ETV Bharat / state

গুৱাহাটীত পেট্ৰ'ল-ডিজেলৰ নাটনি হোৱা নাই, নহয় : ৰাইজক আতংকিত নহ’বলৈ আহ্বান জিলা আয়ুক্তৰ

পেট্ৰ’ল-ডিজেলৰ নাটনিৰ সন্দৰ্ভত ৰাইজক শংকিত নহ’বলৈ আহ্বান কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালৰ । গুৱাহাটীত পৰ্যাপ্ত ইন্ধন মজুত থকা বুলি জনালে জিলা আয়ুক্তগৰাকীয়ে ৷

Kamrup Metro DC Swapnil Paul
ৰাইজক আতংকিত নহ’বলৈ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 8:26 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: পেট্ৰ’ল-ডিজেলৰ নাটনি হোৱা বুলি ওলোৱা এটা খবৰে ৰাইজক চিন্তিত কৰি ৰাখিছে যদিও গুৱাহাটীত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল-ডিজেল মজুত আছে । গুৱাহাটীত থকা তিনিটা কোম্পানীৰ পেট্ৰ'ল পাম্পত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে বুলি বৃহস্পতিবাৰে সংবাদমেলযোগে জনাই কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালে ৷

পেট্ৰ’ল-ডিজেলৰ নাটনিৰ সন্দৰ্ভত ৰাইজক শংকিত নহ’বলৈ আহ্বান কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালৰ । বৃহস্পতিবাৰে পেট্ৰল' আৰু ডিজেলৰ নাটনি সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি তেওঁ কয়, ‘‘গুৱাহাটীত পেট্ৰ’ল আৰু ডিজেলৰ নাটনি হোৱা বুলি বুধবাৰৰ পৰা এটা বাতৰি বিয়পা দৃষ্টিগোচৰ হৈছে । এই বাতৰিৰ পাছত আমি তাৎক্ষণিকভাৱে গুৱাহাটীৰ পেট্ৰ’ল পাম্পসমূহ পৰিদৰ্শন কৰিছিলো । পেট্ৰ’ল পাম্পসমূহ পৰিদৰ্শন কৰি লাভ কৰা তথ্য অনুসৰি কামৰূপ মহানগৰ জিলাৰ কোনো পেট্ৰ’ল পাম্পত পেট্ৰ’ল আৰু ডিজেলৰ নাটনি হোৱা নাই । মই ব্যক্তিগতভাৱে কালি গুৱাহাটীৰ পেট্ৰ’ল পাম্প পৰিদৰ্শন কৰিছোঁ । কামৰূপ মহানগৰ জিলাত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল-ডিজেল মজুত আছে ।’’

ৰাইজক আতংকিত নহ’বলৈ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ (ETV Bharat Assam)

আয়ুক্তগৰাকীয়ে লগতে কয়, ‘‘গুৱাহাটীত তিনিটা কোম্পানীৰ পেট্ৰ’ল পাম্প আছে । বৰ্তমান গুৱাহাটীত IOCL ৰ 45 লাখ লিটাৰ পেট্ৰ’ল আৰু 65 লাখ লিটাৰ ডিজেল আছে মজুত আছে । আনহাতে HPCL ৰ 4 লাখ লিটাৰ পেট্ৰ’ল আৰু 18 লাখ লিটাৰ ডিজেল আছে মজুত আছে । সমান্তৰালভাৱে BPCL ৰ 25 লাখ লিটাৰ পেট্ৰ’ল আৰু 1 কোটি 6 লাখ লিটাৰ ডিজেল মজুত আছে । গতিকে যি স্থানৰ পৰা পেট্ৰ’ল পাম্পসমূহলৈ তেল আহে, তাত পৰ্যাপ্ত পৰিমানে ইন্ধন মজুত আছে । পেট্ৰ’ল-ডিজেলৰ কোনো ধৰণৰ সমস্যাই নাই, ৰাইজে মিছাতে শংকিত হৈছে । গুৱাহাটীত কোনো পেট্ৰ’ল পাম্প বন্ধ নহয় বা হোৱা নাই ৷ এয়া এক উৰাবাতৰি প্ৰচাৰ হৈছে । গুৱাহাটীত ৫ টা পেট্ৰ’ল পাম্প বন্ধ হৈছে বুলি এক খবৰ বিয়পিছে ৷ এয়া সম্পূৰ্ণ ভুল খবৰ । নিয়মীয়া পৰ্যবেক্ষণ আৰু তেল ভৰ্তিৰ বাবে কিছুসময়ৰ কাৰণে পেট্ৰ’ল পাম্পসমূহ বন্ধ কৰা হৈছিল । তেলৰ নাটনিৰ বাবে বন্ধ কৰা হোৱা নাছিল ।’’

লগতে ৰাইজক কোনো ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ আহ্বান জিলা আয়ুক্তগৰাকীৰ । ইফালে পেট্ৰ’ল-ডিজেলৰ যিকোনো সমস্যা সন্দৰ্ভত এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে জিলা প্ৰশাসনে । 1077 নম্বৰৰ জৰিয়তে পেট্ৰ’ল-ডিজেলৰ যিকোনো সমস্যা থাকিলে জনাব পাৰিব ৰাইজে । শুকুৰবাৰৰ পৰা এই নম্বৰত সুবিধা লাভ কৰিব পাৰিব । সমান্তৰালভাৱে ৰন্ধন গেছৰ সন্দৰ্ভতো কোনো নাটনি নাই হোৱা বুলি উক্ত সংবাদমেলযোগে অৱগত কৰে জিলা আয়ুক্ত স্বপ্নীল পালে । উল্লেখ্য যে, উক্ত সংবাদমেলত জিলা আয়ুক্তগৰাকীৰ লগতে উপস্থিত থাকে ভাৰতীয় তেল নিগমৰ মুখ্য মহাপ্ৰৱন্ধক অমৰজ্যোতি বৰদলৈ, মহাপ্ৰৱন্ধক অংশুমুদ্দিনৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আয়ুক্ত হেমন্ত ভূঞা ।

লগতে পঢ়ক:

তেলৰ নাটনি হোৱা নাই ! ৰাইজক উৰাবাতৰিত পতিয়ন নাযাবলৈ আহ্বান যোৰহাটৰ জিলা আয়ুক্তৰ