মহানগৰীৰ শুকান, মৰাগছক লৈ চিন্তিত শিক্ষাৰ্থী
মহানগৰীৰ বিভিন্ন স্থানত আছে মৰা গছ । বিপদসংকুল গছক লৈ চিন্তিত মহানগৰীৰ সচেতন মহল ।

Published : June 14, 2026 at 4:10 PM IST
গুৱাহাটী: গুৱাহাটী মহানগৰীত সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ কথাক লৈ কোনো চৰকাৰী বিভাগ অথবা জনপ্ৰতিনিধি সজাগ নহয় ! চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবে শুকুৰবাৰে কালিপুৰত এজোপা প্ৰকাণ্ড শুকান গছ পৰি এগৰাকী ছাত্ৰীয়ে কৰুণ মৃত্যুক সাবতি লয় ! এই ঘটনাৰ পাছতেই চিন্তিত হৈ পৰিছে মহানগৰীৰ সচেতন নাগৰিকসকল ।
কিয়নো এতিয়াও মহানগৰীৰ বিভিন্ন স্থানত আছে মৰা গছ । বিপদসংকুলভাৱে পথৰ দাঁতিতে এই গছবোৰ আছে । শুকুৰবাৰে ঘটনা সংঘটিত হোৱা স্থানত কালিপুৰ, ভূতনাথত কেইবাজোপা গছ বিপদসংকুলভাৱে থকাৰ বিপৰীতে বেলতলা, বশিষ্ঠ, বিৰুবাৰী আদি অঞ্চলৰ লগতে বিভিন্ন স্থানত পথৰ দাতিত বিপদসংকুলভাৱে মৰা গছবোৰ আছে । শুকান গছ পৰি ছাত্ৰীগৰাকীৰ মৃত্যু হোৱাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে কয়, "যি ঘটনা সংঘটিত হ'ল সেয়া চৰকাৰৰ অপৰিকল্পিত উন্নয়নৰ ফল । গুৱাহাটীক স্মাৰ্ট চিটি বুলি কোৱা হয়, কোনোবাই পাৰ্পল চিটি বনোৱাৰ পৰিকল্পনা কৰে । কিন্তু তাত কোনোবাই নলাত পৰি, কৃত্ৰিম বানত উটি আৰু কোনোবা শুকান গছ পৰি মৰিছে ।"
ছাত্ৰীগৰাকীয়ে কয়, "আমাৰ যিবোৰ কাৰ্যক্ষম গছ আছে সেইবোৰ এফালৰ পৰা কাটি ধ্বংস যজ্ঞ পতা হৈছে আৰু যিবোৰ গছ বিপদজনক সেয়া কাটিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো মন কাণ নিদিয়ে । সঁচা অৰ্থত গুৱাহাটীৰ উন্নয়নৰ বাবে, নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীৰ জীৱন সুৰক্ষাৰ বাবে হাতে কামে কৰক । গুৱাহাটী পৌৰ নিগমে বিপদজনক গছবোৰ কটাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক ।"
এজন ছাত্ৰই কয়, "চৰকাৰৰ ভুলৰ বাবে সপোন লৈ গুৱাহাটীলৈ অহা ছাত্ৰীগৰাকীৰ মৃত্যু হ'ল । বিভাগীয় কৰ্তৃপক্ষৰ সাধাৰণ এটা ভুলৰ বাবে ছাত্ৰীগৰাকীৰ জীৱন শেষ হৈ গ'ল । য'ত গছ কাটিব লাগে সেইবোৰ গছ কটা নাই আৰু যিবোৰ কাটিব নালাগে । চৰকাৰখনে মূল সমস্যাবোৰৰ ওপৰত কাম নকৰি সাম্প্ৰদায়িক ৰাজনীতি কৰি থাকে বুলি মন্তব্য কৰে ।"
আনহাতে আছুৰ সভাপতি উৎপল শৰ্মাই সামাজিক মাধ্যমত এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে, "পৰীক্ষা দিবলৈ গৈ থকা অৱস্থাত এগৰাকী ছাত্ৰীৰ এনে অস্বাভাৱিক মৃত্যুক সমাজখনে সহজভাৱে লোৱা নাই, নোলোৱাই ভাল । পৰিস্মিতা হাজৰিকাৰ মৃত্যুক কেৱল দুৰ্ভাগ্যজনক ঘটনা আখ্যা দিলে অন্যায় হ’ব । এয়া এচাম দায়িত্বজ্ঞানহীন বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত অৱহেলাৰ কৰুণ পৰিণতি ।"
শৰ্মাই লগতে উল্লেখ কৰে, "বহুদিন ধৰি মৃত অৱস্থাত থিয় হৈ থকা গছজোপা জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত বহু আগতেই কাটি আঁতৰাব লাগিছিল । ৰে’ল বিভাগ আৰু পৌৰ নিগমে কিয় কাণসাৰ দিয়া নাছিল ? জবাব দিব লাগিব । এগৰাকী ছাত্ৰীৰ মৃত্যু দায় কেৱল ভাগ্যৰ ওপৰত জাপি দিব নোৱাৰি । গুৱাহাটীৰ বিভিন্ন স্থানত এনে বহু মৃত গছ, খোলা গাঁত আৰু বিপদজনক স্থান এতিয়াও জনসাধাৰণৰ বাবে মৰণফান্দ হৈ আছে । মানুহ মৰিলেহে সাৰ পায় চৰকাৰে, সক্ৰিয় হয় বিভাগ ।"
তেওঁ পুনৰ কয়, "পৰিস্মিতা হাজৰিকাৰ মৃত্যুৰ তদন্তৰ দাবী কৰিছোঁ । যাৰ নিৰ্ধাৰিত কৰ্তব্যৰ অৱহেলাই এগৰাকী ছাত্ৰীৰ জীৱন কাঢ়ি লৈ গ’ল সিঁহতে শাস্তি পাবই লাগিব । চৰকাৰে আহতজনৰ সুচিকিৎসাৰ ব্যৱস্থা কৰক, ক্ষতিপূৰণ দিয়ক । পৰিস্মিতাৰ পৰিয়ালটোৱেও পাব লাগিব ক্ষতিপূৰণ । এনে গাফিলতিৰ ক্ষমা নাই ।"

