হোৰাহোৰে বাঢ়িছে চেনিৰ মূল্য, দাম বাঢ়িলেও চেনিৰ কমা নাই গ্ৰাহক !
মিঠাতেল, চাউল আৰু পিঁয়াজৰ পাছত শেহতীয়াকৈ ৰাজ্যত চেনিৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি ৷ বৰ্তমান প্ৰতি কিলোগ্ৰাম চেনিৰ পাইকাৰী মূল্য ৬১ টকা ৷

Published : August 25, 2026 at 9:20 PM IST
গুৱাহাটী: ৰাজ্যত অত্যাৱশকীয়া সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷ মিঠাতেল, চাউল আৰু পিঁয়াজৰ পাছত শেহতীয়াকৈ চেনিৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ গ্ৰাহকক বিপাঙত পেলাইছে । উল্লেখ্য যে, চলিত বৰ্ষৰ প্ৰথম অৱস্থাত পাইকাৰী বজাৰত চেনিৰ মূল্য প্ৰতি কিলোগ্ৰামত ৪২ টকা আছিল ৷ কিন্তু বৰ্তমান পাইকাৰী বজাৰতে প্ৰতি কিলোগ্ৰাম চেনিৰ মূল্য ৬১ লৈ বৃদ্ধি পাইছে ।
মহানগৰীৰ নৰেণ পাঠক নামৰ খুচুৰা ব্যৱসায়ী এগৰাকীয়ে জনোৱা মতে, "চলিত বৰ্ষৰ জানুৱাৰীত পাইকাৰী বজাৰত প্ৰতি কিলোগ্ৰাম চেনিৰ মূল্য ৪২ টকা আছিলে । বৰ্তমান প্ৰতি কিলোগ্ৰাম চেনিৰ পাইকাৰী মূল্য ৬১ টকা । চেনিৰ লগতে চাউল, মিঠাতেল, ৰিফাইন, বিস্কুটৰ বিগত দুটা মাহৰ পৰা ব্যাপক হাৰত মূল্যবৃদ্ধি হৈছে ৷"

| মাহ | চেনিৰ পাইকাৰী দাম | চেনিৰ খুচুৰা দাম |
| জানুৱাৰী | ৪২ টকা | ৪৬ টকা |
| জুলাই | ৪৮ টকা | ৫৩ টকা |
| আগষ্ট | ৬১ টকা | ৬৬ টকা |
আনহাতে ফাঁচী বজাৰৰ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী পাইকাৰী ব্যৱসায়ীয়ে কয়, "আজিৰ তাৰিখত চেনিৰ পাইকাৰী মূল্য ৫৮-৫৯ টকা । মূল্যবৃদ্ধি হৈছে যদিও বিক্ৰীত কোনো প্ৰভাৱ পৰা নাই । কিয়নো চৰকাৰে চেনিৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ কিছুমান নীতি নিৰ্দেশনা দিছে । ডিষ্ট্ৰিউবিটৰ সকলে ৫৭ টকাতহে চেনি বিক্ৰী কৰিব পাৰিব । তদুপৰি ১০০ বস্তাত কৈ অধিক এজন মানুহে ক্ৰয় কৰিব নোৱাৰে । চৰকাৰে নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰিছে আৰু আমি চৰকাৰৰ পদক্ষেপক সহযোগ কৰিছো ।"

আনহাতে ফাঁচী বজাৰৰ নাম প্ৰকাশত অনিচ্ছুক চেনি ডিষ্ট্ৰিবিউটৰ এগৰাকীয়ে কয়, "বিগত এমাহৰ পৰা চেনিৰ দাম বৃদ্ধি হৈছে । চেনিৰ উৎসতেই মূল্য বৃদ্ধি হৈছে । আমি মহাৰাষ্ট্ৰৰ পৰা চেনি ক্ৰয় কৰো । আমাৰ পৰা অসমৰ বিভিন্ন ঠাইলৈ চেনি যায় । বিগত ১০ বছৰত চেনিৰ মূল্য বৃদ্ধি হোৱা নাছিল । কিন্তু আমাৰ ডিষ্ট্ৰিবিউটৰতে যোৱা এটা মাহৰ ভিতৰত প্ৰতি কিলোগ্ৰাম চেনিত ১০ টকাতকৈ অধিক বৃদ্ধি হৈছে ।"
তেওঁ লগতে কয়,"এমাহ পূৰ্বে ৪৫ টকা চেনিৰ মূল্য আছিল । পুনৰ চেনিৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । চেনিৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাটো চৰকাৰৰ নীতিৰ ওপৰত কথা । চৰকাৰে পদক্ষেপৰ ল'লে নিয়ন্ত্ৰণ হ'ব। চেনিৰ মূল্যবৃদ্ধি আনুসংগিক বহু কাৰণ আছে যদিও ইথানলেই চেনিৰ মূল্য বৃদ্ধিৰ মূল কাৰণ ।"
ইফালে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত ভাৰতীয় চেনিকল এছ’চিয়েশ্বন চমুকৈ ইছমাৰ উপ-সচিব মাধৱ বি শ্ৰীৰামে কৈছিল যে, কেইদিনমানৰ ভিতৰতে চেনিৰ বৰ্ধিত মূল্য পুনৰ হ্ৰাস পাব ৷ অচিৰেই প্ৰতি কিলোগ্ৰাম চেনিত প্ৰায় ৪৮-৫২ টকা দৰত উপলব্ধ হোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক:বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ ধেমাজিৰ ব্যক্তি; মুখ্যমন্ত্ৰীলৈ সহায়ৰ কাতৰ আহ্বান পৰিয়ালৰ

