ছাত্ৰই টিফিনত আনিলে গো-মাংস ! গোৱালপাৰাৰ বিদ্যালয়ত হাহাকাৰ
শ্ৰেণীকোঠাত নিষিদ্ধ মাংস ভক্ষণ কৰাক লৈ তীব্ৰ উত্তেজনা । আৰক্ষীৰ ওচৰ পালেগৈ সমগ্ৰ ঘটনা ।

Published : June 6, 2026 at 2:35 PM IST
|Updated : June 6, 2026 at 2:56 PM IST
গোৱালপাৰা: গোৱালপাৰা জিলাৰ কৃষ্ণাইত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । শ্ৰেণীকোঠাতে একাংশ ছাত্ৰই নিষিদ্ধ গো-মাংস ভক্ষণ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে । কেৱল এয়াই নহয় অভিযুক্ত ছাত্ৰকেইজনে আন সম্প্ৰদায়ৰ ছাত্ৰক নিষিদ্ধ মাংস খাবলৈ হেঁচা প্ৰয়োগ কৰাৰো অভিযোগ উঠিছে । এই ঘটনা পোহৰলৈ অহাৰ পিছতে বিদ্যালয়খনত একাংশ অভিভাৱকে প্ৰতিবাদ সাব্যস্ত কৰিছে । এইক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষক জবাবদিহি কৰাৰ লগতে অভিযুক্ত ছাত্ৰ আৰু অভিভাৱকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে ।
এই ঘটনাটো সংঘটিত হৈছে কৃষ্ণাইৰ হাব্ৰাঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত । প্ৰাপ্ত খবৰ অনুসৰি বিদ্যালয়খনৰ এটা শ্ৰেণীকোঠাৰ ভিতৰত এটা বিশেষ সম্প্ৰদায়ৰ ৫ গৰাকী ছাত্ৰই নিষিদ্ধ মাংস ভক্ষণ কৰিছিল । কেৱল ইমানেই নহয় অভিযুক্ত ছাত্ৰকেইজনে শ্ৰেণীকোঠাতে থকা আন দুগৰাকী আন সম্প্ৰদায়ৰ ছাত্ৰকো সেই মাংস খাবৰ বাবে তীব্ৰ মানসিক হেঁচা প্ৰয়োগ কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে । বিদ্যালয়ৰ দৰে পৱিত্ৰ স্থানত সংঘটিত এই স্পৰ্শকাতৰ ঘটনাটো সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে কৃষ্ণাই হাব্ৰাঘাট উচ্চ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ বিষয়টো গাপ দিবলৈহে চেষ্টা চলোৱাৰো অভিযোগ উত্থাপিত হৈছে ।
বিদ্যালয় কৰ্তৃপক্ষই প্ৰথম অৱস্থাত বিষয়টো লুকুৱাবলৈ চেষ্টা কৰিছিল যদিও ভুক্তভোগী ছাত্ৰ দুজনে ঘৰলৈ গৈ সমগ্ৰ ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰে । ইয়াৰ পিছতে ঘটনাটো পোহৰলৈ আহে আৰু অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।
ঘটনাৰ ভয়াৱহতা আৰু গুৰুত্ব অনুধাৱন কৰি ভুক্তভোগী ছাত্ৰৰ পৰিয়ালে ততালিকে কৃষ্ণাই আৰক্ষী থানাৰ কাষ চাপে । পৰিয়ালৰ লোকে ইতিমধ্যে এই সন্দৰ্ভত কৃষ্ণাই আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে দোষী ছাত্ৰৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈও স্থানীয় ৰাইজে দাবী জনাইছে ।
ইফালে ঘটনাৰ বিষয়ে জানিবলৈ বিদ্যালয়খনত আমাৰ সাংবাদিক উপস্থিত হয় । সাংবাদিকৰ আগত বিদ্যালয় কৰ্তৃপক্ষই কয়, "কালি নৱম শ্ৰেণীৰ কেইজনমান ছাত্ৰই টিফিনৰ সময়ত নিষিদ্ধ মাংস অনা বুলি গম পালোঁ । এজন শিক্ষকে কথাটো গম পোৱাত মোৰ ওচৰলৈ লৈ আহে । তাৰ পিছতে জ্যেষ্ঠসকলৰ সৈতে বহি বিষয়টো সন্দৰ্ভত ছাত্ৰকেইজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা কৰোঁ আৰু ভৱিষ্যতে যাতে এনে কাম নকৰে তাৰ প্ৰতিশ্ৰুতি লিখি স্বাক্ষৰ কৰি ল'লো । তাৰ পিছত ঘটনাৰ জটিলতাৰ কথা চিন্তা কৰি আমি গোটেই ষ্টাফ বহি আলোচনা কৰিলোঁ আৰু বিষয়টো যাতে গভীৰতালৈ নাযায় বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে তেওঁলোকক প্ৰথমবাৰৰ বাবে ক্ষমা কৰি দিলোঁ ।"
তেওঁ লগতে কয়, "আমি ভাবিছোঁ যে ইয়াত ছাত্ৰকেইজনৰো ভুল নাই বা আমাৰো ভুল হোৱা নাই । তেওঁলোকৰ অভিভাৱক সষ্টম থাকিব লাগিছিল । নিষিদ্ধ মাংস তেওঁলোকে স্কুলত পঠিয়াব নালাগিছিল । ছাত্ৰকেইজনে আন সম্প্ৰদায়ৰ ছাত্ৰক নিষিদ্ধ মাংস খুৱাই দিম বুলি কৈছিল ।" ঘটনাটোক লৈ এতিয়া অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে সকলো তথ্য পোহৰলৈ আহিব ।
লগতে পঢ়ক :
প্ৰসংগ জোনাইত লাউডস্পিকাৰত আজান: সামাজিক মাধ্যমত অপপ্ৰচাৰৰ অভিযোগ মছজিদ সমিতিৰ

