ETV Bharat / state

বৰপেটাত গৰজিল আৰক্ষীৰ বন্দুক, এনকাউণ্টাৰত আহত ড্ৰাগছ মাফিয়া

বৰপেটা জিলাত এনকাউণ্টাৰ । ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে চলালে গুলী ।

suspected drug smuggler was injured in Barpeta police firing
বৰপেটাত গৰজিল আৰক্ষীৰ বন্দুক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 16, 2025 at 11:23 AM IST

2 Min Read
Choose ETV Bharat

বৰপেটা : এইবাৰ বৰপেটাত গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক ৷ জানিব পৰা মতে, বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি ফুটালে গুলী ।

আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় বৰপেটা জিলাৰ মাইলকুছিৰ ৩২ বছৰীয়া আনোৱাৰ হুছেইন ৷ শনিবাৰে নিশা আৰক্ষীৰ হাতৰ পৰা আনোৱাৰ হুছেইনে পলাই যাবলৈ চেষ্টা কৰোতে বৰপেটা আৰক্ষীয়ে চলায় বন্দুক ৷ শনিবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই ঘটনাটো ।

বৰপেটাত গৰজিল আৰক্ষীৰ বন্দুক (ETV Bharat)

উল্লেখ্য যে, যোৱা ৬ নৱেম্বৰত তাৰাবাৰী আৰক্ষীয়ে এখন অ'ল্টো বাহনৰ পৰা ১১ টাকৈ সন্দেহযুক্ত হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিছিল ।আৰক্ষীৰ অভিযানত ড্ৰাগছ কঢ়িয়াই অনা বাহনখন এৰি পলায়ন কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীৰ দলটো ।

উক্ত ড্ৰাগছ সৰবৰাহৰ দলৰ লগত জড়িত থকাৰ অভিযোগত তাৰাবাৰী আৰক্ষীয়ে শনিবাৰে নিশা আটক কৰিছিল ড্ৰাগছ মাফিয়া হিচাবে অভিযুক্ত আনোৱাৰ হুছেইনক । আনোৱাৰ হুছেইনক জেৰা চলোৱাৰ পাছত তেওঁৰ ঘৰত ড্ৰাগছ থকা বুলি আৰক্ষীৰ আগত নিজেই স্বীকাৰোক্তি দিয়ে ।

বৰপেটা আৰক্ষীয়ে উল্লেখ কৰা মত, সেই স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ধৃত আনোৱাৰ হুছেইনক লগত লৈ তেওঁৰ ঘৰত থকা ড্ৰাগছ জব্দ কৰিবলৈ ৰাওনা হয় ৷ সেই সময়তে আদবাটতে ধৃত আনোৱাৰ হুছেইনে আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলায় ।

আনোৱাৰ হুছেইনে এগৰাকী আৰক্ষীক ঠেলা মাৰি পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে উপায়ন্তৰ হৈ আৰক্ষীয়ে তেওঁক লক্ষ্য কৰি গুলী চলায় । যাৰ ফলত আৰক্ষীৰ গুলী লাগে আনোৱাৰ হুছেইনৰ বাওঁ ভৰিত ৷ সম্প্ৰতি বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ আনোৱাৰ হুছেইন ।

অৱশ্যে তদন্তৰ খাতিৰত বৰ্তমানলৈকে (বাতৰি লিখা পৰলৈকে) সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ পৰা বিৰত আছে বৰপেটা আৰক্ষী ৷

লগতে পঢ়ক : কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰত নিহত সন্দেহযুক্ত নাছলা উগ্ৰপন্থী; উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ