ETV Bharat / state

অধ্য়য়নৰ সমান্তৰালভাৱে শিক্ষাৰ্থীয়ে প্ৰস্তুত কৰিছে কলৰ চিপ্‌ছ, জৈৱিক চাবোন

কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্যমিতা বিকাশ কোষৰ অধীনত শিক্ষাৰ্থীৰ প্ৰশংসনীয় পদক্ষেপ ।

Kaliabor College Student self reliance
কলিয়াবৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে প্ৰস্তুত কৰা জৈৱিক চাবোন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 24, 2025 at 6:29 PM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ: অধ্য়য়নৰ সমান্তৰালভাৱে শিক্ষাৰ্থী আগবাঢ়িছে স্বাৱলম্বিতাৰ পথ মোকলাবলৈ । কেৱল অধ্য়য়নতেই ব্য়স্ত নাথাকি মহাবিদ্যালয়তেই শিকিছে স্বাৱলম্বী হোৱাৰ কৌশল । পাঠ্যপুথিৰ শিক্ষাৰ লগতে শিক্ষাৰ্থীসকলে যাতে ভৱিষ্যতে উৎপাদমুখী কাৰ্যৰ দ্বাৰা নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মহাবিদ্যালয়ত গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ ।

অধ্যয়নৰ মাজতে স্বাৱলম্বিতাৰ বাট মুকলি কৰিছে কলিয়াবৰ মহাবিদ্যালয়ৰ কেইগৰাকীমান শিক্ষাৰ্থীয়ে । কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্যমিতা বিকাশ কোষৰ অধীনত কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ।

কলিয়াবৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ স্বাৱলম্বিতাৰ নিদৰ্শন (ETV Bharat Assam)

কলৰ চিপ্‌ছ, জৈৱিক চাবোন, থলুৱা সামগ্ৰীৰে বিভিন্ন ধৰণৰ আচাৰ প্ৰস্তুত কৰি বিক্ৰীৰ ব্যৱস্থা কৰিছে শিক্ষাৰ্থীসকলে । বজাৰত উপলব্ধ আলুৰ চিপ্‌ছৰ বিপৰীতে ঘৰতে কাচকলৰ চিপ্‌চ প্ৰস্তুত কৰি উন্নতমানৰ পেকেজিঙৰে বজাৰত বিক্ৰীৰ বাবে প্ৰস্তুতি চলাইছে মহাবিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ অভিজিৎ মণ্ডলে । সমান্তৰালকৈ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ মুফাশ্বীৰ আলীয়ে ঘৰতে প্ৰস্তুত কৰিছে ভিন্ন ধৰণৰ জৈৱিক চাবোন । তদুপৰি, মহাবিদ্যালয়খনৰ স্নাতক মহলাৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী ৰিচামণি দাসে প্ৰস্তুত কৰিছে ভিন্ন ধৰণৰ আচাৰ ।

Kaliabor College Student self reliance
কলিয়াবৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে প্ৰস্তুত কৰা চিপ্‌ছ (ETV Bharat Assam)

কলিয়াবৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীসমূহ শীঘ্ৰে উপলব্ধ হ'ব বজাৰত। জখলাবন্ধাকে ধৰি কলিয়াবৰৰ সকলো বাণিজ্যিক স্থানত থলুৱাভাৱে প্ৰস্তুত কৰা সামগ্ৰীসমূহ বিক্ৰীৰ পৰিকল্পনা কৰিছে শিক্ষাৰ্থীসকলে । শিক্ষাৰ্থীসকলে প্ৰস্তুত কৰা সামগ্ৰীসমূহ অতি কম মূল্যত বজাৰত ক্ৰয় কৰিব পাৰিব আপুনি । অধ্যয়নৰ মাজতে আজৰি সময়ত ম'বাইল চাই সময় নষ্ট নকৰি নিজকে স্বাৱলম্বী কৰি তুলিবৰ বাবে শিক্ষাৰ্থীকেইগৰাকীয়ে গ্ৰহণ কৰা এনে পদক্ষেপক শলাগ লৈছে সকলোৱে ।

Kaliabor College Student self reliance
কলিয়াবৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে প্ৰস্তুত কৰা জৈৱিক চাবোন (ETV Bharat Assam)
Kaliabor College Student self reliance
কলিয়াবৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে প্ৰস্তুত কৰা কলৰ চিপ্‌ছ (ETV Bharat Assam)

কেৱল চৰকাৰী চাকৰি এটাৰ পিছতে দৌৰি ফুৰা নিবনুৱা যুৱক-যুৱতীসকলে কলিয়াবৰ মহাবিদ্যালয়ৰ এইকেইগৰাকী শিক্ষাৰ্থীৰ কৰ্মক অনুসৰণ কৰিলে নিশ্চয় উপকৃত হ'ব । এই সন্দৰ্ভত কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্যমিতা বিকাশ কোষৰ তত্বাৱধায়ক সহকাৰী অধ্যাপক ড৹ আৰতী বসুমতাৰীয়ে কয়,"মহাবিদ্যালয়ৰ উদ্যমিতা বিকাশ কোষৰ অধীনত আমাৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বিভিন্ন সামগ্ৰী উৎপাদন কৰি আছে । আমাৰ তিনিগৰাকী শিক্ষাৰ্থীয়ে প্ৰস্তুত কৰি উলিইছে জৈৱিক চাবোন, কলৰ চিপ্‌ছ, ভোট জলকীয়াৰ আচাৰ । আমি সামগ্ৰীসমূহ কলিয়াবৰৰ বিভিন্ন দোকানত বিক্ৰীৰ বাবে আগবঢ়াম । আমি সেয়ে ৰাইজক অনুৰোধ জনাওঁ, যাতে আমাৰ শিক্ষাৰ্থীয়ে প্ৰস্তুত কৰা সামগ্ৰীসমূহ ক্ৰয় কৰি তেওঁলোকক উৎসাহ যোগোৱাৰ লগতে মহাবিদ্যালয়ৰ এই প্ৰয়াস আগবঢ়াই নিয়াত সহযোগিতা আগবঢ়াব ।"

লগতে পঢ়ক:নানাৰঙী অৰ্কিডেৰে ভৰি আছে এইখন অসমৰে এখন মহাবিদ্যালয়

মটৰ চাইকেল কিনিবলৈ দিয়া টকাৰে গৌৰৱে কিনিলে ই-ৰিক্সা