদেশত বসবাস কৰা টাই আহোমসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদানকে ধৰি কেইবাটাও দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । পৰৱৰ্তী সময়ত থানা চাৰিআলিত এখন প্ৰতিবাদী সভাৰ জৰিয়তে প্ৰতিবাদ সমাপ্ত কৰে ৷

প্ৰতিবাদী সভাৰ সময়ত সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে কয়, "বিজেপি দল শাসনলৈ অহাৰ প্ৰাকমুহূৰ্তত আমাক জনজাতিকৰণ প্ৰদান কৰাৰ আশ্বাস দিছিল, কিন্তু সেয়া কাৰ্যকৰী নকৰিলে ৷ কংগ্ৰেছ দলক যেনেকৈ আমি ওফৰাই পেলালোঁ ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে যদি টাই আহোমসকলক জনজাতিকৰণ প্ৰদান নকৰে তেন্তে বিজেপি দলকো তেনেকৈ ওফৰাই পেলাম । এতিয়া আমাৰ ৰাইজ জাগ্ৰত হৈ আছে । আমি আটাছুৰ লগতে আহোম জনগোষ্ঠীৰ সংগঠনসমূহে এটা মাত্ৰ আহ্বান জনাইছোঁ আৰু আজি হাজাৰ হাজাৰ লোক ওলাই আহিছে । গতিকে যিকোনো প্ৰকাৰে আমাক ২৫ নৱেম্বৰত জনজাতিকৰণৰ প্ৰসংগতো গৃহিত কৰিবই লাগিব ।"
লগতে পঢ়ক :জনজাতিকৰণৰ দাবীত বঙাইগাঁৱত বিশাল গণ সমাৱেশ কোচ ৰাজবংশীৰ

