ETV Bharat / state

ৰাজ্যজুৰি অসম আন্দোলনৰ শ্বহীদক স্মৰণ: বিভিন্ন প্ৰান্তত শ্বহীদ দিৱস পালন

ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণেৰে প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিন ১০ ডিচেম্বৰত প্ৰতিবছৰে পালন কৰা হয় শ্বহীদ দিৱস ।

Swahid divas
ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ দিৱস পালন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 10, 2025 at 6:38 PM IST

10 Min Read
Choose ETV Bharat

নিউজ ডেস্ক: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বুধবাৰে পালন কৰা হৈছে অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত শ্বহীদ দিৱস । আছুৰ উদ্যোগত প্ৰতিবছৰে ১০ ডিচেম্বৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছিল যদিও কিছু বছৰ পূৰ্বৰ পৰা অসম চৰকাৰেও চৰকাৰীভাৱে শ্বহীদ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰি অহা হৈছে ।

নগাঁৱত শ্বহীদ দিৱসত উচুপি উঠিল শ্বহীদৰ ভাতৃ

নগাঁও : অসম আন্দোলনৰ জীৱন্ত সাক্ষ্য বহন কৰা এগৰাকী শ্বহীদৰ ভাতৃৰ উচুপনি । অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুতিথিত সমগ্ৰ ৰাজ্যতে পালন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচী নগাঁও জিলা প্ৰশাসনৰ উদ্যোগতো দুদিনীয়াকৈ আয়োজন কৰা হয় ।

বৰপেটা-ধুবুৰী-জোনাইত শ্বহীদ দিৱস পালন (ETV Bharat Assam)

৯ ডিচেম্বৰৰ সন্ধিয়া জিলা আয়ুক্ত কাৰ্যালয় চৌহদত নাগাৰা নামৰ লগতে অসম আন্দোলনৰ স্মৃতি সজীৱ হৈ থকা আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হোৱাৰ পাছত ১০ ডিচেম্বৰত নগাঁৱৰ নেহৰুবালিত পালন কৰা হয় শ্বহীদ দিৱস । নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত জিলাখনৰ কেইবাগৰাকীও শ্বহীদৰ পৰিয়ালৰ লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি সম্বৰ্ধনা গ্ৰহণ কৰি এগৰাকী শ্বহীদৰ ভাতৃয়ে জাতিৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া ভাতৃক সুঁৱৰি উচুপি উঠে ই টিভি ভাৰতৰ কেমেৰাৰ সন্মুখত । অসম আন্দোলনৰ জীৱন্ত সাক্ষী শ্বহীদ ফুলছিং দাসৰ জ্যেষ্ঠ ভাতৃ কেৰকণ দাসে নেহৰুবালিত সম্বৰ্ধনা গ্ৰহণ কৰি শ্বহীদ ভাতৃক সুঁৱৰি উচুপি উঠে কেমেৰাৰ সন্মুখত ।

নিজ চকুৰ সন্মুখতে দুষ্কৃতিকাৰীৰ আক্ৰমণত ভাতৃক হত্যা কৰা বুলি ই টিভি ভাৰতৰ সন্মুখত ভয়ংকৰ ঘটনাৰ কিছু বিৱৰণ দি শ্বহীদ ফুলছিং দাসৰ ভাতৃ কেৰকণ দাসে কয়, “চেঙাজানত মই নিজেও মোৰ ভাতৃৰ সৈতে গৈছিলোঁ । কিন্তু মোৰ ভায়েকক বচাব নোৱাৰিলোঁ । একেলগে ১০-১১ জন গৈছিলোঁ । আমাৰ দলটো যেতিয়া আগুৱাই গৈছিল তেতিয়া সেইসকল আঁতৰি গুচি গ’ল । কিন্তু পাছফালে যিকেইজন আছিল সেইকেইজনে মোৰ ভায়েকক মাৰি পেলালে । হাতে হাতে লাঠি-জোং আদি লৈ আক্ৰমণ আৰম্ভ কৰিছিল । যাৰ ফলত মোৰ ভাতৃৰ মৃত্যু হৈছিল । ঘটনাটো মোৰ চকুৰ আগতে হৈছিল ।”

বুধবাৰে নগাঁৱৰ নেহৰুবালিত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত শিল্পী, ছাত্ৰ-ছাত্ৰীসহ দহ সহস্ৰাধিকে একেলগে পৰিবেশন কৰে ‘শ্বহীদ প্ৰণামো তোমাক’ গীতটি । শ্বহীদ দিৱসত অসম আন্দোলনৰ প্ৰতিগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ।

আনহাতে, নগাঁৱত অনুষ্ঠিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিগৰাকী শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মায়ো । নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত শ্বহীদ দিৱসত নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ চিকাৰীয়া, বিভাগীয় বিষয়াসকলৰ লগতে জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় লোকে অংশগ্ৰহণ কৰে ।

নগাঁও-নলবাৰীত শ্বহীদ দিৱস পালন (ETV Bharat Assam)

নলবাৰীৰ গৰ্ডনত ৩৫ টা শ্বহীদ পৰিয়ালৰ সদস্য আৰু নিৰ্যাতিতা পৰিয়ালৰ সদস্যক সম্বৰ্ধনা

নলবাৰী : অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদৰ ত্যাগক সন্মান জনাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে মহানগৰীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ শুভ উদ্বোধন কৰে । উক্ত কাৰ্যসূচী নলবাৰীতো ভাৰ্চুৱেলী ১৫ সহাস্ৰাধিক লোকে উপস্থিত থাকি উপভোগ কৰে ।

নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা, জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাস, জিলা আছু, জিলা যুৱ ছাত্ৰ পৰিষদৰ লগতে শ্বহীদ পৰিয়াল আৰু নিৰ্যাতিত পৰিয়ালৰ সদস্যসকল ।

Swahid divas
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আন্দোলনৰ শ্বহীদক স্মৰণ (ETV Bharat Assam)

অনুষ্ঠানত নলবাৰীৰ ৩৫ টাকৈ শ্বহীদ পৰিয়াল আৰু শতাধিক নিৰ্যাতিতা পৰিয়ালৰ সদস্যক সম্বৰ্ধনা জনোৱা হয় । তাৰ পিছতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত শ্বহীদ পৰিয়ালৰ সদস্যসকলৰ যদি ফটো সংৰক্ষিত হৈ আছে সেইবোৰ তেওঁলোকক জনাবলৈ আহ্বান জনায় ।

বৰপেটাত শ্বহীদ দিৱসত ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদলৈ গভীৰ শ্রদ্ধাঞ্জলি

বৰপেটা : ঐতিহাসিক অসম আন্দোলনত আত্মবলিদান দিয়া শ্বহীদসকলক সন্মান জনাই সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাতো জিলা পৰ্যায়ত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় শ্বহীদ দিৱস । বৰপেটাৰ ৰামৰায় ষ্টেডিয়ামত জিলা পৰিকল্পনা ৰূপায়ণ বিভাগৰ উদ্যোগত আৰু বৰপেটা জিলা প্রশাসনৰ সহযোগত আয়োজন কৰা শ্বহীদ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম ।

তেওঁ শ্বহীদ ভুবন দাস, নুৰুল ইছলাম, মনোৱাৰ আলী, মধু বৈশ্য, ৰজত ইজাদাৰ, কমলেশ্বৰ দাস, মহানন্দ দাস, ঠাকুৰ ওজা, গৰ্গেশ্বৰ পাঠক, জগদীশ মজুমদাৰ, অৰবিন্দ ডেকা, প্রিয়নাথ শর্মা, অমিয় নাথ, হৰপতি তালুকদাৰ, চিদানন্দ ডেকা, মহেন্দ্ৰ তালুকদাৰ আৰু উপেন দাস আদিৰ স্মৃতিস্তম্ভত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Swahid divas
ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ দিৱস পালন (ETV Bharat Assam)

ইয়াৰ পাছতে 'শ্বহীদ প্ৰণামো তোমাক' শীৰ্ষক গীতটো ছাত্ৰ-ছাত্ৰীকে ধৰি কেইবা হাজাৰ লোকে পৰিবেশন কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী ব্ৰহ্মই কয়, "আজিৰ দিনটো অসমীয়া জাতিৰ বাবে এটা স্বাভিমানৰ দিন । অসম আন্দোলনৰ ফলত হোৱা অসম চুক্তি সঠিকভাৱে ৰূপায়ণ হ'লে অসমখন বহুত আগবাঢ়ি যাব । কিন্তু সদিচ্ছাৰ অভাৱত চুক্তিখনৰ ৰূপায়ণ ইমান দিনে হোৱা নাছিল । বৰ্তমানৰ অসম চৰকাৰৰ উদ্যোগত চুক্তি ৰূপায়ণ বহুখিনি আগবাঢ়িছে ।"‌

মন্ত্ৰী ব্ৰহ্মই লগতে কয়, "অসম আন্দোলনৰ শ্বহীদসকলক মৰ্যাদা, সন্মান দিবই লাগিব । কাৰণ তেওঁলোকৰ বলিদানৰ ফলত সম্পাদিত হোৱা অসম চুক্তিৰ বাবে অসমে আজি বহুখিনি পাবলৈ সক্ষম হৈছে ।"

ধুবুৰীতো জিলা প্ৰশাসনৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন

ধুবুৰী : সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো বুধবাৰে শ্বহীদ দিৱস উদযাপন কৰা হয় । ধুবুৰী জিলা প্রশাসনৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ধুবুৰী চহৰৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ খেলপথাৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ, জিলা প্ৰশাসনৰ আমোলা-বিষয়া, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সান্যাল, ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা, বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত কুমাৰ ৰায়, অসম আন্দোলনৰ সক্ৰিয় কৰ্মী উদয়ন চক্ৰৱৰ্তী, বিশ্বজিৎ কলিতা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু স্থানীয় বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষাগুৰুসকল উপস্থিত থাকে । উক্ত অনুষ্ঠানৰ প্ৰথমতেই স্বহীদ বেদীত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণৰ লগতে শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ।

Swahid divas
ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ দিৱস পালন (ETV Bharat Assam)

শ্বহীদৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আয়ুক্ত দিবাকৰ নাথে । ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে কয়, "ধুবুৰী জিলাৰ ধুবুৰী, গোলকগঞ্জ আৰু বিলাসীপাৰাত আজি সুকলমে শ্বহীদ দিৱস পালন কৰা হয় । ধুবুৰী জিলাত ১১ টাকৈ শ্বহীদ পৰিয়ালৰ লোক আছে । সেই ১১ টা পৰিয়ালৰ লোকে আজি গুৱাহাটীত অনুষ্ঠিত শ্বহীদ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে ।"

উল্লেখ্য যে ধুবুৰীৰ এই শ্বহীদ দিৱসৰ কাৰ্যসূচীত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ দিৱসৰ পৱিত্ৰ ক্ষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদ স্মাৰক ক্ষেত্ৰৰ শুভ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয় । উদ্বোধনী কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মনোগ্ৰাহী বক্তব্যই ধুবুৰীৰ শ্বহীদ দিৱসৰ কাৰ্যসূচীত উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয় ।

উল্লেখ্য যে ধুবুৰীৰ শ্বহীদ দিৱসৰ কাৰ্যসূচীত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কালজয়ী গীত 'শ্বহীদ প্ৰণামো তোমাক' শীৰ্ষক গীতেৰে এহেজাৰগৰাকী শিল্পীয়ে জাতিৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায় । অনুষ্ঠানৰ অন্তত ৰাষ্ট্ৰীয় সংগীত পৰিবেশনকৰা হয় । আনহাতে, অসম গণ পৰিষদৰ ধুবুৰীস্থিত কাৰ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰা হয় ।

Swahid divas
ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ দিৱস পালন (ETV Bharat Assam)

জোনাইত অসম আন্দোলনত ভাগ লোৱা নিৰ্যাতিতা পৰিয়ালৰ ক্ষোভ

জোনাই : সমগ্ৰ ৰাজ্যৰ লগতে জোনাই সমজিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনৰ মুকলি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় 'শ্বহীদ দিৱস' । উক্ত অনুষ্ঠানত বিধায়ক ভুৱন পেগুৱে অংশগ্ৰহণ কৰি ভাষা, সংস্কৃতি আৰু জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে আত্মবলিদান দিয়া জাতীয় শ্বহীদসকলক স্মৰণ কৰি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

জোনাইত ৮৫৫ গৰাকী শ্বহীদক সন্মান জনাই শ্বহীদ দিৱস উদযাপন অনুষ্ঠানত অসম আন্দোলনৰ সময়ত নিৰ্যাতিতা জোনাইৰ একাংশ পৰিয়ালে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে । বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকাৰ সময়তেই অসম আন্দোলনৰ সময়ত নিৰ্যাতিতা হোৱা একাংশ পৰিয়াল তথা ব্যক্তিক চৰকাৰে ২ লাখকৈ এককালীন সাহায্য ঘোষণা কৰিছিল । কিন্তু আজিকোপতি এই সাহায্য লাভ নকৰাত এই শ্বহীদ দিৱসৰ দিনাই ক্ষোভ প্ৰকাশ কৰিছে জোনাইৰ একাংশ নিৰ্যাতিতা পৰিয়ালৰ লোকে ।

নিৰ্যাতিতা পৰিয়ালসকলক চৰকাৰে এককালীন সাহায্য ঘোষণা কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াত কেইবাবাৰো মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছিল যদিও আজি পৰ্যন্ত কোনো ধৰণৰ সঁহাৰি লাভ নকৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এইসকল জোনাইৰ একাংশ লোকে ।

Swahid divas
ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ দিৱস পালন (ETV Bharat Assam)

অনুষ্ঠানত জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু, জোনাই সমজিলা আয়ুক্ত আনন্দ মালহোত্ৰা, মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চন্দ্ৰমা দাস, সমাজসেৱক অতুল পেগু, মূৰ্কংচেলেক আঞ্চলিক পঞ্চায়তৰ সভাপতি মুক্তিনাথ পেগু, পূব জোনাই জিলা পৰিষদৰ সদস্য জয়ন্ত বৰিকে ধৰি জোনাই সমজিলাৰ বিষয়া-কৰ্মচাৰী তথা স্থানীয় ৰাইজ উপস্থিত থাকে ।

মাজুলীত শ্বহীদ দিৱস পালন

মাজুলী : সমগ্র অসমৰ লগতে মাজুলীতো জিলা প্ৰশাসনৰ উদ্যোগত শ্বহীদ দিৱস পালন কৰা হয় । উত্তৰ কমলাবাৰী সত্ৰৰ মুকলি প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এই শ্বহীদ দিৱসৰ কাৰ্যসূচী । শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

শ্বহীদ দিৱস উপলক্ষে মাজুলী জিলা আয়ুক্তই সংবাদ মাধ্যমৰ আগত কয়, "যি উদ্দেশ্য আগত ৰাখি অসম আন্দোলন হৈছিল, তাৰ যাতে আভাস এতিয়াৰে পৰা পাব পাৰে তাৰবাবে আজি এনেদৰে ছাত্র-ছাত্ৰীসকলক মাতি আনি চিত্ৰাংকন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ।"

ইফালে শ্বহীদ দিৱসৰ দিনটোতে মাজুলীৰ বিধায়কে পাহৰিলে কেইজন শ্বহীদ আছিল অসম আন্দোলনত । বিধায়ক ভুৱন গামে পাহৰিলে প্ৰকৃত শ্বহীদৰ সংখ্যা । বিধায়কজনৰ মতে ৭৬০ জন শ্বহীদ হৈছিল অসম আন্দোলনত ।

লগতে পঢ়ক :যিমানেই আৰ্থিক অৱস্থা বেয়া নহওক কিয় অচিনাকি ব্যক্তিক মাটি বিক্ৰী নকৰিব: মুখ্যমন্ত্ৰী
লগতে পঢ়ক :শ্বহীদ প্ৰণামো তোমাক ! বুধবাৰে মুকলি হ'ব 'শ্বহীদ স্মাৰক ক্ষেত্র'