টীয়কত নৃশংসকাণ্ড : তেজেৰে লুতুৰি-পুতুৰি মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ
ঘৰৰ ভিতৰত উদ্ধাৰ এগৰাকী মহিলা আৰু ৬ বছৰীয়া কন্যাৰ মৃতদেহ । গুৰুতৰভাৱে আহত স্বামীক হাস্পতালত ভৰ্তি ।

Published : December 10, 2025 at 4:44 PM IST
টীয়ক/যোৰহাট : যোৰহাটৰ টীয়কৰ বলমা মৰাণ গাঁৱত চাঞ্চল্যকৰ ঘটনা । ঘৰৰ ভিতৰত উদ্ধাৰ এগৰাকী মহিলা আৰু কন্যাৰ মৃতদেহ । গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ হোৱা স্বামীক হাস্পতালত ভৰ্তি । ঘটনাক লৈ গাঁওখনত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।
কিন্তু পাৰিবাৰিক কন্দলৰ ফলত মহিলাগৰাকী আৰু ৬ বছৰীয়া কন্যাক পিতৃয়ে হত্যা কৰিলে নে, এই ঘটনাত আন কোনো লোক জড়িত আছে ? ইতিমধ্যে যোৰহাট আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।
ঘটনা বিৱৰণি অনুসৰি কল্যাণ কোঁৱৰ, তেওঁৰ পত্নী চুনচুনী কোঁৱৰ আৰু কন্যা সোণাক্ষী কোঁৱৰে সুখেৰে জীৱন যাপন কৰি আছিল । কিন্তু সেই সুখৰ সংসাৰত আহিল অমানিশা । এগৰাকী স্থানীয় লোকে ঘটনা সন্দৰ্ভত কয়,"যোৱানিশা ২ মান বজাত মই চিঞৰ বাখৰ শুনিছিলো । চুবুৰীয়া হিচাপে মই পৰিয়ালটোৰ মাজত কি হৈছে সুধিবলৈ আহিছিলোঁ । তেতিয়া কল্যাণ কোঁৱৰে একো নাই হোৱা বুলি মোক ঘূৰাই পঠায় দিয়ে । তাৰ পাছত পুৱা ঘৰৰ কোনো নুঠা দেখি আমি সন্দেহ কৰি গাঁওবুঢ়াক খবৰ দিলো । তাৰ পিছত ঘৰৰ দুৱাৰ ভাঙি আমি ভিতৰত প্ৰৱেশ কৰিলোঁ । ভিতৰত মাতৃ আৰু কন্যাৰ মৃতদেহ উদ্ধাৰ কৰিলোঁ । আন এটা কোঠাত ঘৰৰ মুৰব্বী কল্যাণ কোঁৱৰক আহত অৱস্থাত উদ্ধাৰ কৰিলোঁ ।"
জানিব পৰা মতে গুৰুতৰভাৱে আহত লোকজনক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে । আনহাতে মৃতদেহ দুটা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ।
ইফালে ঘটনা সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই কয়, "পুৱতি নিশা ২ মান বজাত চুবুৰীয়াই চুনচুনী কোঁৱৰ আৰু কল্যাণ কোঁৱৰৰ মাজত কাজিয়া লগা শুনা পাইছিল, সেই শব্দ শুনা পাই তেওঁলোক আহি খবৰ কৰাত কল্যাণ কোঁৱৰে ক'লে একো হোৱা নাই বুলি । কিন্তু পত্নীৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপালে স্থানীয় ৰাইজে । দিনৰ ভাগত বহু দেৰিলকৈ তেওঁলোকৰ ঘৰৰ দুৱাৰ বন্ধ হোৱাত স্থানীয় ৰাইজে সন্দেহ কৰি গাওঁ প্ৰধানক খবৰ দিয়ে আৰু ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজে ওপৰৰে জুমি চাই দেখে যে তেজেৰে লুতুৰি পুতুৰি হৈ মজিয়াত মাতৃ, কণমানি কন্যা পৰি আছে । ততাতৈয়াকৈ স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ।"
তেওঁ লগতে কয়, "আহত লোকজনৰ অৱস্থা সুস্থিৰ বুলি জানিব পাৰিছোঁ । ঘৰৰ ভিতৰত এখন তেজৰ দাগ লগা দা পোৱা গৈছে । কিন্তু ফৰেনচিকৰ দল আহি সকলো নমুনা সংগ্ৰহ কৰিব ।" স্থানীয় একাংশ লোকৰ মতে পেচাত মাংসৰ ব্যৱসায়ী কল্যাণ কোঁৱৰ কিছুদিনৰ পৰা কোনো ৰোগত আক্ৰান্ত হৈ আছিল । যাৰ বাবে মানসিকভাৱে হতাশগ্ৰস্ত হৈ নিজৰ পৰিয়ালটোকে শেষ কৰি দিলে বুলি সন্দেহ কৰিছে লোকসকলে । অৱশ্যে মঙলবাৰে নিশা আচলতে কল্যাণ কোঁৱৰৰ পৰিয়ালটোৰ মাজত কি হৈছিল ? যাৰ বাবে কণমানি কন্যাকে ধৰি মাতৃয়ে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল । আৰক্ষীৰ তদন্তৰ পিছতহে সকলো কথা স্পষ্ট হ'ব ।
লগতে পঢ়ক :শ্বহীদ পুত্ৰৰ স্মৃতি বুকুত বান্ধি জুপুৰীত উচুপিছে ১০৬ বছৰীয়া বৃদ্ধ পিতৃয়ে

