লাহৰিঘাটত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ আটক সৰবৰাহকাৰী
লাহৰিঘাট আৰক্ষীৰ বৃহৎ সফলতা ৷ টেঙাগুৰিত ড্ৰাগছসহ আটক অভিযুক্ত সৰবৰাহকাৰী জিয়াবুৰ ৰহমান ।

Published : June 18, 2026 at 1:40 PM IST
মৰিগাঁও : ৰাজ্যজুৰি অব্যাহত থকা নিচাজাতীয় সামগ্ৰী বিৰুদ্ধে তীব্ৰ অভিযানৰ মাজতে মৰিগাঁও জিলাৰ লাহৰিঘাটত আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । লাহৰিঘাট থানা আৰক্ষীৰ এটা দলে বুধবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰে ৷
ঘটনাৰ বিৱৰণি মতে, লাহৰিঘাটৰ টেঙাগুৰি নামৰ ঠাইত দীৰ্ঘদিন ধৰি নিষিদ্ধ ড্ৰাগছৰ এক বৃহৎ নেটৱৰ্ক সক্ৰিয় হৈ আছে বুলি আৰক্ষীয়ে খবৰ লাভ কৰিছিল ৷ এই খবৰৰ ভিত্তিতে লাহৰিঘাট আৰক্ষীৰ এটা দলে বুধবাৰে নিশা টেঙাগুৰিত এক অভিযান চলায় । অভিযানত আৰক্ষীয়ে এটা সৰবৰাহকাৰীক আটক কৰে ।

- ধৃত সৰবৰাহকাৰীৰ পৰিচয় আৰু জব্দকৃত সামগ্ৰী
আৰক্ষীৰ জালত পৰা এই ড্ৰাগছ সৰবৰাহকাৰীটো জিয়াবুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে । ধৃত জিয়াবুৰৰ জিম্মাৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ কণ্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, অভিযানকাৰী দলটোৱে জিয়াবুৰৰ পৰা ২০ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু ৪৫ টা খালী কণ্টেইনাৰ (যিবোৰ ড্ৰাগছ বিক্ৰীৰ বাবে মজুত ৰখা হৈছিল) জব্দ কৰে ।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিয়মানুসাৰে ওজন কৰাত জব্দকৃত নিষিদ্ধ ড্ৰাগছখিনিৰ মুঠ ওজন ৩০.২২ গ্ৰাম বুলি জানিব পৰা গৈছে । জব্দ কৰা এই ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কেইবা হাজাৰ টকা হ’ব বুলি অনুমান কৰা হৈছে ।

- আৰক্ষীৰ মন্তব্য
এই অভিযান সন্দৰ্ভত এগৰাকী আৰক্ষীয়ে কয়, ‘‘অঞ্চলটোৰ যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত থাকিব । জিয়াবুৰ ৰহমানক সোধা-পোছা কৰি এই চক্ৰটোৰ সৈতে জড়িত আন সৰবৰাহকাৰীসকলকো অতি সোনকালে কৰায়ত্ত কৰা হ’ব ।"
বৰ্তমান ধৃত জিয়াবুৰ ৰহমানক লাহৰিঘাট থানাত ৰাখি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । এই ড্ৰাগছৰ সৰবৰাহ ক’ৰ পৰা হৈছিল আৰু লাহৰীঘাট তথা ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ কোন কোন যুৱক ইয়াৰ ক্ৰেতা আছিল, সেই সন্দৰ্ভত আৰক্ষীয়ে তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে । স্থানীয় ৰাইজে আৰক্ষীৰ এই তৎপৰতাক প্ৰশংসা কৰাৰ লগতে অঞ্চলটো সম্পূৰ্ণৰূপে ড্ৰাগছমুক্ত কৰিবলৈ দাবী জনাইছে ।

