বেলিফুলে সলালে নগাঁৱৰ ৰাজপথৰ ৰূপ
নগাঁও পৌৰসভাৰ প্ৰশংসনীয় পদক্ষেপ । বেলিফুলৰ মনোমোহা দৃশ্যই আকৰ্ষণ কৰিছে সকলোকে ।

Published : June 6, 2026 at 2:28 PM IST
নগাঁও : এসময়ত আছিল লেতেৰা আৱৰ্জনা আৰু দুৰ্গন্ধময় এক পৰিৱেশ । দুৰ্গন্ধৰ বাবে পদপথেৰে খোজকাঢ়ি গ'লেও সাধাৰণ পথচাৰী মাস্ক পিন্ধি যাবলগীয়া হৈছিল । কিন্তু নগাঁও চহৰখনক এক নতুন গতি প্ৰদানৰ উদ্দেশ্যে বিধায়ক ৰূপক শৰ্মাই পৌৰসভাৰ সহযোগত আৰম্ভ কৰা প্ৰচেষ্টাই আজি যথেষ্ঠ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । নগাঁও চহৰখনক স্বচ্ছতাৰ উপৰিও সৌন্দৰ্যবৰ্ধনৰ বাবে গ্ৰহণ কৰা পদক্ষেপে নগাঁওবাসীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । খোদ নগাঁৱৰ বাসিন্দাসকলে এই কথা স্বীকাৰ কৰিছে ।
প্ৰশাসনৰ এই প্ৰচেষ্টাই সফল ৰূপ পাইছে নগাঁও বিশ্ববিদ্যালয়ৰ সন্মুখত । চহৰখনৰ সৌন্দৰ্যবৰ্ধনৰ উদ্দেশ্যে নগাঁও পৌৰসভাই ৰোপণ কৰিছিল বেলিফুলৰ পুলি । চহৰখনৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা বেলিফুলৰ পুলিয়ে এতিয়া লৈছে পূৰ্ণাঙ্গ ৰূপ । চহৰৰ বিভিন্ন পদপথত সুন্দৰকৈ ফুলি উঠা বেলিফুলৰ নান্দনিক দৃশ্যই এতিয়া পথচাৰী, স্থানীয় লোক আৰু বিশেষকৈ নগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষিত কৰিছে ।
নগাঁও বিশ্ববিদ্যালয়ৰ সন্মুখৰ পদপথৰ কাষত ফুলি থকা বেলিফুলবোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । ফুলি থকা বেলিফুলৰ সুবাস আৰু সজীৱ সেউজীয়া পাতৰ সমাহাৰে পথচাৰীৰ মনত এক সজীৱতা আৰু প্ৰশান্তিৰ অনুভৱ জগাই তুলিছে । যিখন ঠাই এসময়ত আৱৰ্জনা আৰু দুৰ্গন্ধই সাধাৰণ লোকৰ বিৰক্তিৰ কাৰণ আছিল, সেই একে ঠাইতে এতিয়া বেলিফুলৰ সৌন্দৰ্যই এক নতুন পৰিৱেশ সৃষ্টি কৰিছে । এসময়ত সেই পথেৰে যাব নোৱাৰা পথচাৰীয়ে এতিয়া তাত ৰৈ ফুলৰ সৌন্দৰ্য উপভোগ কৰিছে আৰু মোবাইলত মনোমোহা দৃশ্য বন্দী কৰিছে ।

নগাঁও পৌৰসভাৰ এই উদ্যোগক এতিয়া প্ৰশংসা কৰিছে পথচাৰীয়ে । এই সন্দৰ্ভত নগাঁও বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে কয়, "প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ অহা-যোৱাৰ পথত বেলিফুলৰ এই দৃশ্যই আমাক এক সুন্দৰ অনুভৱ দিয়ে । পৌৰসভাৰ এই পদক্ষেপে চহৰখনক সেউজীয়া আৰু সুন্দৰ কৰি তুলিছে । বিশ্ববিদ্যালয়ৰ পৰা ওলাইয়ে আমি এক সুন্দৰ পৰিৱেশ দেখা পাওঁ ।"
আন পথচাৰীয়েও কয়, "আগতে এই অঞ্চলত থকা দুৰ্গন্ধই আমাক বিৰক্ত কৰিছিল । কিন্তু এতিয়া বেলিফুলৰ সৌন্দৰ্যই সকলো পৰিৱৰ্তন কৰিছে । বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত নগাঁও চহৰখন যথেষ্ট উন্নত হৈছে । সৌন্দৰ্যও বৃদ্ধি পাইছে ।"
পৌৰসভা কৰ্তৃপক্ষই জনোৱা মতে চহৰৰ পৰিৱেশৰ সুৰক্ষা আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে এই ধৰণৰ পদক্ষেপ অব্যাহত ৰখা হৈছে । বেলিফুলৰ উপৰিও আন আন ফুল আৰু গছ-গছনি ৰোপণ কৰি নগাঁৱক এক আদৰ্শ সেউজীয়া চহৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে ।

এই উদ্যোগে কেৱল পৰিৱেশৰ সুৰক্ষাই নহয়, চহৰবাসীৰ মাজত পৰিৱেশ সচেতনতা বৃদ্ধি কৰাতো সহায়ক হৈছে । অৱশ্যে পদপথত সুন্দৰলৈ ফুলি থকা ফুল ছিঙাৰ বিপৰীতে সুৰক্ষা কৰি ৰাখিবলৈও নগাঁওবাসীক আহ্বান জনাইছে নগাঁও পৌৰসভাই ।
অৱশ্যে পথচাৰীক এক নান্দনিক পৰিৱেশৰ আমেজ দিয়া ফুলবোৰ কোনোবাই ছিঙিলে বিপদত পৰিব বুলিও সকীয়াই দিছে নগাঁও পৌৰসভা কৰ্তৃপক্ষই । উক্ত স্থানত গোপন কেমেৰা সংস্থাপন কৰা বুলিও জানিব পৰা গৈছে ।
লগতে পঢ়ক :
আজিৰে পৰা তেজপুৰত লিচু উৎসৱ ২০২৬ আৰম্ভ: বিশ্ববজাৰলৈ নতুন যাত্ৰা

