পিতৃৰ কু-কাৰ্যত লগত জড়িত আছিল পুত্ৰও ! জগত সিঙৰ দুই পুত্ৰসহ এজন ফাৰ্মাচিষ্টক গ্ৰেপ্তাৰ
এজন ভণ্ড বেজে কেনেকৈ হত্য়াকাণ্ড সংঘটিত কৰিছিল সেয়া জানিলে আপোনাৰো শিহৰি উঠিব গাৰ নোম ।

Published : November 11, 2025 at 8:26 AM IST
যোৰহাট: পাচঁদিন পূৰ্বে তিতাবৰৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰী সন্ধানহীন হোৱাৰ পিচত কালি ছাত্ৰীগৰাকীৰ ৰহস্য়জনকভাৱে মৃতদেহ উদ্ধাৰ হোৱাত ঘটনাই লৈছে নতুন মোৰ । ছাত্ৰীগৰাকীক হত্য়া কৰি শৌচাগাৰৰ টেংকীত পেলাই দিছিল অভিযুক্তই । ইয়াৰ পিচতেই ভণ্ড বেজৰ বহুতো কুকাৰ্য পোহৰলৈ আহিবলৈ ধৰিছে ।
ইতিমধ্য়ে আৰক্ষীয়ে এই ঘটনাৰে জড়িত থকাৰ অভিযোগত ভণ্ড বেজ জগত সিঙৰ লগতে তেওঁৰ দুই পুত্ৰ আৰু এজন ফাৰ্মাচিষ্টক গ্ৰেপ্তাৰ কৰি তদন্ত অব্য়াহত ৰাখিছে । মূল অভিযুক্ত জগত সিঙৰ বিৰুদ্ধে PSCO আইনৰ লগতে ভাৰতীয় ন্য়ায় সংহিতাৰ কেইবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে । আনহাতে এই ঘটনাৰে জড়িত থকাৰ অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত তিতাবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ কুমাৰ দাসক ৰিজাৰ্ভ ক্ল’জ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা বুলি সদৰী কৰিছে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজিৎ বৰাই ।
ফাৰ্মাচিষ্টৰ সহায় লৈছিল অভিযুক্তই :
এই ঘটনা সন্দৰ্ভত জ্য়েষ্ঠ আৰক্ষী অধীক্ষক শুভ্ৰজিৎ বৰাই কয়," তিতাবৰৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ ছাত্রীগৰাকী নিৰুদ্দেশৰ হোৱাৰ অভিযোগ ৭ নৱেম্বৰত উত্থাপিত হোৱাৰ পিছত আমি তদন্ত আৰম্ভ কৰো । এই ঘটনাৰে জড়িত থকাৰ অভিযোগত সোধা পোছাৰ বাবে জগত সিঙক আটক কৰা হ'ল । প্ৰথম অৱস্থাত অভিযুক্ত জগত সিঙে আৰক্ষীক একো কথা অৱগত কৰা নাছিল; কিন্তু আমাৰ তদন্ত প্ৰক্ৰিয়া চলি থাকিল । এই সময়তে জগত সিঙে বিকল্প পন্থা গ্ৰহণ কৰিবলৈ বিচাৰিছিল; কিন্তু আৰক্ষীৰ প্ৰচেষ্টাত সেয়া সম্ভৱ নহ'ল । বিভিন্ন সূত্ৰৰ পৰা গম পাওঁ যে মূল অভিযুক্তজনে ছোৱালীজনীক চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল, লগতে তেওঁ এজন ফাৰ্মাচিষ্টৰ সহায় লৈছিল ।"
কেনেকৈ উদ্ধাৰ হ'ল মৃতদেহ ?
জ্য়েষ্ঠ আৰক্ষী অধীক্ষক পুনৰ কয়," আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ বন্ধুৰ সহায় লৈ গম পাইছিল যে যুৱতীগৰাকী অন্তঃসত্ত্বা আছিল । যিজন চিকিৎসকৰ তেওঁলোকে সহায় লৈছিল,তেওঁ ক'লে ছোৱালীগৰাকী ৬ ৰ পৰা ৭ মাহৰ অন্তঃসত্ত্বা আছিল । সেইখিনি শুনিহে আছিলো, আদালতত দিবৰ বাবে সম্পূৰ্ণ তথ্য নাছিল; কিন্তু দেওবাৰে নিশা ১০ বজাত অভিযুক্তজনে ছোৱালীজনীৰ লগত কৰা সকলো স্বীকাৰ কৰি বিৱৰণ দিয়ে । সোমবাৰে পুৱতি নিশা ৩.৩০ বজাৰ পৰা ৪ বজাৰ ভিতৰত অভিযুক্তটোৰ ঘৰৰ শৌচাগাৰৰ টেংকীৰ পৰা ছোৱালীজনীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ।"
ইতিমধ্যে এই ঘটনাৰে জড়িত থকাৰ অভিযোগত ভণ্ড বেজ জগত সিঙৰ লগতে তেওঁৰ দুই পুত্ৰ আৰু এজন ফাৰ্মাচিষ্টক গ্ৰেপ্তাৰ কৰা বুলি উল্লেখ কৰি অভিযুক্ত জগত সিঙৰ বিৰুদ্ধে PSCO আৰু হত্যাৰ দৰে দুটা শক্তিশালী ধাৰা আৰোপ কৰা হৈছে বুলিও কয় জ্য়েষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে । আনহাতে, ছাত্ৰীগৰাকীৰ বিষয়ে জানিও আৰক্ষীক অৱগত নকৰা বাবে ফাৰ্মাচিষ্টজনৰ বিৰুদ্ধেও PSCO আইনৰ অধীনত গোচৰ ৰজু কৰা হৈছে ।
জিলা আয়ুক্তৰ ন্য়ায়ৰ আশ্বাস :
আনহাতে এই সন্দৰ্ভত যোৰহাট জিলা আয়ুক্ত জয় শিবানীয়ে কয়, "অভিযুক্ত জগত সিঙৰ তিতাবৰস্থিত বাসগৃহত থকা আশ্ৰমৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰা হ'ব । শীঘ্ৰে আৰক্ষীয়ে এই ঘটনা তদন্ত কৰি অভিযোগনামা দাখিল কৰিব আৰু সোনকালে দুৰ্ভগীয়া ছাত্ৰীগৰাকীক ন্যায় প্ৰদান কৰিব । "

