ETV Bharat / state

'জ্ঞান আৰু কৰ্ম, ইয়ে আমাৰ মৰ্ম' শ্লোগানেৰে এখন বিদ্যালয়ৰ কৰ্মমুখী শিক্ষা

ৰবাব টেঙাৰ জুতি লৈ পথাৰত দাৱনীৰ ৰূপত এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী । পাঠ্যপুথিৰ জ্ঞানৰ সমান্তৰালভাৱে দিয়া হয় কৃষি সম্পৰ্কীয় শিক্ষা ।

Jorhat students paddy harvesting
ৰবাব টেঙাৰ জুতি লৈ দাৱনীৰ ৰূপত এখন বিদ্যালয়ৰ শিক্ষাৰ্থী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 14, 2025 at 1:42 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : যোৰহাটৰ এখন অগ্ৰণী বেচৰকাৰী শিক্ষানুষ্ঠান হৈছে চিনামৰা জাতীয় বিদ্যালয় । এই বিদ্যালয়খনে পাঠ্যপুথিৰ জ্ঞানৰ সমান্তৰালভাৱে শিক্ষাৰ্থীসকলক দি আহিছে কৃষি সম্পৰ্কীয় শিক্ষা ।

তাৰেই অংশ হিচাপে বিদ্যালয়খনৰ চাৰিসীমাৰ ভিতৰত থকা নিৰ্দিষ্ট ভূমিত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজে কৰি আহিছে ধানৰ লগতে খাৰিফ শস্যৰ খেতিও । শিক্ষাৰ্থীসকলক কৃষিকৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ধান খেতি কৰিছে বিদ্যালয়খনে । ইয়াত কৃষিকৰ্মত জড়িত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকল । এই কাৰ্যত সহযোগ কৰি আহিছে শিক্ষক-শিক্ষয়িত্ৰীসকলে ।

'জ্ঞান আৰু কৰ্ম, ইয়ে আমাৰ মৰ্ম' শ্লোগানেৰে এখন বিদ্যালয়ৰ কৰ্মমুখী শিক্ষা (ETV Bharat Assam)

তেওঁলোকে ভূঁইৰোৱা পৰ্বৰ পিছত এতিয়া বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি শিক্ষক সমাজে শুকুৰবাৰে অংশগ্ৰহণ কৰে ধানকটা তথা সোণগুটি চপোৱা কাৰ্যত । সকলোৱে আনন্দ-স্ফূৰ্তি কৰি, ৰবাব টেঙাৰ জুতি লৈ, গান গাই সোণগুটি চপোৱাত ব্যস্ত হৈ পৰে । এই বিদ্যালয়খনৰ এনে কাৰ্য এতিয়া সকলোতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

Jorhat students paddy harvesting
চিনামৰা জাতীয় বিদ্যালয় যোৰহাট (ETV Bharat Assam)

এই সম্পৰ্কত বিদ্যালয়খনৰ অধ্যক্ষ দিব্যজ্যোতি শৰ্মাই কয়, "জ্ঞান আৰু কৰ্ম, ইয়ে আমাৰ মৰ্ম, এই ধৰণৰ শ্লোগান আগত লৈ ২০০২ চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনে ২০২৫ বৰ্ষতো কৃষি সম্পৰ্কীয় সকলো কামত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক আগবঢ়াই লৈ যোৱা হৈছে । আহাৰ মাহত ভূঁইৰোৱা, কঠীয়া পৰা, কঠীয়া তোলা, মাটি চহোৱা আদিৰ লগতে জৈৱিক সাৰ কেনেদৰে প্ৰস্তুত কৰা হয় তাৰ ওপৰত ব্যৱহাৰিক শিক্ষাও দিয়া হয় শিক্ষাৰ্থীসকলক ।"

Jorhat students paddy harvesting
পথাৰত ৰবাব টেঙাৰ জুতি শিক্ষাৰ্থীৰ (ETV Bharat Assam)

লগতে তেওঁ কয়, "কৃষি পথাৰত ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰিৱৰ্তে জৈৱিক সাৰ প্ৰয়োগ কৰি কিদৰে কৃষিভূমিৰ গুণাগুণ বৰ্তাই ৰাখিব পাৰি আৰু বজাৰ, পথাৰ আমি কেনেদৰে ধৰি ৰাখিব পাৰোঁ তাৰ ওপৰতো তেওঁলোকক শিকোৱা হয় । আজি ধানদোৱা পৰ্ব মুকলি কৰে যুৱ উদ্যোগী আকাশ গগৈয়ে ।"

আনহাতে, চিনামৰা জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক কৃষি সম্পৰ্কীয় ব্যৱহাৰিক জ্ঞান দিয়া পদক্ষেপ লক্ষ্য কৰি সুখী অনুভৱ কৰা বুলি মত প্ৰকাশ কৰে যুৱ উদ্যোগী আকাশ গগৈয়ে ।

লগতে পঢ়ক :কোনেও নকৰা এটা ব্যতিক্ৰমী চিন্তা: এটকাও নিদিয়াকৈ গ্ৰন্থমেলাৰ পৰা লৈ যাব পাৰিব আপোনাৰ প্ৰিয় গ্ৰন্থখন
লগতে পঢ়ক :উমৰাংছ’ৰ আকাশে-বতাহে ৰুডি শ্বেলডাক আৰু ছিগাল পক্ষীৰ কলৰৱ