অসমত এবছৰতে ৩,২০৩ টা ঘটনা: কিয় বৃদ্ধি পাইছে আত্মহননৰ প্ৰৱণতা ?
ৰাজ্যত চিন্তনীয় ৰূপত বৃদ্ধি পাইছে আত্মহননৰ ঘটনা । সমাজ ব্যৱস্থাত এক ভয়ানক ব্যাধিৰূপে পৰিগণিত এই মানসিকতা সন্দৰ্ভত বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ সঞ্জয় সিঙৰ ব্যাখ্যা ।

Published : June 16, 2026 at 8:00 PM IST
|Updated : June 16, 2026 at 8:14 PM IST
গুৱাহাটী: ৰাজ্যখনত একাধিক কাৰণত অতি চিন্তনীয় ৰূপত বৃদ্ধি পাইছে আত্মহননৰ ঘটনা । সমাজ ব্যৱস্থাত এক ভয়ানক ব্যাধিৰূপে পৰিগণিত হৈছে আত্মহননৰ মানসিকতা । ৰাজ্যখনত এটা বছৰতে আত্মহননৰ ৩,২০৩ টা ঘটনা সংঘটিত হৈছে । এই তথ্য নেচনেল ক্রাইম ৰেকৰ্ড ব্যুৰ' চমুকৈ এনচিআৰবিৰ ।
শেহতীয়াকৈ এনচিআৰবিয়ে ২০২৪ চনৰ তথ্য প্ৰকাশ কৰিছে । এনচিআৰবিয়ে ২০২৪ চনৰ ‘ক্রাইম ইন ইণ্ডিয়া' আৰু ‘এক্সিডেণ্টেল ডেথ এণ্ড ছুইচাইড ইন ইণ্ডিয়া' শীর্ষক দুখন প্রতিবেদন প্রকাশ কৰে । কেন্দ্ৰীয় সংস্থাটোৱে প্রকাশ কৰা আত্মহননৰ তথ্যই সকলোকে উদ্বিগ্ন কৰি তুলিছে ।
তথ্য অনুসৰি, সমগ্ৰ দেশৰ লগতে অসমতো আত্মহননৰ ঘটনা বৃদ্ধি পাইছে । ৰাজ্যখনত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা আত্মহননৰ ঘটনাৰ কাৰণ আৰু ইয়াৰ প্ৰতিৰোধৰ উপায় কি ? এই সকলো দিশ সামৰি এই বিশেষ প্ৰতিবেদন ।
এনচিআৰবিৰ তথ্য আৰু বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ সঞ্জয় সিঙৰে হোৱা ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।
আত্মহননৰ ঘটনা আৰু ইয়াৰ বিভিন্ন দিশ
ক'ভিড মহামাৰীৰ পাছৰ পৰা ৰাজ্যখনত উদ্বেগজনকভাৱে আত্মহননৰ ঘটনা বৃদ্ধি পোৱা সন্দৰ্ভত ডাঃ সঞ্জয় সিঙে কয়, "প্ৰথম কথা হৈছে যে আত্মহননৰ ফলত হোৱা মৃত্যুৰ ঘটনা প্ৰতিৰোধ কৰিব পৰা যায় । এনচিআৰবিৰ ২০২৪ চনৰ তথ্য চালে আমি দেখা পাওঁ যে এটা বছৰত ৰাজ্যখনত আত্মহননৰ ৩,২০৩টা ঘটনা সংঘটিত হৈছে । ইয়াৰ আঁৰত বহুত কাৰণ আছে । কিন্তু পাৰিবাৰিক কাৰণত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ ঘটনা সকলোতকৈ বেছি । ইয়াৰ সংখ্যা হৈছে ১৩৮৪টা ।"

তেওঁ লগতে কয়, "সমাজখনত সাংসাৰিক তথা পাৰিবাৰিক সমস্যা বহু পৰিমাণে বৃদ্ধি পাইছে । সেইদৰে প্ৰেমজনিত কাৰণত প্ৰায় ৬০০ লোকে আত্মহননৰ পথ বাছি লৈছে । আনহাতে, অৰ্থনৈতিক দুৰৱস্থাও আত্মহননৰ আন এটা অন্যতম কাৰণ । প্ৰায় ৬০০-৭০০ লোকে অৰ্থনৈতিক সংকটৰ বাবে আত্মহননৰ পথ বাছি লৈছে । তদুপৰি কৃষকৰ আত্মহনন, সংস্থাপন নাপাই শিক্ষিত যুৱক-যুৱতীৰ আত্মহনন আদি বিভিন্ন কাৰণ দেখিবলৈ পোৱা গৈছে ।"

ইয়াৰ উপৰি তেওঁ সংযোগ কৰে, "আনহাতে, পৰকীয়া প্ৰেম আৰু বিবাহ বিচ্ছেদ আদি কাৰণতো বহুতে আত্মহননৰ পথ বাছি লোৱা দেখা গৈছে । গতিকে আত্মহননৰ আঁৰত বহুকেইটা কাৰণ আছে । সেইদৰে লিভিং ৰিলেচনশ্বিপত ব্ৰেক হোৱাৰ পাছত আত্মহননৰ ঘটনা দেখিবলৈ পোৱা যায় । লিভিং ৰিলেচনশ্বিপ দুয়োজনৰ বুজাবুজিত হয় আৰু তাত পৰিয়ালৰ ভূমিকা বিশেষ নাথাকে । তেনেস্থলত ব্ৰেকডাউন হ'লে বহুতে হতাশাত ভোগে আৰু আত্মহননৰ সিদ্ধান্ত লয় ।"

আত্মহননৰ মানসিকতা আৰু ইয়াৰ লক্ষণ
এই সন্দৰ্ভত ডাঃ সঞ্জয় সিঙে কয়, "এজন মানুহৰ আত্মহননৰ প্ৰৱণতা গঢ় লৈ উঠাৰ পাছত মানুহজনৰ ক্ষেত্রত কেতবোৰ লক্ষণে দেখা দিয়ে । তেনে মানুহবোৰ সকলো সময়তে যথেষ্ট হতাশা-নিৰাশাত থাকে । সকলো সময়তে অসহায় অনুভৱ কৰিব আৰু সকলো সময়তে নেতিবাচক কথাবোৰ চিন্তা কৰিব । বহুতে হীনমন্যতাত ভোগে । আনহাতে, বহুতে পৰিয়াল নাইবা বন্ধুবৰ্গৰ পৰা নিলগত অৱস্থান কৰে । মানুহৰ আচৰণত ধৰিব পাৰি ।"

এই প্ৰসংগত তেওঁ লগতে কয়, "আনহাতে, গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এবাৰ আত্মহননৰ চেষ্টা কৰা এজন লোকে বাৰে বাৰে সেই চেষ্টা কৰিব পাৰে । গতিকে তেনে লোকক লৈ যথেষ্ট সাৱধান হ'ব লাগে । চিকিৎসা লৈ থাকিলেও সাৱধান হ'ব লাগে । কাৰণ যিকোনো সময়ত পুনৰ চেষ্টা কৰিব পাৰে । সেয়ে নিজৰ আপোনজনক নজৰত ৰাখিলেই সেই আচৰণবোৰ ধৰিব পাৰি ।"

কিদৰে প্ৰতিৰোধ কৰিব পাৰি
প্ৰতিৰোধ সন্দৰ্ভত ডাঃ সঞ্জয় সিঙে কয়, "আগতে উল্লেখ কৰা কাৰণবোৰ তথা আচৰণসমূহ প্ৰত্যক্ষ কৰিলে ব্যৱস্থা গ্ৰহণ কৰাটোৱেই হৈছে প্ৰতিৰোধ ব্যৱস্থা । যেতিয়াই তেনে আচৰণবোৰ প্ৰত্যক্ষ কৰা হয় তেতিয়া লগে লগে চিকিৎসকৰ কাষ চাপিব লাগে । কাৰণ আত্মহননৰ প্ৰৱণতা আহিলে সেই মানুহজনৰ আচৰণ আৰু ব্যৱহাৰত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় । সঠিক সময়ত কাউন্সেলিং আৰু চিকিৎসা পালে ৰোগী ৰোগমুক্ত হ'ব পাৰে । চিকিৎসাৰ লগতে ঘৰৰ মানুহৰ পূৰ্ণ সহযোগিতা লাগিব । চিকিৎসাৰ দ্বাৰা আত্মহননৰ চিন্তাক বাধা দিব পাৰি যদিও পৰিয়ালৰ লোকৰ কেয়াৰ লাগিব ।"
পূৰ্বৰ তুলনাত কমি আহিছে মানুহৰ ধৈৰ্য শক্তি
আত্মহননৰ প্ৰৱণতা সন্দৰ্ভত ডাঃ সঞ্জয় সিঙে কয়, "আগতে মানুহৰ জীৱনটো আজিৰ দৰে ইমান ফাষ্ট নাছিল । বৰ্তমান প্ৰতিযোগিতা বাঢ়িছে আৰু লগে লগে মানুহৰ উচ্চাকাংক্ষা বৃদ্ধি পাইছে । ব্যস্ততাপূৰ্ণ হৈ পৰিছে মানুহৰ জীৱন । প্ৰয়োজনীয়তা বহু বেছি বৃদ্ধি পাইছে । যাৰ প্ৰভাৱ মানসিক অৱস্থাৰ ওপৰত পৰিছে । মানুহৰ সম্পৰ্কৰ মাজত ব্যৱধান আহি পৰিছে ।"
তেওঁ লগতে কয়, "আগতে মানুহৰ ধৈৰ্যশক্তিটো বহুত বেছি আছিল । কিন্তু আজিকালি মানুহৰ ধৈৰ্যশক্তি কমি আহিছে । ফলত কোনো এটা সমস্যা বহন কৰিব নোৱৰা হৈছে । মানুহৰ জীৱনশৈলী পৰিৱৰ্তন হৈছে । স্বাস্থ্যসন্মত খাদ্যৰ কথাও আছে । আনহাতে, পৰিয়ালসমূহ সৰু হৈ অহাৰ লগে লগে সমস্যা বৃদ্ধি পাইছে । আগতে যৌথ পৰিয়াল থাকোতে কিবা সমস্যা হ'লে সকলোৱে মিলিজুলি সমাধান কৰিছিল । কিন্তু এতিয়া সকলো নিজক লৈয়ে ব্যস্ত ।"
একক পৰিয়ালৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, "পৰিয়ালবোৰ সৰু হৈ পৰাৰ লগে লগে সমস্যাৰ পৰিসৰ বৃদ্ধি হৈছে আৰু সকলোৰে বাবে ইয়াক বহন কৰাটো বহু সময়ত অসম্ভৱ হৈ পৰে । ফলত মনত বেয়া ধাৰণাৰ জন্ম হয় । মানুহৰ মাজত কথা পতাৰ পূৰ্বৰ পৰিৱেশ কমি আহিছে । বহুতো কাৰণ আছে মানুহৰ মানসিকতা সলনি হোৱাৰ আঁৰত । বৰ্তমান সময়ত প্ৰতি চাৰিজন মানুহৰ ভিতৰত এজন মানুহ কিবা নহয় কিবা মানসিক সমস্যাৰে জৰ্জৰিত ।"
এনচিআৰবিৰ উদ্বেগজনক তথ্য
এনচিআৰবিৰ শেহতীয়া ২০২৪ চনৰ তথ্য অনুসৰি, কেৰিয়াৰ বা বৃত্তিমূলক কাৰণত ৩৪ গৰাকীয়ে আত্মহননৰ পথ বাছি লৈছিল । ৰাজ্যখনত উক্ত বৰ্ষটোত ৫৫ গৰাকী শিক্ষার্থীয়েই আত্মহননৰ পথ বাছি লৈছিল । ইয়াৰ আঁৰত আছিল কেৰিয়াৰ অনিশ্চয়তা, পৰীক্ষাৰ বিফলতাৰ পৰা বিভিন্ন মানসিক চাপ ।
সেইদৰে প্ৰেমৰ বিফলতা অথবা প্রেমিক যুগলৰ মাজলৈ অহা সংঘাতৰ বাবে বছৰটোত ৫৩৪টা যৌৱনে অকালতে নিজক হেৰুৱাই পেলায় । প্রেম-সংঘাতৰ পৰিণতিত ২৫৫ জন যুৱক আৰু ২৭৯ গৰাকী যুৱতীয়ে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিল ।
আনহাতে, বছৰটোত দৰিদ্ৰতাৰ বাবে ৬৯৭ গৰাকী দিন হাজিৰা কৰা লোকে আত্মহননৰ পথ লোৱাৰ বিপৰীতে ৪৭ গৰাকী কৃষক-শ্রমিকেও আত্মহননৰ পথ বাছি লৈছিল ।
তথ্য মতে, বছৰটোত ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কাম কৰা ৩৫৩ জন লোকে আত্মহননৰ পথ বাছি লৈছিল । সেইদৰে শাৰীৰিক অসুস্থতাৰ বাবে বৰ্ষটোত ৩৩৮ গৰাকী লোকে মুক্তি পাবলৈও স্বেচ্ছাই নিজৰ জীৱন শেষ কৰি দিছিল । অৱশ্যে ইয়াৰে অধিকাংশই আছিল অর্থনৈতিকভাৱে অতি পিচপৰা অথবা তেওঁলোকৰ ৰোগ অনুসাৰে যুঁজিবলৈ সামর্থ্য নাছিল ।
লক্ষণীয় বিষয় যে উক্ত বছৰটোত ১২৫ গৰাকী শিক্ষিত নিবনুৱাই কর্মসংস্থাপনহীনতাৰ বাবে আত্মহননৰ পথ লোৱাৰ লগতে ঋণ পৰিশোধ কৰিব নোৱৰা আৰু দৰিদ্ৰতাৰ চিকাৰ হৈ ৪৭ গৰাকী লোকে নিজকে শেষ কৰি দিছিল ।
ৰাজ্যখনত সম্পৰ্কক লৈ কৰা সন্দেহৰ বশৱৰ্তী হৈ ১২৫ গৰাকী, অন্য বৈবাহিক সম্পৰ্কৰ বাবে ১৬২ গৰাকী, বিবাহ জটিলতাৰ বাবে ২৬৩ গৰাকী আৰু বিবাহ বিচ্ছেদৰ ঘটনাৰ বাবে ৪২৪ গৰাকীয়ে আত্মহননৰ পথ লৈছিল ।
তথ্য অনুসৰি, ৰাজ্যখনত ২০২৪ চনত আত্মহননৰ মুঠ ৩,২০৩ টা ঘটনাত ২,০৭৬ জন পুৰুষ আৰু ১,১২৭ গৰাকী মহিলাৰ মৃত্যু হৈছিল । উল্লেখ্য যে ক'ভিড মহামাৰীৰ আগতে অৰ্থাৎ ২০১৯ চনত ৰাজ্যখনত আত্মহননৰ ২,৩৭০ টা ঘটনা সংঘটিত হৈছিল । কিন্তু ক'ভিডৰ পাছৰ পৰা ৰাজ্যখনত আত্মহননৰ ঘটনা অতি চিন্তনীয় ৰূপত বৃদ্ধি পাব ধৰিছে ।

