ETV Bharat / state

ওড়িশাত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

ভাৰাঘৰৰ সমীপতে উদ্ধাৰ যুৱকজনৰ মৃতদেহ । মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ।

Assam youth mysterious death
ওড়িশাত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 26, 2026 at 8:42 PM IST

2 Min Read
Choose ETV Bharat

কটক (ওড়িশা) : ওড়িশাৰ কটক জিলাত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যুৰ খবৰ পোৱা গৈছে । কটকৰ অল্টপুৰ থানাৰ নিউ কলনীত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ । যুৱকজন ৰোহন কাকতি বুলি জানিব পৰা গৈছে । ছাদৰ পৰা পৰি যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে । স্বামী বিবেকানন্দ নেশ্যনেল ইনষ্টিটিউট অৱ ৰিহেবিলিটেচন ট্ৰেইনিং এণ্ড ৰিছাৰ্চত যোগদান কৰাৰ পিছত যুৱকজনে স্থানীয় অঞ্চলত সেৱা আগবঢ়াই আছিল ।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । কিন্তু এয়া হত্যা নে আত্মহত্যা সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই । অল্টপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নিউ কলনীৰ কবিতা কমপ্লেক্সৰ বাসিন্দা ৰোহন কাকতি বুধবাৰে ঘৰৰ পৰা উভতি আহিছিল আৰু তাৰ পিছতে বৃহস্পতিবাৰে পুৱা মৃত অৱস্থাত তেওঁক উদ্ধাৰ কৰা হয় ।

এই সন্দৰ্ভত ঘৰৰ মালিক বিশ্বজিৎ মহান্তিয়ে কয়, "অসমৰ বাসিন্দা ৰোহন কাকতিয়ে ২০২৫ চনৰ ১৫ আগষ্টৰ পৰা ইয়াত ভাৰাত আছিল । ১০ৰ পৰা ১২ দিন পূৰ্বে তেওঁ ঘৰলৈ গৈছিল আৰু কালি উভতি আহিছিল । কিন্তু আজি পুৱা কিছুমান লোকে মোক জনাই যে কাৰোবাৰ মৃতদেহ পৰি আছে । মই আহি দেখিলোঁ আৰু অল্টপুৰ আৰক্ষী থানাত খবৰ দিলোঁ । তাৰ পিছত অল্টপুৰ আৰক্ষী উপস্থিত হ'ল । তেওঁলোকে মৃতদেহটো উদ্ধাৰ কৰে আৰু পৰিয়ালক অৱগত কৰা হয় ।"

এই ঘটনা সন্দৰ্ভত কটকৰ আৰক্ষী বিষয়া বিজয় কুমাৰ মালিকে কয়, "অল্টপুৰ আৰক্ষীয়ে খবৰ পাইছিল যে নিউ কলনীৰ কবিতা কমপ্লেক্সৰ সমীপত অসমৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে । আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তেওঁৰ পৰিয়ালক অৱগত কৰে । পৰিয়ালৰ লোক আহি পোৱাৰ পিছতহে তদন্ত প্ৰক্ৰিয়া আৰু অধিক ক্ষিপ্ৰতৰ হ'ব । এই ঘটনা সন্দৰ্ভত অসমৰ যুৱকজনৰ এজন বন্ধুক সোধা-পোছা কৰা হৈছে । ফৰেনছিকৰ দলেও সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ।"

লগতে পঢ়ক :দিল্লীত অৰুণাচলৰ মহিলাক বৰ্ণবাদী নিৰ্যাতন চলোৱা দম্পতীক ন্যায়িক জিম্মালৈ