ETV Bharat / state

ড্ৰাগছ সেৱনকাৰীক কবৰস্থ কৰিব নিদিয়ে নগাঁৱৰ এখন মছজিদ কমিটীয়ে

ড্ৰাগছ, মদ, ভাং সেৱনকাৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ । নগাঁও জিলাৰ কচুৱাৰ দক্ষিণ জুৰিৰপাৰ জান্নাতুল ফেৰদৌজ জামে মছজিদ আৰু কবৰস্থান কমিটীৰ সিদ্ধান্ত ৷

Strict decision by the mosque committee against drugs addict in Kachuwa Nagaon
ড্ৰাগছ সেৱনকাৰীক কবৰস্থ নকৰে মছজিদ কমিটীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 22, 2026 at 5:33 PM IST

2 Min Read
Choose ETV Bharat

বঢ়মপুৰ: নিচাজাতীয় দ্ৰব্য়ৰ অবাধ প্ৰচলন বন্ধ কৰিবলৈ এইবাৰ মছজিদ আৰু কবৰস্থান কমিটীয়ে গ্ৰহণ কৰিলে এক ইতিবাচক পদক্ষেপ ।

সমাজত দ্ৰুতগতিত বৃদ্ধি পোৱা ড্ৰাগছ, মদ, ভাং সেৱনকাৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে নগাঁও জিলাৰ কচুৱাৰ দক্ষিণ জুৰিৰপাৰ জান্নাতুল ফেৰদৌজ জামে মছজিদ আৰু কবৰস্থান কমিটীয়ে ।

ড্ৰাগছ সেৱনকাৰীক কবৰস্থ নকৰে মছজিদ কমিটীয়ে (ETV Bharat Assam)

দক্ষিণ জুৰিৰপাৰ জান্নাতুল ফেৰদৌজ জামে মছজিদ আৰু কবৰস্থান কমিটীয়ে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ড্ৰাগছ, মদ, ভাং আদিৰ লগত জড়িত ব্যক্তিক কোনো কাৰণত কবৰস্থানত কবৰ দিব নিদিয়ে মছজিদ আৰু কবৰস্থান কমিটীয়ে । লগতে বাল্য বিবাহৰ বিৰুদ্ধেও কঠোৰ স্থিতি গ্ৰহণ কৰিছে মছজিদ আৰু কবৰস্থান কমিটীয়ে ।

এতিয়াৰে পৰা ড্ৰাগছ, মদ, ভাং আদিৰ লগত জড়িত ব্যক্তিৰ জানাজাত অংশগ্ৰহণ নকৰে মছজিদ আৰু কবৰস্থান কমিটীয়ে । এই সভাতে নিচা আদিৰ বিৰুদ্ধে যুঁজ দিবলৈ এখন এঘাৰজনীয়া কমিটি গঠন কৰা হয় ।

এই সম্পৰ্কত মছজিদ আৰু কবৰস্থান কমিটীৰ বিষয়ববীয়া হাজি ছহিদুল ইছলামে সাংবাদিকৰ আগত কয়," দক্ষিণ জুৰিৰপাৰ জান্নাতুল ফেৰদৌজ জামে মছজিদ আৰু কবৰস্থান কমিটী আৰু ৰাইজে নিচাৰ প্ৰচলন বন্ধ কৰিবলৈ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে । দক্ষিণ জুৰিপাৰ কবৰস্থানত কোনো ড্ৰাগছ ,মদ,ভাং সেৱন কৰা লোকক কবৰস্থ কৰা নহ'ব । লগতে বাল্য বিবাহ কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰা হ'ব ।"

গাঁওখনৰ এজন জ্য়েষ্ঠ ব্যক্তি আব্দুল বাৰিকে কয়, "মছজিদ কমিটী আৰু কবৰস্থান কমিটীয়ে মদ, ড্ৰাগছ, ভাং সেৱন কৰা ব্য়ক্তিৰ মৃত্যু হোৱাৰ পিছত আমাৰ কবৰস্থানত কবৰস্থ কৰা নহ'ব । লগতে সমাজত যি বাল্য বিবাহৰ প্ৰচলন চলি আছে,তাৰ বিৰুদ্ধে আমি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।"

লগতে পঢ়ক:নিচাৰ বিৰুদ্ধে ভাৰতৰ যুঁজ: পলম হোৱাৰ পূৰ্বেই স্কুল আৰু পৰিয়ালে গ্ৰহণ কৰিব লাগিব ব্যৱস্থা

মুছলমান-হিন্দু সম্প্ৰদায়ৰ মাজত গো-মাংসক লৈ বিশ্বাসভংগ? মঙলদৈত কোন হ'ল এঘৰীয়া?