তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা বৰ্জনৰ সন্দৰ্ভত আজি জৰুৰী বৈঠক
তীব্ৰ বিতৰ্ক অব্য়াহত থকা তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এইবাৰ বৰ্জন কৰিলে পৰীক্ষা ।

Published : December 9, 2025 at 8:17 AM IST
তেজপুৰ: বিগত ৮১ দিন ধৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্র, শিক্ষক আৰু অনাশৈক্ষিক সমাজে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভু নাথ সিঙৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ ঢৌ কিছু পৰিমাণে শাম কাটিলে যদিও এইবাৰ আৰম্ভ হৈছে পৰীক্ষা বৰ্জনৰ আন্দোলন । তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে মঙলবাৰে ছাত্র-ছাত্ৰীয়ে বৰ্জন কৰা পৰীক্ষা সন্দৰ্ভত এখন জৰুৰী বৈঠকৰ আহ্বান জনাইছে ।
এক জাননীত বিশ্ববিদ্যালয়খনৰ প্ৰতিটো সংস্থাৰ ৫ জনকৈ প্ৰতিনিধিক এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ উল্লেখ কৰা হৈছে । সকলো বিভাগৰ ডীন, বিভাগৰ মুৰব্বীৰ লগতে পঞ্জীয়ক,বিশ্ববিদ্যালয়ৰ শিক্ষক গোট,অনাশৈক্ষিক আৰু ছাত্র সমাজৰ মুঠ ৫জনকৈ প্ৰতিনিধিক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।
পূৰ্বতে দেওবাৰে বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে প্ৰবক্তা, বিভাগীয় ডীন সকলৰ লগত এখন অনলাইন বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে যে বিশ্ববিদ্যালয়ৰ ৮ আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া ছেমিষ্টাৰ পৰীক্ষা ছাত্র-ছাত্ৰীৰ তীব্ৰ মানসিক অশান্তি আৰু বিশ্ববিদ্যালয়ৰ শেহতীয়া পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে । পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত এই সিদ্ধান্ত অব্য়াহত থাকিব ।
ইতিমধ্যে ছাত্র-ছাত্ৰীয়ে শনিবাৰে নিশা প্ৰতিবাদৰ মাজতে এই পৰীক্ষা বৰ্জন ঘোষণা কৰিছিল । আনহাতে তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা প্ৰতিবাদৰ মাজতে গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপিকা জয়া চক্ৰৱৰ্তীয়ে সহ উপাচাৰ্য পদ সন্দর্ভত উত্থাপিত অভিযোগ আৰু ভুল বুজাবুজিৰ বিষয়ে শিক্ষক সকলক তেওঁৰ স্থিতি স্পষ্ট কৰিছে বুলি বিশ্ববিদ্যালয়ৰ সূত্ৰৰ তৰফৰ পৰা জানিব পৰা গৈছে । তেওঁ সহকর্মীসকললৈ প্ৰেৰণ কৰা এক লিখিত বাৰ্তাত উল্লেখ কৰে যে ব'ৰ্ড অৱ মেনেজমেণ্টৰ বৈঠকৰ আগতে তেওঁৰ পৰা কোনো ধৰণৰ সন্মতি লোৱা নাছিল । লগতে উপ পঞ্জীয়ক (সাধাৰণ প্ৰশাসন) উপ পঞ্জীয়ক (সাধাৰণ প্ৰশাসন)ৰ পৰা ফোন পাইহে তেওঁ ব'ৰ্ড অৱ মেনেজমেণ্টৰ সিদ্ধান্তৰ বিষয়ে অৱগত হৈছিল ।
জয়া চক্ৰৱৰ্তীয়ে কয় যে তেওঁৰ নামত কোনো চৰকাৰী আদেশ প্ৰকাশ কৰা হোৱা নাছিল আৰু তেওঁ কেতিয়াও এই পদ গ্ৰহণ কৰা নাছিল । জয়া চক্ৰৱৰ্তীয়ে স্পষ্টকৈ কয় যে তেওঁ এই পদৰ প্ৰতি আগ্ৰহী নহয় আৰু আজিও সেই সিদ্ধান্তত অটল আছে । প্ৰতিবাদ সন্দর্ভত জনাই যে তেজপুৰ বিশ্ববিদ্যালয় হৈছে তেওঁৰ সম্পূৰ্ণ শৈক্ষিক জীৱনৰ আধাৰ। বিভাগটোৰ আৰম্ভণিৰ সময়ছোৱাৰে পৰা তেওঁ জড়িত থকাৰ কথা উল্লেখ কৰি বিশ্ববিদ্যালয়ৰ সন্মান আৰু মৰ্যাদা পুনৰুদ্ধাৰৰ পক্ষে তেওঁ নিজৰ নৈতিক সমৰ্থন অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে ।
জয়া চক্ৰৱৰ্তীয়ে উপাচাৰ্য অধ্য়াপক শম্ভু নাথ সিঙৰ সৈতে ঘনিষ্ঠতাৰ অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰে আৰু তেওঁৰ সময়ছোৱাত বহু সময়ত বঞ্চনাৰ সন্মুখীন হোৱাৰ বিষয়ে জনায় । বৰ্তমান তেওঁ কঠোৰ নিৰীক্ষণৰ মুখামুখি হৈ মানসিকভাৱে আঘাত পোৱাৰ বিষয়ে অৱগত কৰে । ইয়াৰ মাজতে প্ৰথমবাৰৰ বাবে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ই-মেইল জৰিয়তে জনায় যে তেজপুৰ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড৹ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই ৪ ডিচেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে দায়িত্ব গ্ৰহণ কৰিছে । উপাচাৰ্য ড৹ শম্ভু নাথ সিঙৰ দীঘলীয়া অনুপস্থিতি আৰু উপাচাৰ্য কাৰ্যালয়ৰ অচলাৱস্থাৰ পৰিপ্ৰেক্ষিতত, লগতে বিশ্ববিদ্যালয় চৌহদত উদ্ভৱ হোৱা বৰ্তমান পৰিস্থিতি স্বাভাৱিক কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

