বনভোজলৈ খাবলৈ গৈ উভতি নাহিল ৯৪ শতাংশ নম্বৰ পাই উত্তীৰ্ণ হোৱা প্ৰজ্ঞাশ্ৰী
বাঘমৰালৈ গৈছিল বনভোজ খাবলৈ ৷ পিছলি পৰিল লুইতত ৷ তাৰ পিছত...

Published : January 2, 2026 at 6:48 PM IST
যোৰহাট : ২০২৫ বৰ্ষক বিদায় দি ২০২৬ ক আদৰি লোৱাৰ আনন্দত সকলোৱে মতলীয়া । ইংৰাজী নতুন বছৰত লগেভাগে এসাঁজ খোৱাৰ পৰিকল্পনাৰে বহুতেই ঢাপলি মেলিছে ৰাজ্য়ৰ বিভিন্ন ঠাইৰ বনভোজস্থলীলৈ ।
নতুন বছৰক আদৰাৰ এনে আনন্দৰ মাজতেই যোৰহাটত সংঘটিত হ'ল এক হৃদয় বিদাৰক ঘটনা । এগৰাকী মেধা সম্পন্ন কলেজীয়া ছাত্ৰীয়ে সকলোকে কন্দুৱাই চিৰদিনৰ বাবে গুচি গ'ল অজান দেশলৈ ।
ছাত্ৰীগৰাকীৰ নাম প্ৰজ্ঞাশ্ৰী ফুকন । যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় (বিশ্ববিদ্যালয়)ৰ ছাত্ৰীগৰাকীয়ে শুকুৰবাৰে পুৱাতেই সহপাঠী আৰু লগৰীয়াৰ সৈতে ওলাই গৈছিল বনভোজলৈ । যোৰহাট জিলাৰ সমীপৱৰ্তী এক মনোমোহা বনভোজস্থলী বাঘমৰালৈ গৈছিল ছাত্ৰীগৰাকী । মহাবাহুৰ গাতে লাগি থকা বাঘমৰাত সহপাঠীৰ সৈতে বনভোজ খাবলৈ যোৱাৰ সময়তেই দুৰ্ভাগ্য়জনকভাৱে ব্ৰহ্মপুত্ৰৰ পানীত পৰি সন্ধানহীন হৈ পৰে প্ৰজ্ঞাশ্ৰী ।

যোৰহাটৰ বঙালপুখুৰীৰ এইগৰাকী ছাত্ৰী কেনেদৰে মৃত্য়ুমুখত পৰিল সেই বিষয়ে উল্লেখ কৰি প্ৰজ্ঞাশ্ৰী ফুকনৰ মোমায়েকে কয়, "মোৰ ভাগিনে সহপাঠীৰ সৈতে ব্ৰহ্মপুত্ৰৰ কাষৰীয়া বাঘমৰাত পিকনিক খাবলৈ গৈছিল । খাদ্য প্ৰস্তুত কৰি থকা সময়তে প্ৰজ্ঞাশ্ৰীয়ে হঠাৎ ব্ৰহ্মপুত্ৰত পিছলি পৰে । কাষত থকা লোকসকলে তেওঁক উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ আনে যদিও ইয়াৰ পূৰ্বেই শেষ নিশ্বাস ত্য়াগ কৰে ।" যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কলা শাখাত অধ্যয়ন কৰি থকা প্ৰজ্ঞাশ্ৰী উত্তীৰ্ণ হৈছিল ৯৪ শতাংশ নম্বৰসহ ৷
উল্লেখ্য যে, বাঘমৰাৰ এই স্থানত বনভোজ খাবলৈ গৈ পূৰ্বতেও এনে ঘটনা সংঘটিত হোৱাৰ নজিৰ আছে । সেইবাবে এই বনভোজস্থলী প্ৰশাসনে বন্ধ কৰি দিছিল; কিন্তু সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰাৰ পিছত পুনৰ খুলি দিছিল প্ৰশাসনে । আজি সেই বনভোজস্থলীতেই এই দুৰ্ভাগ্য়জনক ঘটনাটো সংঘটিত হয় ।

