২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে শিক্ষাৰ্থীৰ লাগিব বেংক একাউণ্ট
২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশ ৷ শিক্ষাৰ্থীৰ থাকিব লাগিব বেংক একাউণ্ট নম্বৰ ৷

Published : August 16, 2026 at 5:22 PM IST
গুৱাহাটী : আগন্তুক ২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে । যিহেতুকে ২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।
তাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় শিক্ষা পৰিষদে সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ এক নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছে । পত্ৰখনত কোৱা হৈছে প্ৰ-পত্ৰ পূৰণৰ সময়ত প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে নিজৰ ব্যক্তিগত বেংক একাউণ্ট নম্বৰ দাখিল কৰিব লাগিব ।
নিৰ্দেশনাত কোৱা হৈছে যে, প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বেই দশম শ্ৰেণীত অধ্যয়নৰত সকলো ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত বেংক একাউণ্ট খোলাটো নিশ্চিত কৰিব লাগিব ৷ তাৰ বাবে বিদ্যালয়সমূহৰ মুৰব্বীক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰিবলৈ পৰিদৰ্শকসকললৈ নিৰ্দেশ দিছে পৰিষদে ৷
পৰিষদৰ সচিব নৰনাৰায়ণ নাথে স্বাক্ষৰ কৰা পত্ৰখনত উল্লেখ কৰা অনুসৰি, ২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্ভাব্যভাৱে অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ’ব । য’ত আবেদনকাৰীয়ে বেংক একাউণ্ট নম্বৰ প্ৰদান কৰাটো বাধ্যতামূলক হ’ব ।"
তেওঁ কয়, "আপোনালোকৰ জিলাৰ সমূহ প্ৰতিষ্ঠানৰ মূৰব্বীক নিৰ্দেশ দিওঁ যে প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগতে সকলো দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত বেংক একাউণ্ট খোলাটো নিশ্চিত কৰক, যদিহে এতিয়াও সম্পূৰ্ণ হোৱা নাই ৷ ২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ পূৰ্বেই শিক্ষাৰ্থীসকলে নিজৰ নামত বেংক একাউণ্ট খোলাটো নিশ্চিত কৰিব লাগিব ।"
২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সাম্ভাব্য প্ৰক্ৰিয়ালৈ মাজত মাত্ৰ কেইটামান দিন মাজতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই নিৰ্দেশনা প্ৰদান কৰিছে বিদ্যালয়ৰ মূৰব্বীসকললৈ ৷
লগতে পঢ়ক:কণ্ঠশিল্পী ৰূপাংকৃতা-অলংকৃতাৰ বিৰুদ্ধে এজাহাৰ; ইভেণ্ট মেনেজমেণ্টলৈ দোষ ঠেলিলে কণ্ঠশিল্পীদ্বয়ে

