আচৰিত ! গোলাঘাটৰ মক্ৰং চাহ বাগিচাৰ ডাষ্টবিনত উদ্ধাৰ ছাত্ৰ মৃতদেহ
ডাষ্টবিনৰ পৰা উদ্ধাৰ হোৱা মৃতদেহ ছাত্ৰজন অচিন্ত ৰাজখোৱা বুলি জানিব পৰা গৈছে ৷

Published : June 14, 2026 at 8:19 PM IST
গোলাঘাট : দেওবাৰে গোলাঘাটৰ মক্ৰং চাহ বাগিচাৰ ৰাজহুৱা ডাষ্টবিনত উদ্ধাৰ এজন ছাত্ৰৰ মৃতদেহ ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ জানিব পৰা মতে, মৃত ছাত্ৰজন ফৰকাটিং চিনিয়ৰ চেকেণ্ডাৰী স্কুলত অধ্যয়নৰত আছিল ৷ নিহত ছাত্ৰজন অচিন্ত ৰাজখোৱা বুলি জানিব পৰা গৈছে ৷
ঘটনাৰ বিৱৰণি অনুসৰি, তিনিদিন পূৰ্বে ছাত্ৰজনে হোষ্টেলৰ পৰা ঘৰলৈ আহিছিল ৷ শনিবাৰে সন্ধিয়া বন্ধুৰ সৈতে অচিন্ত ৰাজখোৱা ওলাই গৈছিল । কিন্তু ছাত্ৰজন নিশা ঘৰলৈ উভতি অহা নাছিল ৷ ঘৰৰ ল’ৰা ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে মাতৃ । কিন্তু আচৰিত ধৰণে মক্ৰং চাহ বাগিচাৰ এটা ৰাজহুৱা ডাষ্টবিনত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ ।
পুত্ৰৰ মৃতদেহ দেখি কান্দোনত ভাগি পৰে মাতৃ ৷ কেনেকৈ অচিন্তৰ মৃত্যু হ’ল বা কোন এই ঘটনাৰ লগত জড়িত আছে তাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে ৷ পৰিয়ালৰ লোকে এয়া এক হত্যাকাণ্ড বুলি অভিহিত কৰে ৷
ঘটনাৰ সন্দৰ্ভত এগৰাকী স্থানীয় মহিলাই কয়, "নিশা ছাত্ৰ জনক হত্যা কৰি পেলাই থৈছে ৷ চৰকাৰে এই ক্ষেত্ৰত তদন্ত কৰিব লাগে, কিয়নো বহু কণ কণ শিশুক হত্যা কৰিছে দুৰ্বৃত্তই ।" উল্লেখ্য যে, নিহত অচিন্ত ৰাজখোৱাৰ পিতৃ কৰ্মসূত্ৰে বাহিৰত থাকে ।
আনহাতে অচিন্ত ৰাজখোৱাৰ সম্পৰ্কীয় লোকে কয়, "মক্ৰং চাহ বাগিচাৰ ৰাজহুৱা ডাষ্টবিনত মৃতদেহ উদ্ধাৰ হৈছে । ছাত্ৰৰ মৃতদেহ কেনেদৰে এই স্থানত উদ্ধাৰ হৈছে আমাৰ মনত এই প্ৰশ্ন উত্থাপন হৈছে । এতিয়া আৰক্ষীয়ে এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছো । ছাত্ৰৰ বন্ধু কেইজনক আৰক্ষীয়ে জেৰা কৰিব লাগে ৷"
ইফালে খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত ঘিলাধাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ লগতে আৰক্ষীয়ে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
লগতে পঢ়ক:কলগাছিয়া আৰক্ষীৰ জালত হত্যাকাণ্ডত অভিযুক্ত পিতা-পুত্ৰ, ৰাইজৰ প্ৰতিবাদ অব্যাহত

